--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জনপ্ৰিয় মচলা ব্ৰেণ্ড এম.ডি.এইচ., এভাৰেষ্ট মচলাৰ কিছু কিছু পেকেটত পোৱা গৈছে  কাৰ্চিনোজেনিক কীটনাশক ইথিলিন অক্সাইড । ইয়াৰ পিছতে হংকঙেও জনপ্ৰিয় ভাৰতীয় মচলা ব্ৰেণ্ড এমডিএইচ প্ৰাইভেট আৰু এভাৰেষ্ট ফুড প্ৰডাক্টছ প্ৰাইভেটৰ মচলাৰ বিক্ৰী নিষিদ্ধ কৰিছে। ছিংগাপুৰে যোৱা সপ্তাহত এভাৰেষ্টৰ বিৰুদ্ধে একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। 

ছিংগাপুৰেও তেনে মচলাত  ইথিলিন অক্সাইডৰ উপস্থিতিৰ অভিযোগ উত্থাপন কৰিছিল। হংকঙৰ  খাদ্য সুৰক্ষা কেন্দ্ৰই ৫ এপ্ৰিলত ঘোষণা কৰিছিল যে নিয়মীয়া নিৰীক্ষণ কাৰ্যসূচীৰ সময়তে  এমডিএইচ গোটৰ পৰা তিনিবিধ মচলাত ইথিলিন অক্সাইডৰ উপস্থিতি পোৱা গৈছে - সেইবোৰ হৈছে মাদ্ৰাজ কাৰী  পাউডাৰ, সম্ভাৰ মচলা পাউডাৰ, আৰু  কাৰী পাউডাৰ। চি.এফ.এছ.-এ তিনিটা ৰিটেইল আউটলেটৰ পৰা সেই মচলাসমূহৰ নমুনাবোৰ সংগ্ৰহ কৰিছিল।  নিয়মীয়া খাদ্য নিৰীক্ষণ কাৰ্যসূচীৰ  পৰীক্ষাৰ ফলাফলে দেখুৱাইছে  যে নমুনাবোৰত এবিধ  কীটনাশক, ইথিলিন অক্সাইড আছিল।

 চিএফএছে সংশ্লিষ্ট বিক্ৰেতাসকলক এনে ঘটনাৰ  বিষয়ে অৱগত কৰিছে আৰু তেওঁলোকক সেই মচলাসমূহৰ  বিক্ৰী বন্ধ কৰিবলৈ  নিৰ্দেশ দিছে। ইয়াৰ উপৰি এভাৰেষ্ট গ্ৰুপৰ ফিছ  কাৰী মচলাতো  কীটনাশক থকাৰ কথা প্ৰমাণ হৈছে। কৰ্কট ৰোগৰ বিষয়ে  গৱেষণা কৰা  আন্তৰ্জাতিক সংস্থাই গ্ৰুপ ১  কাৰ্চিনোজেন হিচাপে শ্ৰেণীবদ্ধ কৰা ইথিলিন অক্সাইডে গুৰুতৰ স্বাস্থ্য সম্পৰ্কীয় বিপদ মাতিব পাৰে বুলি কোৱা হৈছে। 

 এই ফলাফলৰ প্ৰতিক্ৰিয়া স্বৰূপে, হংকং আৰু ছিংগাপুৰে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। ছিংগাপুৰে এভাৰেষ্টৰ মচলা বিক্ৰী নিষিদ্ধ কৰিছে।  ২০২৩ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফডিএ) এভাৰেষ্টৰ বহু মচলা  নিষিদ্ধ কৰাৰ নিৰ্দেশ দিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ