--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্মাৰ্টফোনবিহীন ৩টা দিন‌ৰ কথা ভাবিব পাৰেনে আপুনি? মাত্ৰ ৭২ ঘণ্টাৰ বাবে এৰক হাতৰ‌ মোবাইল ফোনটো‌, সলনি হ’ব মগজুৰ কাম-কাজ। মানৱ মগজুক ভয়ংকৰভাৱে প্ৰভাৱিত কৰিছে স্মাৰ্টফোনে।

এক অধ্যয়নৰ তথ্য জানি তবধ মানিব আপুনিও। তিনিদিনৰ বাবে মোবাইল ফোন এৰি দিলে সলনি হৈ পৰিব আপোনাৰ জীৱনশৈলী, সুশৃংখলিত হ’ব ব্ৰেইনৰ এক্টিভিটী।


নিচাৰ দৰে আমাৰ জীৱন দখল কৰিছে আমাৰ হাতত থকা স্মাৰ্টফোনটোৱে। ফোনটোৰ অবিহনে বহুতৰ টোপনিও নাহে, মোবাইল ফোনটো আমাৰ জীৱনৰ যেন এটা অংশ হৈ পৰিছে৷

শিশু-কিশোৰৰ পৰা যুৱক-যুৱতী তথা প্ৰৌঢ়লৈকে স্মাৰ্টফোনৰ ব্যাপক ব্যৱহাৰ। শেহতীয়াকৈ কৰা এটা অধ্যয়নে দিছে অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী। মাত্ৰ তিনিদিনৰ বাবে স্মাৰ্টফোন এৰিলে আপোনাৰ মগজুৰ কাৰ্যকলাপত যথেষ্ট প্ৰভাৱ পৰিব পাৰে বুলি প্ৰকাশ পাইছে বিশেষ তথ্য।

জাৰ্মানীৰ হেইডেলবাৰ্গ বিশ্ববিদ্যালয় আৰু কলন বিশ্ববিদ্যালয়ৰ গৱেষকে কৰা গৱেষণা ১৮ৰ পৰা ৩০ বছৰ বয়সৰ ভিতৰৰ ২৫জন যুৱকক সামৰি চলোৱা হৈছিল৷

এই সময়ছোৱাত অংশগ্ৰহণকাৰীসকলক ৭২ ঘণ্টাৰ বাবে ফোন ব্যৱহাৰ সীমিত কৰিবলৈ কোৱা হৈছিল। গৱেষণাৰ কালছোৱাত কেৱল প্ৰয়োজনীয় কথা-বতৰা আৰু কামৰ অনুমতিহে দিয়া হৈছিল তেওঁলোকক৷

আপোনালোকে জানি আচৰিত হ’ব যে মাত্ৰ ৩ দিনৰ বাবে ফোন এৰিলে মগজুৰ বহু কামকাজ যোগাত্মক দিশত সলনি হ’ব পাৰে।‌ উল্লেখ্য যে গৱেষণাটোৰ অংশগ্ৰহণকাৰীসকলৰ এম আৰ আই স্কেন আৰু মানসিক পৰীক্ষা কৰা হৈছিল। ফলাফলসমূহে নিচা সম্পৰ্কীয় নিউৰ’ট্ৰান্সমিটাৰ ব্যৱস্থাৰ সৈতে জড়িত মগজুৰ সক্ৰিয়কৰণৰ পৰিৱৰ্তনৰ ইংগিত দিছিল।

অধ্যয়নটোৱে প্ৰকাশ কৰিছে যে হ্ৰস্বম্যাদী স্মাৰ্টফোনৰ নিষেধাজ্ঞায়ো মগজুৰ কাৰ্যকলাপ সলনি কৰিব পাৰে৷ ইয়াৰ ফলত ডিজিটেল ডিভাইচে আমাৰ স্নায়ুৰ আৰ্হিক কেনেদৰে প্ৰভাৱিত কৰে তাৰো এক প্ৰতিফলন হিচাপে বিবেচিত হৈছে এই অধ্যয়ন৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু