--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদ বাতিল কৰাৰ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বিদেশত বিবৃতি দিছে। আমেৰিকা ভ্ৰমণলৈ যোৱা ৰাহুল গান্ধীয়ে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এক কাৰ্যসূচীত কয় যে তেওঁ কেতিয়াও কল্পনা কৰা নাছিল যে মানহানিৰ গোচৰত সৰ্বাধিক শাস্তি পোৱা আৰু লোকসভাৰ সদস্যপদ হেৰুৱাই পেলোৱা প্ৰথমজন ব্যক্তি হ’ব। ৰাহুলে আৰু কয় যে কিন্তু এই ঘটনাই ৰাজনৈতিকভাৱে মোক আৰু ডাঙৰ সুযোগ দিছে।

ভাৰত জোড়ো যাত্ৰাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে ভাৰতৰ সমগ্ৰ বিৰোধীয়ে সংগ্ৰাম কৰি আছে।আমি এখন গণতান্ত্ৰিক যুদ্ধ কৰিবলৈ যুঁজি আছো। সেইবাবেই কেইমাহমানৰ আগতে আমি সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ কথা ভাবিছিলো।

বৰ্তমান আমেৰিকা ভ্ৰমণত আছে ৰাহুল গান্ধী। ইয়াত তেওঁৰ তিনিখন চহৰত এটা অনুষ্ঠান আছে। এই ক্ৰমত তেওঁ বুধবাৰে (৩১ মে’) কেলিফৰ্ণিয়াৰ প্ৰতিষ্ঠিত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত উপস্থিত হয়, য’ত তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ প্ৰশ্নৰ উত্তৰো দিছিল।

ৰাহুল গান্ধীয়ে কয় যে, ২০০০ চনত যেতিয়া তেওঁ ৰাজনীতিত যোগদান কৰিছিল, তেতিয়া তেওঁ এই পৰিস্থিতিৰ মাজেৰে পাৰ হ’ব বুলি ভবা নাছিল। ৰাজনীতিত যোগদানৰ সময়ত যি চিন্তা কৰা হৈছিল আৰু আজি যি চলি আছে সেয়া ইটোৱে সিটোৰ পৰা সম্পূৰ্ণ পৃথক। সংসদৰ সদস্যপদ হেৰুৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এনে কিবা এটা সম্ভৱ বুলি তেওঁ কল্পনাও কৰা নাছিল। তেওঁ আৰু কয়, কিন্তু মই ভাবো ই মোক এটা ডাঙৰ সুযোগ দিছে। সম্ভৱতঃ মই পোৱা সুযোগতসমূহতকৈ বহুত ডাঙৰ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে