--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন অভিনৱ বাইক সাজি উলিয়াইছে  প্ৰয়াগৰাজৰ মতিলাল নেহৰু নেচনেল ইনষ্টিটিউট অৱ টেকন'লজী (এমএনএনআইটি)ৰ একাংশ শিক্ষাৰ্থীয়ে।  চ'চাইটি অফ অটোমেটিক ইঞ্জিনিয়াৰচ (এছ.এ.ই.) ক্লাবৰ সহযোগত শিক্ষাৰ্থীসকলে সেই বিশেষ বৈদ্যুতিক বাইক খন সাজি উলিয়াইছে। এই বাইক খন কোনোবাই মদ খাই চলালেই নিজে নিজে বন্ধ হৈ পৰিব বাইক খন! অৰ্থাৎ,  সুৰাসক্ত লোকে এই বাইকখন চলাব নোৱাৰে।কেৱল সেয়াই নহয়,  দুৰ্ঘটনাৰ আগজাননীও দিব পাৰিব এই বাইক খনে। । এই বাইকখনত এনে এণ্টি-চেন্সৰ আছে যিয়ে  এজন সুৰাপান কৰা আৰোহীৰ গোন্ধ চিনাক্ত কৰিব আৰু বাইকখন  চলি যাবলৈ নিদিব। এই ই-বাইকখনত বহু উন্নত চেন্সৰ আছে। বাইক খনত চুৰি প্ৰতিৰোধ কৰিবলৈ এণ্টি-চুৰি চেন্সৰ স্থাপন কৰা হৈছে। 

মতিলাল নেহৰু ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ (এমএনএনআইটি)  অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক জীতেন্দ্ৰ এন গাংৱাৰৰ তত্বাৱধানত প্ৰতিষ্ঠানটোৰ শিক্ষাৰ্থীসকলে এই অনন্য বৈদ্যুতিক বাইকখন সাজি উলিয়াইছে। প্ৰতিষ্ঠানটোৰ সহকাৰী অধ্যাপকৰ মতে যদি বাইকখনৰ চেন্সৰে ধৰা পেলায় যে চালকজনে সুৰাপান কৰি আছে তেন্তে বাইক খন নচলিবই। এই বাইকখনে প্ৰতি ঘণ্টাত ৭০ কিলোমিটাৰ বেগত যাত্ৰা কৰিব পাৰিব।

 এই বাইকখনে ৪ ঘণ্টাৰ সম্পূৰ্ণ চাৰ্জত ৬০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সক্ষম হ'ব । বাইকখনত এটা হিল এচিষ্ট সুবিধাও আছে ,যিটোৱে বাইক খন  উচ্চতালৈ উঠাত সহায় কৰিব। দুৰ্ঘটনাৰ ক্ষেত্ৰত ই সহায়ৰ বাবে স্বয়ংক্ৰিয়ভাৱে জৰুৰীকালীন সেৱাৰ সৈতে যোগাযোগ কৰিব পাৰে।এই অনন্য বৈদ্যুতিক বাইকখনৰ মূল্য প্ৰায় ১.৩০ লাখ টকা।এমএনএনআইটিয়ে অলপতে ভূপালত ইম্পেৰিয়েল চছাইটি অফ ইনোভেটিভ ইঞ্জিনিয়াৰছ (আইএছআইই)ৰ দ্বাৰা আয়োজিত এখন প্ৰতিযোগিতাত এই  বাইকখন মুকলি কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী