--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তান অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজাফ্ফৰাবাদত অৰ্ধসামৰিক ৰেঞ্জাৰে প্ৰতিবাদকাৰী জনতাৰ ওপৰত  গুলীচালনা কৰাৰ ফলত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে  ছজন লোক আহত হৈছে।  আটাৰ উচ্চ মূল্য আৰু বিদ্যুতৰ বিল বৃদ্ধিৰ বিৰুদ্ধে শ শ প্ৰতিবাদকাৰীয়ে আজি মুজাফ্ফৰাবাদত প্ৰতিবাদ সাৱস্ত্য কৰিছিল। 

 প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক ৰেঞ্জাৰে তেওঁলোকৰ ওপৰত গুলীচালনা কৰে। নিৰাপত্তাবাহিনীৰ  ১৯ খন বাহনৰ কনভয়টোৱে খাইবাৰ পাখতুনখোৱাৰ সীমান্তৱৰ্তী গাওঁ ব্ৰাৰকোটৰ সলনি কোহালাৰ মাজেৰে গৈ আছিল। কনভয়টো মুজাফ্ফৰাবাদৰ ওচৰ পাওতে প্ৰতিবাদকাৰীয়ে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি শিল নিক্ষেপ কৰে। নিৰাপ্তা বাহিনীয়ে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ  কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে  গুলীবৰ্ষণ কৰে। 

ফলত তিনি জন প্ৰতিবাদকাৰী নিহত হয়।  শনিবাৰেও অঞ্চলটোত  আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা  সংঘৰ্ষত ১০০ ৰো অধিক লোক আহত হৈছিল আৰু  এজন আৰক্ষী বিষয়াৰ মৃত্যু ঘটিছিল। উল্লেখ্য পাক অধিকৃত কাশ্মীৰত পাকিস্তানৰ চৰকাৰে আটাৰ ওপৰত ৰাজসাহাৰ্য পূৰ্বৰ তুলনাত হ্ৰাস কৰিছে। ফলত আটাৰ মূল্য বহু গুণে বৃদ্ধি পাইছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...