--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেলবৰ্ণত চলি থকা বক্সিং ডে’ টেষ্টত শক্তিশালী প্ৰত্যাৱৰ্তন  ভাৰতীয় দলৰ৷ বক্সিং ডে’ টেষ্টৰ চতুৰ্থ দিনোটত ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই টেষ্ট ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ কৰি আভিলেখ সৃষ্টি কৰে ক্ৰিকেটাৰ গৰাকীয়ে৷

মেলবৰ্ণ টেষ্টৰ দ্বিতীয় ইনিংছত যশপ্ৰীত বুমৰাহে ট্ৰেভিছ হেডৰ উইকেট দখল কৰি টেষ্ট কেৰিয়াৰত ২০০টা উইকেট সম্পূৰ্ণ কৰে। ক্ৰিকেটাৰগৰকাীয়ে ৪৪খন মেচত ২০০টা উইকেট অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ টেষ্টত ২০০ উইকেট দখল কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হয়। উল্লেখযোগ্য যে বুমৰাহে ১৯.৫৬ গড়ে এই ২০০ উইকেট দখল কৰিছে আৰু টেষ্ট ক্ৰিকেটৰ ইতিহাসত ইমান কম গড়ত ২০০ উইকেট দখল কৰা একমাত্ৰ বলাৰ

মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত যশপ্ৰীত বুমৰাহে ৪টা উইকেট দখল কৰিছিল আৰু এতিয়ালৈকে তেওঁ দ্বিতীয় ইনিংছতো ৪টা উইকেট দখল কৰিছে। ইয়াৰ পূৰ্বে ইংলেণ্ডত অনুষ্ঠিত টেষ্ট মেচতো দুয়োটা ইনিংছতে ৪-৪ উইকেট দখল কৰাৰ কৃতিত্বও অৰ্জন কৰিছিল বুমৰাহে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দুয়োটা ইনিংছতে ৪টাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপেও পৰিগণিত হয় বুমৰাহ। একে সময়তে এই শতিকাত মেলবৰ্ণ টেষ্টৰ দুয়োটা ইনিংছতে ৪-৪ উইকেট দখল কৰা তেওঁ দ্বিতীয়জন বলাৰ। ইয়াৰ পূৰ্বে ডেল ষ্টেইনে ২০০৮ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত এই পৰ্যন্ত ২৯টা উইকেট দখল কৰি এই প্ৰতিযোগীতাত ভাৰতীয় বেগী বলাৰৰ ভিতৰত সৰ্বাধিক উইকেটলোৱা বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কপিল দেৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২৫টা উইকেট দখল কৰিছিল। ইয়াৰ পৰিৱৰ্তে বুমৰাহে এতিয়া মেলবৰ্ণ টেষ্টত ২৬টা উইকেট দখল কৰিবলৈ সক্ষম হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু