--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশত এখন ২,০০০ বছৰ পুৰণি চহৰ  আৱিষ্কাৰ হোৱাৰ কথাই এতিয়া ৰাজ্য খনৰ বাসিন্দাসকলক আনন্দিত কৰি তুলিছে৷ ৰাজ্য খনৰ বান্ধৱগড় অভয়াৰণ্যত আৱিষ্কাৰ হৈছে সেই পৌৰাণিক  'চহৰ' খন।

 ইয়াক  এখন আধুনিক চহৰ বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব৷। চহৰ খন যীচু খ্ৰীষ্টৰ সময়ৰ৷ চহৰ খনৰ বয়স প্ৰায় ২,০০০ বছৰ বুলি অনুমাণ কৰা হৈছে৷ 

পুৰাতাত্ত্বিক বিভাগৰ সূত্ৰ অনুসৰি বান্ধৱগড় ব্যাঘ্ৰ প্ৰকল্প অধীনষ্থ অভয়াৰণ্যত  সন্ধান লাভ কৰা চহৰ খনত আধুনিক দিনৰ পথৰ দৰেই  পথ আছিল ৷ যাৰ জৰিয়তে চহৰ খনৰ লোকে বাণিজ্যিক লেনদেন চলাই গৈছিল। চহৰ খনত প্ৰায়  ১,৫০০ বছৰ পুৰণি শিলৰ ওপৰত অংকিত ছবিও আছে। 

ইয়াত মানৱ-নিৰ্মিত জলাশয়ো আছে। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰিছে যে চহৰখনৰ বয়স ১৮০০ ৰ পৰা ২০০০ বছৰতকৈ কম নহ'ব। মধ্য প্ৰদেশৰ প্ৰাচীন চহৰ খনত বাস কৰা লোকসকলে   বৰষুণৰ পানী কেনেদৰে সংৰক্ষণ আৰু ব্যৱহাৰ কৰিব লাগে সেয়া হয়তো  জানিছিল। 

 হাজাৰ হাজাৰ বছৰ আগতে চহৰখন নিৰ্মাণ কৰা হৈছিল যদিও চহৰ খনৰ বহু স্থাপত্য এতিয়াও ভাল অৱস্থাতেই আছে৷  পুৰাতাত্ত্বিক জৰীপ অনুসৰি যোৱা বছৰত মধ্যপ্ৰদেশৰ সেই ঠাইতে   ২৬ টা প্ৰাচীন বৌদ্ধ গুহা পোৱা গৈছিল।সেয়া  খ্ৰীষ্টপূৰ্ব ২য় আৰু ৫ম শতিকাৰ হ’ব বুলি ধাৰণা  কৰা হৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল