--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিবাহ বহিৰ্ভূত সম্পৰ্ক, পাৰিবাৰিক সন্দেহ আৰু প্ৰতিশোধ পৰায়নতাৰ আন এক নৃশংস ঘটনা পোহৰলৈ আহিছে। এগৰাকী মডেলৰ হত্যাকাণ্ডৰ তদন্তৰ অন্তত আৰক্ষীয়ে এই চাঞ্চল্যকৰ তথ্য লাভ কৰিছে। ঘটনা সংঘটিত হৈছিল ১২ অক্টোবৰত। সেইদিনা পাটনাৰ এগৰাকী মডেল মনা ৰয়ক দুৰ্বৃত্তই গুলীয়াই গুৰুতৰভাৱে আহত কৰে। তাৰ পাঁচ দিনৰ পাছত অৰ্থাত্‍ ১৭ অক্টোবৰত হাস্পতালত তেওঁৰ মৃত্যু হয়। এই ঘটনা তদন্ত কৰি আৰক্ষীয়ে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিবলৈ সক্ষম হৈছে।


১২ অক্টোবৰত মডেল মনাক নিশা প্ৰায় দহ বজাত বাইকত অহা দুজন দুৰ্বৃত্তই গুলী চলাই গুৰুতৰভাৱে আহত কৰিছিল। সেই সময়ত তেওঁৰ সৈতে তেওঁৰ দহ বছৰীয়া কন্যাও আছিল যদিও তেওঁৰ কথমপি প্ৰাণ ৰক্ষা পৰে। কিন্তু পাঁচ দিন চিকিতসাধীন হৈ থকাৰ পাছত মনাই হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ তদন্ত চলাই আৰক্ষীয়ে মনাৰ কল ডিটেইলছ পৰীক্ষা কৰি ৰাজু নামৰ এজন বিল্ডাৰৰ নম্বৰ লাভ কৰে। কিন্তু ৰাজু এই কাণ্ডৰ সৈতে জড়িত থকা বুলি কোনো প্ৰমাণ লাভ নকৰিলে আৰক্ষীয়ে। তাৰ পাছত আন এটা সন্দেহজনক নম্বৰ তদন্তকাৰী বিহাৰ আৰক্ষীৰ হাত লাগে।

তদন্তত পোহৰলৈ আহে যে, এই নম্বৰ ভীম যাদৱ নামৰ এজন প্ৰফেচনেল শ্বুটাৰৰ নম্বৰ। ভীম যাদৱক গ্ৰেপ্তাৰ কৰি সোধা-পোচা কৰাৰ পাছতে পোহৰলৈ আহে চাঞ্চল্যকৰ তথ্য।
ভীম যাদৱে আৰক্ষীৰ আগত সৈ কাঢ়ে যে, বিল্ডাৰ ৰাজুৰ পত্নীয়ে মনাৰ হত্যাৰ বাবে ছুপাৰী দিছিল। মডেলগৰাকীৰ সৈতে স্বামী ৰাজুৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল আৰু তেওঁ মনাক এটা ফ্লেটো উপহাৰ দিছিল। এইকথা তেওঁৰ পত্নীৰ সহ্য হোৱা নাছিল আৰু সেইবাবে ছুপাৰী দি মডেলগৰাকীক তেওঁ হত্যা কৰোঁৱায়। ৰাজুৰ পত্নীয়ে ৫লাখৰ ছুপাৰী দি মডেল মনাক হত্যা কৰোঁৱা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে দ্বিতীয়জন শ্বুটাৰৰ সন্ধান চলাই আছে আৰু এই কাণ্ডত ৰাজুৰ কিবা হাত আছে নেকি তাৰো অনুসন্ধান চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী