--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে ইডেন গাৰ্ডেনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিৰাট কোহলীয়ে শচীন টেণ্ডুলকাৰৰ শতকৰ অভিলেখ স্পৰ্শ কৰে। তাৰপাছৰে পৰা উখল মাখল সমগ্ৰ দেশ। তাৰ প্ৰভাৱ পৰিল উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰতো। অঞ্চলটোৰ এখন বিৰিয়ানীৰ দোকানত কোহলীৰ এই প্ৰদৰ্শনৰ আনন্দত বিনামূলীয়াকৈ বিৰিয়ানী পৰিবেশন কৰা হয়।

মুজাফ্ফৰনগৰ অঞ্চলৰ এখন বিখ্যাত বিৰিয়ানীৰ দোকানৰ স্বত্বাধিকাৰী মহম্মদ ডেনিছ ৰিজৱানে কয়, ''আমাৰ ইয়াত বিখ্যাত ‘মুজাফ্ফৰনগৰ চিকেন বিৰিয়ানী’। যিহেতু যোৱা মেচখনত কোহলীয়ে ৮৮ ৰান সংগ্ৰহ কৰিছিল, গতিকে আমি বিৰিয়ানীৰ মূল্যত ৮৮ শতাংশ ৰেহাই দিছিলোঁ। কোহলীৰ জন্মদিনত আমি সম্পূৰ্ণ বিনামূলীয়া বিৰিয়ানী পৰিবেশন কৰাৰ সিদ্ধান্ত লৈছিলো। তেওঁৰ শতকটোৱে আমাৰ আনন্দ আৰু অধিক বৃদ্ধি কৰিলে। কোহলীৰ শতক ভাৰতীয় ক্ৰিকেটত এক বৃহৎ মাইলৰ খুঁটি। আমাৰ দোকানৰ পৰা কমেও ৫০০ লোকে বিনামূলীয়াকৈ বিৰিয়ানী খাইছে।”

দোকানখনৰ বাহিৰত এখন পোষ্টাৰত লিখা আছিল, ‘কোহলিৰ ৰানৰ দৰেই বিৰিয়ানীৰ শতাংশ ৰেহাই’। ৰিজৱানে কয় যে যদি তেওঁ কেতিয়াবা কোহলীৰ ওচৰ পায় তেন্তে তেওঁ কোহলীৰ হাতত তেওঁৰ দোকানৰ বিশেষ বিৰিয়ানী দিব বিচাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ