--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটীঃ নিৰ্বাচনৰ বতাহৰ মাজতো ‘মহা শিৱৰাত্ৰি’ উপলক্ষে ৰাজ্যৰ শিৱ মন্দিৰসমূহত ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ‘শিৱ দ'ল’তো ১০মাৰ্চৰ পৰা ১৩মাৰ্চলৈ চাৰিদিনীয়াকৈ উদযাপন কৰা হৈছে ‘আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ-২০২১’। চিৰাঙৰ বিজনীৰ ঐতিহাসিক আমগুৰি শ্ৰী শ্ৰী শিৱ মন্দিৰতো বুধবাৰৰে পৰা দুদিনীয়াকৈ উদযাপন কৰা হৈছে শিৱৰাত্ৰি। 

আৰু পঢ়িব পাৰিব : পথ দুৰ্ঘটনাত থিতাতে নিহত ৮জনৰ : অনুসন্ধান অব্যাহত

আনহাতে জাগীৰোডৰ শিৱ মন্দিৰ সমূহতো পুৱাৰে পৰা চলিছে পূজা-অৰ্চনা৷ জাগীৰোডৰ গোভা দেওঁৰজা চাৰিভাই শিৱ মন্দিৰতো পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিছিগা সোঁত৷ বিভিন্ন প্ৰান্তৰৰ অগণন ভক্তই ধুপ-দ্বীপ নৈবেদ্যৰে মহাদেৱক পূজা-অৰ্চনা কৰাৰ লগতে ভগৱানৰ আশিস গ্ৰহণ কৰিছে৷

সমান্তৰালভাৱে ঐতিহাসিক ‘নাগশংকৰ দেৱালয়’তো পুৱাৰে পৰা বৈছে ভক্তৰ লানি নিছিগা সোঁত৷ শৈৱ্যপীঠ নাগশংকৰ দেৱালয়ত পূজা অৰ্চনা কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় বুলি এক জনবিশ্বাস তাহানিৰে পৰা চলি আহিছে৷

আৰু পঢ়িব পাৰিব : মমতা বেনাৰ্জীৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ, উত্তাল বংগৰ ৰাজনীতি

পুৱাৰে পৰা সাংস্কৃতিক নগৰী তেজপুৰৰ শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰত অগণন ভক্তই শ্ৰীশ্ৰীমহাদেৱৰ শ্ৰীচৰণত ধূপ চাকি জ্বলাই মংগল কামনা কৰিছে। আনহাতে তেজপুৰৰ শ্ৰীশ্ৰীহলেশ্বৰ মন্দিৰ, হিঙ্গুলেশ্বৰ,কেতেকেশ্বৰ,সিদ্ধেশ্বৰ আৰু শিঙৰী শিৱ মন্দিৰতো শিৱৰাত্ৰি উপলক্ষে বিশেষ পূজাৰ আয়োজন কৰা হৈছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ