--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাইলৈৰ পৰা বাৰ্মিংহামত আৰম্ভ হ’বলগীয়া কমনৱেলথ গেমছ, ২০২২ ৰ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় দলৰ পতাকা বহন কৰিব দুবাৰৰ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধুৱে।  অলিম্পিক স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ অনুপস্থিতিত ভাৰতীয় অলিম্পিক সংস্থাই সিন্ধুৰ নাম ভাৰতীয় দলৰ পতাকা বাহক হিচাপে বাছনি কৰে। উল্লেখ্য যে গোল্ড কোষ্টত অনুষ্ঠিত ২০১৮ চনৰ কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানতো সিন্ধুৱে ভাৰতীয় ধ্বজা বহন কৰিছিল। 

এক বিবৃতি যোগে ভাৰতীয় অলিম্পিক সংস্থাই কয় যে  কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দুবাৰৰ অলিম্পিক পদক বিজয়ী শ্বাটলাৰ পি ভি সিন্ধুক ভাৰতীয় দলৰ পতাকাবাহক হিচাপে ঘোষণা কৰি ভাৰতীয় অলিম্পিক সংস্থা আনন্দিত হৈছে। 

সংস্থাই লগতে কয় যে বাৰ্মিংহামত ভাৰতীয় দলৰ পতাকাবাহক হিচাপে দুগৰাকী অলিম্পিক পদক বিজয়ী খেলুৱৈ ক্ৰমে ভাৰোত্তোলক মীৰাবাই চানু আৰু বক্সাৰ লাভলীনা বৰগোহাঁইৰ নামো বিবেচনা কৰা হৈছিল আৰু অৱশেষত সিন্ধুৰ নাম চূড়ান্ত কৰা হয়।

উল্লেখ্য যে অলিম্পিক চেম্পিয়ন তথা শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী জেভলিন তাৰকা নীৰজ চোপ্ৰা আঘাতৰ বাবে কমনৱেলথ গেমছৰ পৰা বাহিৰ হৈছে। প্ৰতিযোগিতাখনত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰাৰ লগতে বাৰ্মিংহাম কমনৱেলথ গেমছৰ উদ্বোধনী অনুষ্ঠানত দেশক ধ্বজ্বাবাহক হিচাপে নেতৃত্ব দিয়াৰ সুযোগ হেৰুৱাই হতাশা ব্যক্ত কৰিছে নীৰজ চোপ্ৰাই।

এক টুইট যোগে খেলুৱৈগৰাকীয়ে কয় যে কমনৱেলথ খিতাপ ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাৰ বাবে আৰু ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰাৰ আন এটা সুযোগ হেৰুওৱাৰ বাবে তেওঁ যথেষ্ট আঘাত পাইছে। উদ্বোধনী অনুষ্ঠানত টীম ইণ্ডিয়াৰ পতাকা বাহক হোৱাৰ সুযোগ হেৰুৱাই বিশেষভাৱে হতাশ হৈ পৰিছে বুলি উল্লেখ কৰে নীৰজ চোপ্ৰাই। 

যোৱা সময়ছোৱাত লাভ কৰা মৰম আৰু সমৰ্থনৰ বাবে সমগ্ৰ দেশক ধন্যবাদ জনাই নীৰজ চোপ্ৰাই লগতে বাৰ্মিংহাম কমনৱেলথ গেমছত অৱতীৰ্ণ হ’বলগীয়া ভাৰতীয় দলৰ খেলুৱৈসকলক উৎসাহিত কৰিবলৈও দেশবাসীক আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু