--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে হোৱাইট বল ক্ৰিকেট খেলিবলৈ কেৰিবিয়ান দ্বীপপুঞ্জলৈ ৰাওনা হৈছে শিখৰ ধাৱনৰ টীম ইণ্ডিয়া। ব্ৰিটিছ ভূমিত সফল ভ্ৰমণৰ সামৰণিৰ পিছত ধাৱান এণ্ড কোম্পানী উপস্থিত হয় ট্ৰিনিদাদত। এদিনীয়া শৃংখলাত বিশ্ৰাম লৈছে ৰোহিত শৰ্মাই। সেইবাবে তেওঁৰ পৰিবৰ্তে অধিনায়কত্বৰ দায়িত্ব অৰ্পন কৰা হৈছে ধাৱানক।
 
জানিব পৰা মতে BCCI য়ে ইংলেণ্ডৰ পৰা ৱেষ্ট ইণ্ডিজলৈ যাবলৈ ৩.৫ কোটি টকা খৰচ কৰিছে।

এতিয়া প্ৰশ্ন উঠিছে, বিচিচিআইয়ে কিয় বিমানৰ বাবে এই বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছে? প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, ‘বিচিচিআইয়ে ৩.৫ কোটি টকাত এখন চাৰ্টাৰ্ড ফ্লাইট বুক কৰিছিল। যোৱা মঙলবাৰে বিয়লি টিম ইণ্ডিয়া মানচেষ্টাৰৰ পৰা প'ৰ্ট অৱ স্পেইনত উপস্থিত হৈছিল। চাৰ্টাৰ্ড বিমানখন যদিও ক’ভিডৰ বাবে বুকিং কৰা হোৱা নাছিল। আচলতে, বাণিজ্যিক বিমানত ১৬ জনীয়া সদস্যৰ ভাৰতীয় দল, সহায়ক কৰ্মচাৰী আৰু খেলুৱৈৰ পত্নীসকলৰ বাবে টিকট বুক কৰাটো সমস্যাজনক আছিল। বাণিজি্যক বিমান বুক কৰা হ’লে এই খৰচ হ’লহেতেন প্ৰায় ২ কোটি। চাৰ্টাৰ্ড বিমানৰ খৰচ বহুত বেছি। কিন্তু এই বিষয়টো এতিয়া যুক্তিসংগত হিচাপে বিবেচিত হৈছে। শীৰ্ষ স্তৰৰ ফুটবল দলসমূহেও এতিয়া চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰে।’

শুকুৰবাৰৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ। নিক’লাছ পুৰ’নৰ বিৰুদ্ধে খেলিব  ধাৱনৰ ভাৰতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ