--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য প্ৰদেশত ভোটগণনা চলি আছে। ২৩০জনীয়া মধ্য প্ৰদেশ বিধানসভাত ইতিমধ্যে বিজেপিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। 

দেওবাৰে নিশা ৮.৩০ বজালৈ বিজেপিয়ে ১৩৫খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ৪৪খন আসনত জয়লাভ কৰিছে৷ মধ্য প্ৰদেশত কংগ্ৰেছৰ এই বিপৰ্যয়ৰ বাবে কমল নাথে দোষ ঠেলিছে অখিলেশ যাদৱলৈ৷ মধ্যপ্ৰদেশত নিৰ্বাচনৰ আগত আৰু পাছত সমাজবাদী পাৰ্টি আৰু দলটোৰ মুৰব্বী অখিলেশ যাদৱক লৈ যথেষ্ট আলোচনা হৈছে। 

প্ৰকৃততে নিৰ্বাচনৰ পূৰ্বেই সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মাজৰ বিভেদ মুকলি হৈ পৰিছিল। আসন ভাগ-বটোৱাৰাৰ সময়ত সমাজবাদী পাৰ্টীক উপেক্ষা কৰাৰ বাবে অখিলেশ যাদৱে কংগ্ৰেছ আৰু মধ্য প্ৰদেশৰ নেতাসকলক সমালোচনা কৰিছিল। একে সময়তে, তেওঁ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অধীনত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে সৃষ্টি কৰা ঐক্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল৷

অখিলেশ যাদৱৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথে ছিন্দৱাৰাত কৈছিল, ‘আৰে ভাই চোডো অখিলেশ-ভীলেশ’। ইয়াৰ পাছত অখিলেশ যাদৱে অকলে মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। এনে পৰিস্থিতিত সমাজবাদী পাৰ্টীয়ে কংগ্ৰেছৰ কিমান ক্ষতি কৰিছে সেয়া জনাটো গুৰুত্বপূৰ্ণ।
কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৪০.২৭ শতাংশ ভোট লাভ কৰিছিল৷

মধ্য প্ৰদেশৰ নিৰ্বাচনী ফলাফলৰ পাছত কংগ্ৰেছৰ লজ্জাজনক পৰাজয় দৃশ্যমান হয় আৰু দলটো ৫০ৰ তলৰ আসনলৈ হ্ৰাস হোৱা দেখা গৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, কংগ্ৰেছে ৪০.২৭ শতাংশ ভোট লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে ৪৮.৮৪ শতাংশ ভোট লাভ কৰিছে। 

অৱশ্যে, সমাজবাদী পাৰ্টিয়ে কম সংখ্যক ভোট লাভ কৰিছে এই নিৰ্বাচনত৷ প্ৰাৰম্ভিক প্ৰৱণতা অনুসৰি সমাজবাদী পাৰ্টিয়ে ০.৪১ শতাংশ ভোট লাভ কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু