--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্মাৰ্টফোনবিহীন ৩টা দিন‌ৰ কথা ভাবিব পাৰেনে আপুনি? মাত্ৰ ৭২ ঘণ্টাৰ বাবে এৰক হাতৰ‌ মোবাইল ফোনটো‌, সলনি হ’ব মগজুৰ কাম-কাজ। মানৱ মগজুক ভয়ংকৰভাৱে প্ৰভাৱিত কৰিছে স্মাৰ্টফোনে।

এক অধ্যয়নৰ তথ্য জানি তবধ মানিব আপুনিও। তিনিদিনৰ বাবে মোবাইল ফোন এৰি দিলে সলনি হৈ পৰিব আপোনাৰ জীৱনশৈলী, সুশৃংখলিত হ’ব ব্ৰেইনৰ এক্টিভিটী।


নিচাৰ দৰে আমাৰ জীৱন দখল কৰিছে আমাৰ হাতত থকা স্মাৰ্টফোনটোৱে। ফোনটোৰ অবিহনে বহুতৰ টোপনিও নাহে, মোবাইল ফোনটো আমাৰ জীৱনৰ যেন এটা অংশ হৈ পৰিছে৷

শিশু-কিশোৰৰ পৰা যুৱক-যুৱতী তথা প্ৰৌঢ়লৈকে স্মাৰ্টফোনৰ ব্যাপক ব্যৱহাৰ। শেহতীয়াকৈ কৰা এটা অধ্যয়নে দিছে অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী। মাত্ৰ তিনিদিনৰ বাবে স্মাৰ্টফোন এৰিলে আপোনাৰ মগজুৰ কাৰ্যকলাপত যথেষ্ট প্ৰভাৱ পৰিব পাৰে বুলি প্ৰকাশ পাইছে বিশেষ তথ্য।

জাৰ্মানীৰ হেইডেলবাৰ্গ বিশ্ববিদ্যালয় আৰু কলন বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা গৱেষণা ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ ২৫জন যুৱকক সামৰি চলোৱা হৈছিল৷

এই সময়ছোৱাত অংশগ্ৰহণকাৰীসকলক ৭২ ঘণ্টাৰ বাবে ফোন ব্যৱহাৰ সীমিত কৰিবলৈ কোৱা হৈছিল। গৱেষণাৰ কালছোৱাত কেৱল প্ৰয়োজনীয় কথা-বতৰা আৰু কামৰ অনুমতিহে দিয়া হৈছিল তেওঁলোকক৷

আপোনালোকে জানি আচৰিত হ’ব যে মাত্ৰ ৩ দিনৰ বাবে ফোন এৰিলে মগজুৰ বহু কামকাজ যোগাত্মক দিশত সলনি হ’ব পাৰে।‌ উল্লেখ্য যে গৱেষণাটোৰ অংশগ্ৰহণকাৰীসকলৰ এম আৰ আই স্কেন আৰু মানসিক পৰীক্ষা কৰা হৈছিল। ফলাফলসমূহে নিচা সম্পৰ্কীয় নিউৰ’ট্ৰান্সমিটাৰ ব্যৱস্থাৰ সৈতে জড়িত মগজুৰ সক্ৰিয়কৰণৰ পৰিৱৰ্তনৰ ইংগিত দিছিল।

অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে হ্ৰস্বম্যাদী স্মাৰ্টফোনৰ নিষেধাজ্ঞায়ো মগজুৰ কাৰ্যকলাপ সলনি কৰিব পাৰে৷ ইয়াৰ ফলত ডিজিটেল ডিভাইচে আমাৰ স্নায়ুৰ আৰ্হিক কেনেদৰে প্ৰভাৱিত কৰে তাৰো এক প্ৰতিফলন হিচাপে বিবেচিত হৈছে এই অধ্যয়ন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ