--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকাৰ কাৰনে কি কি কৰিব পাৰে মানুহে! আজিৰ দিনত ধন ঘটিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে মানুহে। তাৰ মাজত ঠগ-প্ৰৱঞ্চক আছেই। তেনে এক প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ'ল এগৰাকী লোক। চলে বলে কৌশলে সকলো লুটিলে তেওঁৰেই সহযোগীয়ে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ উৰুৱাৰ এগৰাকী বাদ্যযন্ত্ৰীয়ে এজন পুৰুষ নৃত্যশিল্পীক প্ৰৱঞ্চনাৰে মহিলা বনাবলৈ কৰালে লিংগ পৰিবৰ্তন। ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিয়ে আৰু আৰক্ষীয়ে প্ৰৱঞ্চক বাদ্যযন্ত্ৰীজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। অভিযোগমৰ্মে ভুক্তভোগীজন আছিল এগৰাকী 'ডিজে ডান্সাৰ'। ২০২০ চনৰ জুন মাহত তেওঁ লগ পাইছিল ঢোলক বাদক মহম্মদ মমতাজক। মমতাজে তেওঁক বিভিন্ন লোভ দেখুৱাই দিল্লীলৈ লৈ যায়। দিল্লীলৈ গৈ মমতাজে তেওঁক খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাই যাৰ ফলত নৃত্যশিল্পীগৰাকী দুৰ্বল হৈ পৰে। সেই সুযোগতে মমতাজে তেওঁক হাস্পতাললৈ লৈ যায় আৰু লিংগ পৰিবৰ্তন কৰোৱায়। তাৰ পাছত মমতাজে তেওঁক দিল্লীত মহিলা নৃত্যশিল্পী হিচাপে কৰ্মত নিয়োজিত কৰে। তেনেকৈয়ে তেওঁলোকে উপাৰ্জন কৰিবলৈ লয়।

মমতাজ বিবাহিত আৰু তেঁওৰ সন্তানো আছে বুলি গোৰখপুৰলৈ উভতি আহিহে ভুক্তভোগী জ্ঞাত হয়। ইয়াৰ কিছুদিন পাছতে মমতাজ পত্নী-সন্তানসহ উধাও হয়। ইয়াতেই লাগিল কেনা। হাহাকাৰ লাগিল ভুক্তভোগীগৰাকীৰ। মমতাজে ১০ লাখ নগদ ধনসহ ৪ লাখ মূল্যৰ আ-অলংকাৰ লুটি নিয়া বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে আৰু সেই ধন-সম্পত্তি নিজৰ নৃত্য প্ৰদৰ্শনেৰে উপাৰ্জন কৰা বুলি তেওঁ জনায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক