--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ মাটি খননৰ সময়ত গাঁওবাসীয়ে প্ৰায় ১২০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মূৰ্তিৰ লগতে এঠাইত পঞ্চমুখী মূৰ্তিৰ এটা অংশ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে প্ৰয়োজনীয় সকলো আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি এই দুটা ঐতিহাসিক কীৰ্তিচিহ্ন আৰ্কাইভ, প্ৰত্নতাত্ত্বিক আৰু সংগ্ৰহালয় বিভাগক অৰ্পণ কৰিছে।

বুডগামৰ এছ এছ পি তাহিৰ ছালিমে জনোৱা মতে, মঙলবাৰে গাঁওবাসীয়ে এটা ঠাই খান্দি আছিল। তাত তেওঁলোকে এটা মূৰ্তি পাইছিল, তাৰ পিছত তেওঁ একে সময়তে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ মূৰ্তিটো নিজৰ হাতত লৈ যায়। ইয়াৰ পিছতে আৰ্কাইভ, আৰ্কিঅ’লজি আৰু মিউজিয়াম বিভাগৰ বিষয়াসকলক বিষয়টো অৱগত কৰা হয়।

অনুসন্ধানৰ সময়ত দেখা গ’ল যে এয়া ভগৱান বিষ্ণুৰ ১২০০ বছৰ পুৰণি মূৰ্তি। এই মূৰ্তিটোৰ তিনিটা মূৰ আৰু চাৰিখন হাত আছে ওপৰৰ হাতখনত এপাহ পদুম ফুল আছে। মূৰ্তিটো গন্ধৰা আৰু মথুৰা শৈলীৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও খাগ অঞ্চলত খনন কাৰ্যত আন এটা মূৰ্তিও উদ্ধাৰ কৰা হৈছে। তদন্তত পোহৰলৈ আহিছে যে এই মূৰ্তিটো এটা পঞ্চমুখী মূৰ্তিৰ অংশ। এই দুয়োটা ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য আৰ্কাইভ, প্ৰত্নতত্ত্ব আৰু সংগ্ৰহালয় বিভাগৰ উপ-সঞ্চালক মুস্তাক আহমদ বাইগক অৰ্পণ কৰা হয়।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ কাকাপোৰা অঞ্চলত নৱম শতিকাৰ ঝেলুম নদীৰ সেউজীয়া শিলেৰে নিৰ্মিত ভগৱান বিষ্ণুৰ এটা বিৰল তিনিমূৰীয়া মূৰ্তি পোৱা গৈছিল। পুলৱামা জিলাৰ কাকাপুৰা অঞ্চলৰ ঝেলুম নদীৰ পাৰৰ পৰা একাংশ শ্ৰমিকে বালি উলিয়াই থাকোঁতে এই মূৰ্তিটো উদ্ধাৰ কৰা হয়। থানা ককাপুৰাৰ আৰক্ষীৰ হাতত মূৰ্তিটো তুলি দিয়ে শ্ৰমিকজনে। ইয়াৰ পিছত আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত মূৰ্তিটো উপ-সঞ্চালক আৰ্কাইভ, প্ৰত্নতাত্ত্বিক আৰু সংগ্ৰহালয় কাশ্মীৰক অৰ্পণ কৰা হয়।২০২১ চনৰ আগষ্ট মাহতো মধ্য কাশ্মীৰৰ বুডগাম জিলাৰ খানচাহিব অঞ্চলত খননৰ সময়ত ১২০০ বছৰীয়া পুৰণি দেৱী দুৰ্গাৰ মূৰ্তি উদ্ধাৰ কৰিছিল শ্ৰমিকসকলে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ