--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিবাহ বহিৰ্ভূত সম্পৰ্ক, পাৰিবাৰিক সন্দেহ আৰু প্ৰতিশোধ পৰায়নতাৰ আন এক নৃশংস ঘটনা পোহৰলৈ আহিছে। এগৰাকী মডেলৰ হত্যাকাণ্ডৰ তদন্তৰ অন্তত আৰক্ষীয়ে এই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে। ঘটনা সংঘটিত হৈছিল ১২ অক্টোবৰত। সেইদিনা পাটনাৰ এগৰাকী মডেল মনা ৰয়ক দুৰ্বৃত্তই গুলীয়াই গুৰুতৰভাৱে আহত কৰে। তাৰ পাঁচ দিনৰ পাছত অৰ্থাত্‍ ১৭ অক্টোবৰত হাস্পতালত তেওঁৰ মৃত্যু হয়। এই ঘটনা তদন্ত কৰি আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে।


১২ অক্টোবৰত মডেল মনাক নিশা প্ৰায় দহ বজাত বাইকত অহা দুজন দুৰ্বৃত্তই গুলী চলাই গুৰুতৰভাৱে আহত কৰিছিল। সেই সময়ত তেওঁৰ সৈতে তেওঁৰ দহ বছৰীয়া কন্যাও আছিল যদিও তেওঁৰ কথমপি প্ৰাণ ৰক্ষা পৰে। কিন্তু পাঁচ দিন চিকিতসাধীন হৈ থকাৰ পাছত মনাই হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে মনাৰ কল ডিটেইলছ পৰীক্ষা কৰি ৰাজু নামৰ এজন বিল্ডাৰৰ নম্বৰ লাভ কৰে। কিন্তু ৰাজু এই কাণ্ডৰ সৈতে জড়িত থকা বুলি কোনো প্ৰমাণ লাভ নকৰিলে আৰক্ষীয়ে। তাৰ পাছত আন এটা সন্দেহজনক নম্বৰ তদন্তকাৰী বিহাৰ আৰক্ষীৰ হাত লাগে।

তদন্তত পোহৰলৈ আহে যে, এই নম্বৰ ভীম যাদৱ নামৰ এজন প্ৰফেচনেল শ্বুটাৰৰ নম্বৰ। ভীম যাদৱক গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰাৰ পাছতে পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য।
ভীম যাদৱে আৰক্ষীৰ আগত সৈ কাঢ়ে যে, বিল্ডাৰ ৰাজুৰ পত্নীয়ে মনাৰ হত্যাৰ বাবে ছুপাৰী দিছিল। মডেলগৰাকীৰ সৈতে স্বামী ৰাজুৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল আৰু তেওঁ মনাক এটা ফ্লেটো উপহাৰ দিছিল। এইকথা তেওঁৰ পত্নীৰ সহ্য হোৱা নাছিল আৰু সেইবাবে ছুপাৰী দি মডেলগৰাকীক তেওঁ হত্যা কৰোঁৱায়। ৰাজুৰ পত্নীয়ে ৫লাখৰ ছুপাৰী দি মডেল মনাক হত্যা কৰোঁৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে দ্বিতীয়জন শ্বুটাৰৰ সন্ধান চলাই আছে আৰু এই কাণ্ডত ৰাজুৰ কিবা হাত আছে নেকি তাৰো অনুসন্ধান চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক