--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈৰ পৰা বাৰ্মিংহামত আৰম্ভ হ’বলগীয়া কমনৱেলথ গেমছ, ২০২২ ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰিব দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে।  অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ অনুপস্থিতিত ভাৰতীয় অলিম্পিক সংস্থাই সিন্ধুৰ নাম ভাৰতীয় দলৰ পতাকা বাহক হিচাপে বাছনি কৰে। উল্লেখ্য যে গোল্ড কোষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানতো সিন্ধুৱে ভাৰতীয় ধ্বজা বহন কৰিছিল। 

এক বিবৃতি যোগে ভাৰতীয় অলিম্পিক সংস্থাই কয় যে  কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দুবাৰৰ অলিম্পিক পদক বিজয়ী শ্বাটলাৰ পি ভি সিন্ধুক ভাৰতীয় দলৰ পতাকাবাহক হিচাপে ঘোষণা কৰি ভাৰতীয় অলিম্পিক সংস্থা আনন্দিত হৈছে। 

সংস্থাই লগতে কয় যে বাৰ্মিংহামত ভাৰতীয় দলৰ পতাকাবাহক হিচাপে দুগৰাকী অলিম্পিক পদক বিজয়ী খেলুৱৈ ক্ৰমে ভাৰোত্তোলক মীৰাবাই চানু আৰু বক্সাৰ লাভলীনা বৰগোহাঁইৰ নামো বিবেচনা কৰা হৈছিল আৰু অৱশেষত সিন্ধুৰ নাম চূড়ান্ত কৰা হয়।

উল্লেখ্য যে অলিম্পিক চেম্পিয়ন তথা শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী জেভলিন তাৰকা নীৰজ চোপ্ৰা আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ লগতে বাৰ্মিংহাম কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দেশক ধ্বজ্বাবাহক হিচাপে নেতৃত্ব দিয়াৰ সুযোগ হেৰুৱাই হতাশা ব্যক্ত কৰিছে নীৰজ চোপ্ৰাই।

এক টুইট যোগে খেলুৱৈগৰাকীয়ে কয় যে কমনৱেলথ খিতাপ ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাৰ বাবে আৰু ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰাৰ আন এটা সুযোগ হেৰুওৱাৰ বাবে তেওঁ যথেষ্ট আঘাত পাইছে। উদ্বোধনী অনুষ্ঠানত টীম ইণ্ডিয়াৰ পতাকা বাহক হোৱাৰ সুযোগ হেৰুৱাই বিশেষভাৱে হতাশ হৈ পৰিছে বুলি উল্লেখ কৰে নীৰজ চোপ্ৰাই। 

যোৱা সময়ছোৱাত লাভ কৰা মৰম আৰু সমৰ্থনৰ বাবে সমগ্ৰ দেশক ধন্যবাদ জনাই নীৰজ চোপ্ৰাই লগতে বাৰ্মিংহাম কমনৱেলথ গেমছত অৱতীৰ্ণ হ’বলগীয়া ভাৰতীয় দলৰ খেলুৱৈসকলক উৎসাহিত কৰিবলৈও দেশবাসীক আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ