--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিছুদিন পূৰ্বে সম্ভলৰ সাম্প্ৰদায়িক সংঘৰ্ষত উত্তপ্ত হৈ পৰিছিল উত্তৰ প্ৰদেশ।ৰাজনৈতিক উত্তেজনাৰ সৃষ্টি কৰা এই সংঘৰ্ষৰ ফলত কেইবাজনো লোকৰ মৃত্যু হৈছিল। যাৰ বাবে যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিৰোধী। সংসদতো উত্থাপন হৈছে সম্ভলৰ বিষয়ে। এনে পৰিস্থিতিত সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ প্ৰতিনিধিসকলে সম্ভলৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত আৰক্ষীৰ বাধাৰ সন্মুখীন হ’বলগীয়া হয়। 

প্ৰাপ্ত খবৰ অনুসৰি উত্তৰ প্ৰদেশত সম্ভল পৰিদৰ্শনৰ বাবে যোৱা লোকসভাৰ বিৰোধী দলপতি আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক গাজীপুৰ সীমান্তত আটক কৰি ৰখে। ৱায়ানাড সাংসদ প্ৰিয়ংকা গান্ধীয়েও তেওঁৰ সৈতে ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ গৈছিল। এই কাৰ্যসূচীৰ বাবে বুধবাৰে পুৱাৰে পৰা গাজীপুৰ সীমান্তত নিৰাপত্তা অধিক শক্তিশালী কৰিতোলা হৈছিল। আৰক্ষীৰ বেৰিকেড লগোৱাৰ লগতে দিল্লী-মীৰুট এক্সপ্ৰেছৱে বন্ধ কৰি দিয়া হৈছিল। প্ৰশাসনৰ বাধাৰ বাবে তেওঁলোক উত্তৰ প্ৰদেশৰ প্ৰৱেশদ্বাৰত আবদ্ধ হৈ পৰে। যাৰ বাবে দিল্লীৰ পৰা উত্তৰ প্ৰদেশলৈ যোৱা পথত হোৱা জনসমাগমৰ বাবে যাত্ৰীসকলে গন্তব্যস্থান পোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। 

গাজীপুৰ সীমান্তত নিষেধাজ্ঞাৰ কথা উল্লেখ কৰি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক আৰক্ষীয়ে ৰখাই দিয়াৰ পাছতে কংগ্ৰেছ যুৱ শাখাৰ সদস্যসকলে শ্লোগান আৰু দলীয় পতাকা উত্তোলন কৰি পৰিৱেশ উত্তেজনাময় কৰি তোলাৰ লগতে লোকসভাৰ বিৰোধী নেতাগৰাকীয়ে গাজীপুৰ সীমান্তত সংবিধান দেখুৱাই জনতাক সম্বোধন কৰে৷

ঘটনাক্ৰম অনুসৰি মোগল সম্ৰাট বাবৰৰ দিনত হৰিহৰ মন্দিৰ ভাঙি তাত শ্বাহী মছজিদ নিৰ্মাণ কৰা হৈছিল বুলি দাবী জনাই সম্ভলৰ স্থানীয় আদালতত এটা গোচৰ তৰা হৈছিল। গোচৰ ৰুজু কৰাৰ কিছু ঘণ্টাৰ ভিতৰতে নিম্ন আদালতৰ ন্যায়াধীশ আদিত্য গোস্বামীয়ে এজন আয়ুক্ত নিযুক্তি দি একেদিনাই মছজিদটোৰ জৰীপ কৰাৰ নিৰ্দেশ দিয়ে। প্ৰথম দিনাৰ জৰীপটো কোনো বাধা নোহোৱাকৈয়ে চলিল। কিন্তু দ্বিতীয়টো সমীক্ষাৰ সময়ত উত্তেজনা বিয়পি পৰে আৰু আৰক্ষীৰ গুলীচালনাৰ বাবেই ৫ জন লোকৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।

উত্তেজনাময় পৰিৱেশ শান্ত কৰিবলৈ যোগী আদিত্যনাথৰ চৰকাৰে ১০ ডিচেম্বৰলৈকে সম্ভলত বাহিৰৰ লোকৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰে। ইয়াৰ পাছতে ৰাজ্যপাল আনন্দীবেন পেটেলে সংভালে হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা ন্যায়িক সমিতিয়ে দেওবাৰে অঞ্চলটো পৰিদৰ্শন কৰে। কিন্তু শনিবাৰে যেতিয়া ৰাজ্যখনৰ প্ৰধান বিৰোধী দল সমাজবাদী পাৰ্টিৰ ১৫ জনীয়া প্ৰতিনিধি দলে সম্বলত প্ৰৱেশ কৰিছিল তেতিয়াও উত্তৰ প্ৰদেশ প্ৰশাসনে তেওঁলোকক বাধা দিছিল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ