--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকাৰ কাৰনে কি কি কৰিব পাৰে মানুহে! আজিৰ দিনত ধন ঘটিবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰে মানুহে। তাৰ মাজত ঠগ-প্ৰৱঞ্চক আছেই। তেনে এক প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ'ল এগৰাকী লোক। চলে বলে কৌশলে সকলো লুটিলে তেওঁৰেই সহযোগীয়ে।

উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ উৰুৱাৰ এগৰাকী বাদ্যযন্ত্ৰীয়ে এজন পুৰুষ নৃত্যশিল্পীক প্ৰৱঞ্চনাৰে মহিলা বনাবলৈ কৰালে লিংগ পৰিবৰ্তন। ভুক্তভোগীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীক অভিযোগ দিয়ে আৰু আৰক্ষীয়ে প্ৰৱঞ্চক বাদ্যযন্ত্ৰীজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। অভিযোগমৰ্মে ভুক্তভোগীজন আছিল এগৰাকী 'ডিজে ডান্সাৰ'। ২০২০ চনৰ জুন মাহত তেওঁ লগ পাইছিল ঢোলক বাদক মহম্মদ মমতাজক। মমতাজে তেওঁক বিভিন্ন লোভ দেখুৱাই দিল্লীলৈ লৈ যায়। দিল্লীলৈ গৈ মমতাজে তেওঁক খাদ্যত নিচাজাতীয় দ্ৰব্য মিহলাই খুৱাই যাৰ ফলত নৃত্যশিল্পীগৰাকী দুৰ্বল হৈ পৰে। সেই সুযোগতে মমতাজে তেওঁক হাস্পতাললৈ লৈ যায় আৰু লিংগ পৰিবৰ্তন কৰোৱায়। তাৰ পাছত মমতাজে তেওঁক দিল্লীত মহিলা নৃত্যশিল্পী হিচাপে কৰ্মত নিয়োজিত কৰে। তেনেকৈয়ে তেওঁলোকে উপাৰ্জন কৰিবলৈ লয়।

মমতাজ বিবাহিত আৰু তেঁওৰ সন্তানো আছে বুলি গোৰখপুৰলৈ উভতি আহিহে ভুক্তভোগী জ্ঞাত হয়। ইয়াৰ কিছুদিন পাছতে মমতাজ পত্নী-সন্তানসহ উধাও হয়। ইয়াতেই লাগিল কেনা। হাহাকাৰ লাগিল ভুক্তভোগীগৰাকীৰ। মমতাজে ১০ লাখ নগদ ধনসহ ৪ লাখ মূল্যৰ আ-অলংকাৰ লুটি নিয়া বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে আৰু সেই ধন-সম্পত্তি নিজৰ নৃত্য প্ৰদৰ্শনেৰে উপাৰ্জন কৰা বুলি তেওঁ জনায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?