--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ বুডগাম জিলাৰ মাটি খননৰ সময়ত গাঁওবাসীয়ে প্ৰায় ১২০০ বছৰ পুৰণি ভগৱান বিষ্ণুৰ মূৰ্তিৰ লগতে এঠাইত পঞ্চমুখী মূৰ্তিৰ এটা অংশ উদ্ধাৰ কৰিছে। আৰক্ষীয়ে প্ৰয়োজনীয় সকলো আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি এই দুটা ঐতিহাসিক কীৰ্তিচিহ্ন আৰ্কাইভ, প্ৰত্নতাত্ত্বিক আৰু সংগ্ৰহালয় বিভাগক অৰ্পণ কৰিছে।

বুডগামৰ এছ এছ পি তাহিৰ ছালিমে জনোৱা মতে, মঙলবাৰে গাঁওবাসীয়ে এটা ঠাই খান্দি আছিল। তাত তেওঁলোকে এটা মূৰ্তি পাইছিল, তাৰ পিছত তেওঁ একে সময়তে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ এটা দলে সেই স্থানত উপস্থিত হৈ মূৰ্তিটো নিজৰ হাতত লৈ যায়। ইয়াৰ পিছতে আৰ্কাইভ, আৰ্কিঅ’লজি আৰু মিউজিয়াম বিভাগৰ বিষয়াসকলক বিষয়টো অৱগত কৰা হয়।

অনুসন্ধানৰ সময়ত দেখা গ’ল যে এয়া ভগৱান বিষ্ণুৰ ১২০০ বছৰ পুৰণি মূৰ্তি। এই মূৰ্তিটোৰ তিনিটা মূৰ আৰু চাৰিখন হাত আছে ওপৰৰ হাতখনত এপাহ পদুম ফুল আছে। মূৰ্তিটো গন্ধৰা আৰু মথুৰা শৈলীৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও খাগ অঞ্চলত খনন কাৰ্যত আন এটা মূৰ্তিও উদ্ধাৰ কৰা হৈছে। তদন্তত পোহৰলৈ আহিছে যে এই মূৰ্তিটো এটা পঞ্চমুখী মূৰ্তিৰ অংশ। এই দুয়োটা ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য আৰ্কাইভ, প্ৰত্নতত্ত্ব আৰু সংগ্ৰহালয় বিভাগৰ উপ-সঞ্চালক মুস্তাক আহমদ বাইগক অৰ্পণ কৰা হয়।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ আৰম্ভণিতে দক্ষিণ কাশ্মীৰৰ পুলৱামা জিলাৰ কাকাপোৰা অঞ্চলত নৱম শতিকাৰ ঝেলুম নদীৰ সেউজীয়া শিলেৰে নিৰ্মিত ভগৱান বিষ্ণুৰ এটা বিৰল তিনিমূৰীয়া মূৰ্তি পোৱা গৈছিল। পুলৱামা জিলাৰ কাকাপুৰা অঞ্চলৰ ঝেলুম নদীৰ পাৰৰ পৰা একাংশ শ্ৰমিকে বালি উলিয়াই থাকোঁতে এই মূৰ্তিটো উদ্ধাৰ কৰা হয়। থানা ককাপুৰাৰ আৰক্ষীৰ হাতত মূৰ্তিটো তুলি দিয়ে শ্ৰমিকজনে। ইয়াৰ পিছত আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত মূৰ্তিটো উপ-সঞ্চালক আৰ্কাইভ, প্ৰত্নতাত্ত্বিক আৰু সংগ্ৰহালয় কাশ্মীৰক অৰ্পণ কৰা হয়।২০২১ চনৰ আগষ্ট মাহতো মধ্য কাশ্মীৰৰ বুডগাম জিলাৰ খানচাহিব অঞ্চলত খননৰ সময়ত ১২০০ বছৰীয়া পুৰণি দেৱী দুৰ্গাৰ মূৰ্তি উদ্ধাৰ কৰিছিল শ্ৰমিকসকলে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু