--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্য প্ৰদেশত ভোটগণনা চলি আছে। ২৩০জনীয়া মধ্য প্ৰদেশ বিধানসভাত ইতিমধ্যে বিজেপিয়ে বৃহৎ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। 

দেওবাৰে নিশা ৮.৩০ বজালৈ বিজেপিয়ে ১৩৫খন আসনত জয়লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ মাত্ৰ ৪৪খন আসনত জয়লাভ কৰিছে৷ মধ্য প্ৰদেশত কংগ্ৰেছৰ এই বিপৰ্যয়ৰ বাবে কমল নাথে দোষ ঠেলিছে অখিলেশ যাদৱলৈ৷ মধ্যপ্ৰদেশত নিৰ্বাচনৰ আগত আৰু পাছত সমাজবাদী পাৰ্টি আৰু দলটোৰ মুৰব্বী অখিলেশ যাদৱক লৈ যথেষ্ট আলোচনা হৈছে। 

প্ৰকৃততে নিৰ্বাচনৰ পূৰ্বেই সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছৰ মাজৰ বিভেদ মুকলি হৈ পৰিছিল। আসন ভাগ-বটোৱাৰাৰ সময়ত সমাজবাদী পাৰ্টীক উপেক্ষা কৰাৰ বাবে অখিলেশ যাদৱে কংগ্ৰেছ আৰু মধ্য প্ৰদেশৰ নেতাসকলক সমালোচনা কৰিছিল। একে সময়তে, তেওঁ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অধীনত লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে সৃষ্টি কৰা ঐক্যৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল৷

অখিলেশ যাদৱৰ বক্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথে ছিন্দৱাৰাত কৈছিল, ‘আৰে ভাই চোডো অখিলেশ-ভীলেশ’। ইয়াৰ পাছত অখিলেশ যাদৱে অকলে মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়। এনে পৰিস্থিতিত সমাজবাদী পাৰ্টীয়ে কংগ্ৰেছৰ কিমান ক্ষতি কৰিছে সেয়া জনাটো গুৰুত্বপূৰ্ণ।
কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৪০.২৭ শতাংশ ভোট লাভ কৰিছিল৷

মধ্য প্ৰদেশৰ নিৰ্বাচনী ফলাফলৰ পাছত কংগ্ৰেছৰ লজ্জাজনক পৰাজয় দৃশ্যমান হয় আৰু দলটো ৫০ৰ তলৰ আসনলৈ হ্ৰাস হোৱা দেখা গৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, কংগ্ৰেছে ৪০.২৭ শতাংশ ভোট লাভ কৰিছে আৰু বিজেপিয়ে লাভ কৰিছে ৪৮.৮৪ শতাংশ ভোট লাভ কৰিছে। 

অৱশ্যে, সমাজবাদী পাৰ্টিয়ে কম সংখ্যক ভোট লাভ কৰিছে এই নিৰ্বাচনত৷ প্ৰাৰম্ভিক প্ৰৱণতা অনুসৰি সমাজবাদী পাৰ্টিয়ে ০.৪১ শতাংশ ভোট লাভ কৰা দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক