--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : নিজকে গৰ্বিত ‘আন্দোলনজীৱী’ আখ্যা দিছে কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসভাত প্ৰতিবাদী লোকসকলক কটাক্ষ কৰিবলৈ গৈ এই আন্দোলনজীৱী শব্দটো ব্যৱহাৰ কৰিছিল আৰু সমগ্ৰ দেশকে এই আন্দোলনজীৱীসকলৰ পৰা সাৱধানে থকা প্ৰয়োজন বুলি মন্তব্য কৰিছিল।

আৰু পঢ়িব পাৰিব : যৌন নিৰ্যাতনৰ বলি কিশোৰী : লোকলজ্জাৰ ভয়ত পুতি থ’লে নৱজাতকক

মোদীৰ এই মন্তব্যক ‘অভিধা’ হিচাপে গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি মোদীক কটাক্ষ কৰে চিদাম্বৰমে। তেওঁ টুইটাৰত লিখিছে, ‘মই এজন গৰ্বিত আন্দোলনজীৱী। দেশৰ সৰ্বোৎকৃষ্ট আন্দোলনজীৱীগৰাকী আছিল মহাত্মা গান্ধী।’ কেন্দ্ৰীয় বাজেটক লৈ ৰাষ্ট্ৰপতিৰ ভাষণৰ পাছত হোৱা বিতৰ্কৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষকসকলৰ প্ৰসংগ উত্থাপনেৰে মোদীয়ে কৈছিল যে, দেশত এতিয়া নতুন শ্ৰেণীৰ ‘আন্দোলনজীৱী’ এচাম লোকৰ সৃষ্টি হৈছে।

আৰু পঢ়িব পাৰিব : আইএনএছ বিৰাটে পাব নতুন ৰূপ! বিনষ্ট কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ

তেওঁলোকে কেৱল আন্দোলনৰ বাবেই জীয়াই থাকে। তেওঁলোকে নতুন আন্দোলনৰ জন্ম দিয়াৰ বাবে পথ বিচাৰি ফুৰে। দেশে এই আন্দোলনজীৱীসকলৰ পৰা সাৱধানে থকা দৰকাৰ। মোদীৰ এই মন্তব্যক লৈ বিভিন্নজন নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু দেশৰ স্বাধীনতা আন্দোলনৰ প্ৰসংগও উত্থাপন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ