--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত এখন ২,০০০ বছৰ পুৰণি চহৰ  আৱিষ্কাৰ হোৱাৰ কথাই এতিয়া ৰাজ্য খনৰ বাসিন্দাসকলক আনন্দিত কৰি তুলিছে৷ ৰাজ্য খনৰ বান্ধৱগড় অভয়াৰণ্যত আৱিষ্কাৰ হৈছে সেই পৌৰাণিক  'চহৰ' খন।

 ইয়াক  এখন আধুনিক চহৰ বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব৷। চহৰ খন যীচু খ্ৰীষ্টৰ সময়ৰ৷ চহৰ খনৰ বয়স প্ৰায় ২,০০০ বছৰ বুলি অনুমাণ কৰা হৈছে৷ 

পুৰাতাত্ত্বিক বিভাগৰ সূত্ৰ অনুসৰি বান্ধৱগড় ব্যাঘ্ৰ প্ৰকল্প অধীনষ্থ অভয়াৰণ্যত  সন্ধান লাভ কৰা চহৰ খনত আধুনিক দিনৰ পথৰ দৰেই  পথ আছিল ৷ যাৰ জৰিয়তে চহৰ খনৰ লোকে বাণিজ্যিক লেনদেন চলাই গৈছিল। চহৰ খনত প্ৰায়  ১,৫০০ বছৰ পুৰণি শিলৰ ওপৰত অংকিত ছবিও আছে। 

ইয়াত মানৱ-নিৰ্মিত জলাশয়ো আছে। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰিছে যে চহৰখনৰ বয়স ১৮০০ ৰ পৰা ২০০০ বছৰতকৈ কম নহ'ব। মধ্য প্ৰদেশৰ প্ৰাচীন চহৰ খনত বাস কৰা লোকসকলে   বৰষুণৰ পানী কেনেদৰে সংৰক্ষণ আৰু ব্যৱহাৰ কৰিব লাগে সেয়া হয়তো  জানিছিল। 

 হাজাৰ হাজাৰ বছৰ আগতে চহৰখন নিৰ্মাণ কৰা হৈছিল যদিও চহৰ খনৰ বহু স্থাপত্য এতিয়াও ভাল অৱস্থাতেই আছে৷  পুৰাতাত্ত্বিক জৰীপ অনুসৰি যোৱা বছৰত মধ্যপ্ৰদেশৰ সেই ঠাইতে   ২৬ টা প্ৰাচীন বৌদ্ধ গুহা পোৱা গৈছিল।সেয়া  খ্ৰীষ্টপূৰ্ব ২য় আৰু ৫ম শতিকাৰ হ’ব বুলি ধাৰণা  কৰা হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে