--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্রচণ্ড গৰমে বহুতৰে শৰীৰৰ শক্তি প্রায় নোহোৱা কৰি পেলায়। দীঘলীয়া সময় প্রচণ্ড গৰমত থাকিলে বেছিভাগ মানুহেই দুর্বল অনুভৱ কৰে আৰু বহুতো লোক খিংখিঙীয়া হৈ পৰে। এইবিলাক সচৰাচৰ দেখা পোৱা কথা। কিন্তু শেহতীয়া এক অধ্যয়নে প্রচণ্ড গৰমে শৰীৰত পেলোৱা অন্য কেতবোৰ প্ৰভাৱৰ দিশ পোহৰলৈ আহিছে। 


আমেৰিকাত কৰা এটা অধ্যয়নৰ জৰিয়তে প্রচণ্ড গৰমে আমাৰ শৰীৰত কেনে ধৰণৰ প্ৰভাৱ পেলায়, সেই বিষয়ে জানিবলৈ চেষ্টা কৰা হৈছিল। ইয়াৰ পৰা জানিব পৰা মতে, প্রচণ্ড গৰমৰ ফলত আমাক অধিক বৃদ্ধ কৰি তোলে। গৰমে মানুহৰ শৰীৰৰ এপিজেনেটিক্স সলনি কৰি দিয়ে। এপিজেনেটিক্স এক শাৰীৰিক প্ৰক্ৰিয়া, যাৰ জৰিয়তে আমাৰ শৰীৰ কোষবোৰে পৰিৱেশৰ বাবে সন্মুখীন হোৱা চাপৰ সন্মুখীন হোৱাৰ বাবে জিনবোৰক সক্রিয় বা নিষ্ক্রিয় কৰি দিয়ে। অধ্যয়নটোৰ সময়ত ইয়াত অংশগ্ৰহণ কৰা এজন ব্যক্তি অধিক দিন প্রচণ্ড গৰমত থকাৰ পাছত তেওঁক প্রকৃত বয়সতকৈ অধিক বয়সৰ যেন দেখা পোৱা যায়। 

আনহাতে, অত্যধিক গৰমত থকাৰ ফলত এজন বৃদ্ধ তেওঁৰ শৰীৰ প্ৰকৃত বয়সতকৈ দুবছৰ অধিক বয়সৰ হৈ পৰে। অধ্যয়নটোৰ পৰা লগতে জানিব পৰা মতে, যিমানেই জলবায়ু গৰম হয়, মানৱ শৰীৰ সিমানেই গৰমৰ সম্পৰ্কলৈ আহে আৰু এই চাপৰ সন্মুখীন হৈ দ্ৰুতগতিত শৰীৰে বৃদ্ধৰ ৰূপ লোৱাৰ দিশে আগবাঢ়ে। উল্লেখযোগ্য যে বৃদ্ধ হোৱাৰ হাৰ সকলোৰে বাবে সুকীয়া সুকীয়া। ইয়াৰ কাৰণো ভিন্ন ভিন্ন হয়। উদাহৰণস্বৰূপে কোনো ব্যক্তিয়ে পর্যাপ্ত সময় নুশুলে দ্রুতগতিত বৃদ্ধ হোৱাৰ দিশত আগবাঢ়ে। গৰমে আমাক প্ৰত্যক্ষভাৱে ৰুগীয়া কৰিব পাৰে বা মৃত্যুৰ মুখলৈও লৈ যাব পাৰে। কিন্তু ইয়াৰ এক দীঘলীয়া প্ৰক্ৰিয়া আছে। একেৰাহে উষ্ণ পৰিৱেশত থাকিলে আমাৰ শৰীৰত ইয়াৰ প্ৰভাৱ পৰে আৰু জীৱিত হৈ থকাৰ কাৰণে প্রয়োজন হোৱা ভালেমান কামত দক্ষতা হ্রাস কৰে।

উৎসঃ দৈনিক জনমভূমি 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ