--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন মানেই সংগ্ৰাম। এই পৃথিৱীত জীৱন ধাৰণ কৰিবলৈ মানুহে ভিন্ন ধৰণে সংগ্ৰাম কৰে। বহুতেই বহু কঠিন পৰিস্থিতিৰ সৈতে যুঁজ দি জীৱন নিৰ্বাহ কৰি আছে। কিছুমান আত্মভিমানী মানুহে নিজৰ শৰীৰ যিমানেই বাধাগ্ৰস্ত নহওক কিয় কাৰো ওচৰত হাত নাপাতি নিজে বিচাৰি উলিয়ায় উপাৰ্জনৰ পথ। কিছুমান মানুহে সৰু সৰু সমস্যাতে ভাঙি পৰে। এনেবোৰ মানুহৰ বাবে এটা বাতৰি লৈ আহিছো, যি বাতৰি পঢ়ি হয়তো তেনে লোকে বুজি পাব জীৱনৰ প্ৰকৃত অৰ্থ। কিছুমান মানুহ আছে যাক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁলোক নিজৰ পৃথিৱীত আলেকজেণ্ডাৰৰ দৰে বাস কৰে আৰু তেনেলোকে নিজৰ চৌপাশে এনেকুৱা কিবা এটা কৰে যিটো দেখি আনে তেওঁলোকৰ পৰা শিকে আৰু তেওঁলোকৰ পৰা উৎসাহ পায়। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’। 

ভিডিঅ’টোত এজন ফুড ডেলিভাৰী বয়ক দেখা গৈছে। বৰ্তমান সময়ত খাদ্যৰ অৰ্ডাৰ দিয়াৰ পদ্ধতি বহুত বৃদ্ধি পাইছে। ফুড ডেলিভাৰীৰ প্ৰত্যাহ্বান যথেষ্ট বাঢ়িছে। সোনকালে ফুড ডেলিভাৰী দিবলৈ কোম্পানী সাজু হৈ থাকে। ভিডিঅ’টোত দেখা গৈছে যে এজন প্ৰতিবন্ধী ব্যক্তিয়ে বৈদ্যুতিক হুইল চেয়াৰত বহি ফুড ডেলিভাৰী দিবলৈ গৈ আছে। ভিডিঅ’টো বৰ্তমান যথেষ্ট ভাইৰেল হৈ পৰিছে। দেখা যায় যে মানুহজন হুইল চেয়াৰত বহি ৰাস্তাৰে গৈ আছে। তেওঁ বৈদ্যুতিক হুইল চেয়াৰখনৰ সহায়ত খাদ্য যোগান ধৰিবলৈ আগবাঢ়িছে। ভিডিঅ’টো চোৱাৰ পিছত ৰাইজে প্ৰশংসা কৰে পাৰ্টনাৰ জোমেট’ক।

চাওক ভিডিঅ'


এই ভিডিঅ'টো চাই বহু মানুহে প্ৰেৰণা লাভ কৰিছে। কিছুমানে জোমেট’ক প্ৰশংসা কৰিছে ব্যক্তিজনক কাম কৰাৰ সুযোগ দিয়া বাবে। বহুতে মন্তব্য কৰে যে জীৱনত অসম্ভৱ বুলি একো নাই। এজন ইউজাৰ্চে তাত লিখিছিল, ‘প্ৰেৰণাৰ শ্ৰেষ্ঠ উদাহৰণ’। এনেধৰণৰ কথাবোৰে মানুহক জীৱনৰ প্ৰতি এক ইতিবাচক দৃষ্টিভংগী ৰাখিবলৈ অনুপ্ৰাণিত কৰে...নহয় নে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু