--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন মানেই সংগ্ৰাম। এই পৃথিৱীত জীৱন ধাৰণ কৰিবলৈ মানুহে ভিন্ন ধৰণে সংগ্ৰাম কৰে। বহুতেই বহু কঠিন পৰিস্থিতিৰ সৈতে যুঁজ দি জীৱন নিৰ্বাহ কৰি আছে। কিছুমান আত্মভিমানী মানুহে নিজৰ শৰীৰ যিমানেই বাধাগ্ৰস্ত নহওক কিয় কাৰো ওচৰত হাত নাপাতি নিজে বিচাৰি উলিয়ায় উপাৰ্জনৰ পথ। কিছুমান মানুহে সৰু সৰু সমস্যাতে ভাঙি পৰে। এনেবোৰ মানুহৰ বাবে এটা বাতৰি লৈ আহিছো, যি বাতৰি পঢ়ি হয়তো তেনে লোকে বুজি পাব জীৱনৰ প্ৰকৃত অৰ্থ। কিছুমান মানুহ আছে যাক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁলোক নিজৰ পৃথিৱীত আলেকজেণ্ডাৰৰ দৰে বাস কৰে আৰু তেনেলোকে নিজৰ চৌপাশে এনেকুৱা কিবা এটা কৰে যিটো দেখি আনে তেওঁলোকৰ পৰা শিকে আৰু তেওঁলোকৰ পৰা উৎসাহ পায়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। 

ভিডিঅ’টোত এজন ফুড ডেলিভাৰী বয়ক দেখা গৈছে। বৰ্তমান সময়ত খাদ্যৰ অৰ্ডাৰ দিয়াৰ পদ্ধতি বহুত বৃদ্ধি পাইছে। ফুড ডেলিভাৰীৰ প্ৰত্যাহ্বান যথেষ্ট বাঢ়িছে। সোনকালে ফুড ডেলিভাৰী দিবলৈ কোম্পানী সাজু হৈ থাকে। ভিডিঅ’টোত দেখা গৈছে যে এজন প্ৰতিবন্ধী ব্যক্তিয়ে বৈদ্যুতিক হুইল চেয়াৰত বহি ফুড ডেলিভাৰী দিবলৈ গৈ আছে। ভিডিঅ’টো বৰ্তমান যথেষ্ট ভাইৰেল হৈ পৰিছে। দেখা যায় যে মানুহজন হুইল চেয়াৰত বহি ৰাস্তাৰে গৈ আছে। তেওঁ বৈদ্যুতিক হুইল চেয়াৰখনৰ সহায়ত খাদ্য যোগান ধৰিবলৈ আগবাঢ়িছে। ভিডিঅ’টো চোৱাৰ পিছত ৰাইজে প্ৰশংসা কৰে পাৰ্টনাৰ জোমেট’ক।

চাওক ভিডিঅ'


এই ভিডিঅ'টো চাই বহু মানুহে প্ৰেৰণা লাভ কৰিছে। কিছুমানে জোমেট’ক প্ৰশংসা কৰিছে ব্যক্তিজনক কাম কৰাৰ সুযোগ দিয়া বাবে। বহুতে মন্তব্য কৰে যে জীৱনত অসম্ভৱ বুলি একো নাই। এজন ইউজাৰ্চে তাত লিখিছিল, ‘প্ৰেৰণাৰ শ্ৰেষ্ঠ উদাহৰণ’। এনেধৰণৰ কথাবোৰে মানুহক জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ অনুপ্ৰাণিত কৰে...নহয় নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ