--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নিজকে গৰ্বিত ‘আন্দোলনজীৱী’ আখ্যা দিছে কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসভাত প্ৰতিবাদী লোকসকলক কটাক্ষ কৰিবলৈ গৈ এই আন্দোলনজীৱী শব্দটো ব্যৱহাৰ কৰিছিল আৰু সমগ্ৰ দেশকে এই আন্দোলনজীৱীসকলৰ পৰা সাৱধানে থকা প্ৰয়োজন বুলি মন্তব্য কৰিছিল।

আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ বলি কিশোৰী : লোকলজ্জাৰ ভয়ত পুতি থ’লে নৱজাতকক

মোদীৰ এই মন্তব্যক ‘অভিধা’ হিচাপে গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি মোদীক কটাক্ষ কৰে চিদাম্বৰমে। তেওঁ টুইটাৰত লিখিছে, ‘মই এজন গৰ্বিত আন্দোলনজীৱী। দেশৰ সৰ্বোৎকৃষ্ট আন্দোলনজীৱীগৰাকী আছিল মহাত্মা গান্ধী।’ কেন্দ্ৰীয় বাজেটক লৈ ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছত হোৱা বিতৰ্কৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষকসকলৰ প্ৰসংগ উত্থাপনেৰে মোদীয়ে কৈছিল যে, দেশত এতিয়া নতুন শ্ৰেণীৰ ‘আন্দোলনজীৱী’ এচাম লোকৰ সৃষ্টি হৈছে।

আৰু পঢ়িব পাৰিব : আইএনএছ বিৰাটে পাব নতুন ৰূপ! বিনষ্ট কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ

তেওঁলোকে কেৱল আন্দোলনৰ বাবেই জীয়াই থাকে। তেওঁলোকে নতুন আন্দোলনৰ জন্ম দিয়াৰ বাবে পথ বিচাৰি ফুৰে। দেশে এই আন্দোলনজীৱীসকলৰ পৰা সাৱধানে থকা দৰকাৰ। মোদীৰ এই মন্তব্যক লৈ বিভিন্নজন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰসংগও উত্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু