--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদ বাতিল কৰাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বিদেশত বিবৃতি দিছে। আমেৰিকা ভ্ৰমণলৈ যোৱা ৰাহুল গান্ধীয়ে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত কয় যে তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে মানহানিৰ গোচৰত সৰ্বাধিক শাস্তি পোৱা আৰু লোকসভাৰ সদস্যপদ হেৰুৱাই পেলোৱা প্ৰথমজন ব্যক্তি হ’ব। ৰাহুলে আৰু কয় যে কিন্তু এই ঘটনাই ৰাজনৈতিকভাৱে মোক আৰু ডাঙৰ সুযোগ দিছে।

ভাৰত জোড়ো যাত্ৰাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ সমগ্ৰ বিৰোধীয়ে সংগ্ৰাম কৰি আছে।আমি এখন গণতান্ত্ৰিক যুদ্ধ কৰিবলৈ যুঁজি আছো। সেইবাবেই কেইমাহমানৰ আগতে আমি সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ কথা ভাবিছিলো।

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে ৰাহুল গান্ধী। ইয়াত তেওঁৰ তিনিখন চহৰত এটা অনুষ্ঠান আছে। এই ক্ৰমত তেওঁ বুধবাৰে (৩১ মে’) কেলিফৰ্ণিয়াৰ প্ৰতিষ্ঠিত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয়, য’ত তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰো দিছিল।

ৰাহুল গান্ধীয়ে কয় যে, ২০০০ চনত যেতিয়া তেওঁ ৰাজনীতিত যোগদান কৰিছিল, তেতিয়া তেওঁ এই পৰিস্থিতিৰ মাজেৰে পাৰ হ’ব বুলি ভবা নাছিল। ৰাজনীতিত যোগদানৰ সময়ত যি চিন্তা কৰা হৈছিল আৰু আজি যি চলি আছে সেয়া ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ পৃথক। সংসদৰ সদস্যপদ হেৰুৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এনে কিবা এটা সম্ভৱ বুলি তেওঁ কল্পনাও কৰা নাছিল। তেওঁ আৰু কয়, কিন্তু মই ভাবো ই মোক এটা ডাঙৰ সুযোগ দিছে। সম্ভৱতঃ মই পোৱা সুযোগতসমূহতকৈ বহুত ডাঙৰ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু