--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মেলবৰ্ণত চলি থকা বক্সিং ডে’ টেষ্টত শক্তিশালী প্ৰত্যাৱৰ্তন  ভাৰতীয় দলৰ৷ বক্সিং ডে’ টেষ্টৰ চতুৰ্থ দিনোটত ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহে ৰচিলে ইতিহাস। প্ৰথম ইনিংছৰ দৰেই দ্বিতীয় ইনিংছতো দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই টেষ্ট ক্ৰিকেটত ২০০ উইকেট সম্পূৰ্ণ কৰি আভিলেখ সৃষ্টি কৰে ক্ৰিকেটাৰ গৰাকীয়ে৷

মেলবৰ্ণ টেষ্টৰ দ্বিতীয় ইনিংছত যশপ্ৰীত বুমৰাহে ট্ৰেভিছ হেডৰ উইকেট দখল কৰি টেষ্ট কেৰিয়াৰত ২০০টা উইকেট সম্পূৰ্ণ কৰে। ক্ৰিকেটাৰগৰকাীয়ে ৪৪খন মেচত ২০০টা উইকেট অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ টেষ্টত ২০০ উইকেট দখল কৰা সৰ্বাধিক দ্ৰুত ভাৰতীয় বলাৰ হিচাপেও পৰিগণিত হয়। উল্লেখযোগ্য যে বুমৰাহে ১৯.৫৬ গড়ে এই ২০০ উইকেট দখল কৰিছে আৰু টেষ্ট ক্ৰিকেটৰ ইতিহাসত ইমান কম গড়ত ২০০ উইকেট দখল কৰা একমাত্ৰ বলাৰ

মেলবৰ্ণ টেষ্টৰ প্ৰথম ইনিংছত যশপ্ৰীত বুমৰাহে ৪টা উইকেট দখল কৰিছিল আৰু এতিয়ালৈকে তেওঁ দ্বিতীয় ইনিংছতো ৪টা উইকেট দখল কৰিছে। ইয়াৰ পূৰ্বে ইংলেণ্ডত অনুষ্ঠিত টেষ্ট মেচতো দুয়োটা ইনিংছতে ৪-৪ উইকেট দখল কৰাৰ কৃতিত্বও অৰ্জন কৰিছিল বুমৰাহে। ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ দুয়োটা ইনিংছতে ৪টাতকৈ অধিক উইকেট দখল কৰা প্ৰথমজন বলাৰ হিচাপেও পৰিগণিত হয় বুমৰাহ। একে সময়তে এই শতিকাত মেলবৰ্ণ টেষ্টৰ দুয়োটা ইনিংছতে ৪-৪ উইকেট দখল কৰা তেওঁ দ্বিতীয়জন বলাৰ। ইয়াৰ পূৰ্বে ডেল ষ্টেইনে ২০০৮ চনত এই কৃতিত্ব অৰ্জন কৰিছিল।

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ত এই পৰ্যন্ত ২৯টা উইকেট দখল কৰি এই প্ৰতিযোগীতাত ভাৰতীয় বেগী বলাৰৰ ভিতৰত সৰ্বাধিক উইকেটলোৱা বলাৰ হিচাপে পৰিগণিত হয়। ইয়াৰ পূৰ্বে কপিল দেৱে বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ২৫টা উইকেট দখল কৰিছিল। ইয়াৰ পৰিৱৰ্তে বুমৰাহে এতিয়া মেলবৰ্ণ টেষ্টত ২৬টা উইকেট দখল কৰিবলৈ সক্ষম হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা