--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে পৰাজয়বৰণ কৰাৰ পাছত মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নানা পাটোলে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে পোনপটীয়াকৈ ৰাইজৰ ভোট লুটি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এক সংবাদমেলত বিধানসভা নিৰ্বাচনত পৰাজিত কংগ্ৰেছ প্ৰাৰ্থীৰ সৈতে নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত আলোচনা কৰি কংগ্ৰেছৰ মুখ্য কাৰ্যালয় তিলক ভৱনত এই অভিযোগ উত্থাপন কৰে পাটোলে। 

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত ভোটৰ শতাংশৰ তাৰতম্য গুৰুতৰ আৰু চিন্তনীয় বুলি উল্লেখ কৰি পাটোলে কয় যে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০ নৱেম্বৰৰ ভোটগ্ৰহণৰ দিনটোত সন্ধিয়া ৫ বজাত ৫৮.২২% ভোটগ্ৰহণ ৰেকৰ্ড কৰা হৈছিল। একে নিশা ১১.৩০ বজাত এই সংখ্যা ৬৫.০২% লৈ বৃদ্ধি পায়, তাৰ পাছ ২১ নৱেম্বৰত ভোটদানৰ সংখ্যা ৬৬.০৫% বুলি ৰিপৰ্ট কৰৰে। এইদৰে ভোটদানৰ হাৰ মুঠ ৭.৮৩% বৃদ্ধি পোৱা পৰিলক্ষিত হয়।

নানা পাটোলে নিৰ্বাচন আয়োগক প্ৰশ্ন কৰে যে প্ৰায় ৭৬ লাখ ভোট বৃদ্ধিৰে ভোটদানৰ শতকৰা হাৰ কেনেকৈ বৃদ্ধি পালে? ভোট বৃদ্ধি হোৱা সেই সকলোবোৰ কেন্দ্ৰৰ ভিডিঅ’ ফুটেজ নিৰ্বাচন আয়োগক প্ৰকাশ কৰিবলৈ দাবী জনাইছে৷

নানা পাটোলে কয় যে ভোটগ্ৰহণৰ দিনটোত সন্ধিয়া ৫ বজাৰ পিছত ভোটদানৰ শতকৰা হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী থাকিব আৰু ৰাজ্যৰ কিমানটা সমষ্টিত ভোটাৰৰ ইমান দীঘলীয়া শাৰী আছিল সেয়া প্ৰমাণৰ সৈতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিব লাগে বুলি দাবী উত্থপন কৰে। আৰু নিৰ্বাচন আয়োগে ভোটগ্ৰহণ কেন্দ্ৰত স্থাপন কৰা চিচিটিভি ফুটেজ দেখুৱাবলৈও আহ্বান জনাইছে।

কংগ্ৰেছ নেতা গৰাকীয়ে আৰু কয় যে সাধাৰণতে ভোটদানৰ পিছতে নিৰ্বাচন আয়োগে সংবাদমেল পাতি তথ্য দিয়ে, কিন্তু এইবাৰ আয়োগে কিয় সংবাদমেল অনুষ্ঠিত কৰা নাছিল? দেশৰ বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলে মাহৰাষ্ট্ৰত ভোটাৰৰ তাৰতম্যতাক লৈ সন্দেহ প্ৰকাশ কৰিছে। যাৰ বাবে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে ৷

পাটোলে কয় যে বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দল পৰাস্ত হৈছে কাৰণেই আমি ভোটাৰৰ পৰিসংখ্যাৰ বিষয়টো উত্থাপন কৰা নাই৷ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবেহে এই বিষয়টো উত্থাপন কৰা হৈছে। বিজেপি আৰু নিৰ্বাচন আয়োগে মিলি গণতন্ত্ৰৰ ওপৰত নিষ্ঠুৰ কৌতুক কৰিছে।বিধানসভা নিৰ্বাচনত ভোটৰ পাৰ্থক্য সন্দৰ্ভত কংগ্ৰেছ দলে আদালতৰ আৰু ৰাজপথতো যুঁজ দিব বুলি সদৰি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ