--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মাজনিশা মহাৰাষ্ট্ৰত সংঘটিত এক শোকাৱহ পথ  দুৰ্ঘটনাত ১২ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে।  এখন মিনিবাছ  আৰু এখন কণ্টেইনাৰৰ মাজত হোৱা  সংঘৰ্ষত কমেও ১২ জন লোক নিহত হোৱাৰ কথা আৰক্ষীয়ে নিশ্চিত কৰিছে। এই ঘটনাত কমেও ২৩ জন লোক  আহত হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। কেন্দ্ৰই দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি  ঘোষণা কৰিছে।

 দুৰ্ঘটনাটোত মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজিনগৰ জিলাত সংঘটিত হৈছে। স্থানীয় সূত্ৰই প্ৰকাশ  কৰা অনুসৰি, শনিবাৰে মাজনিশা ছত্ৰপতি শম্ভাজিনগৰ জিলাৰ সম্ৰুদ্ধি এক্সপ্ৰেছৱেত ৰখাই থোৱা এখন কণ্টেইনাৰত মিনিবাছ খনে  খুন্দা মাৰে। ফলস্বৰূপে, মিনি বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হয় । 

মিনিবাছখনত মুঠ ৩৫গৰাকী যাত্ৰী আছিল। এতিয়ালৈকে দুৰ্ঘটনাটোত ১২  জন লোকৰ মৃত্যু হৈছে। আহত ২৩ জনৰ ভিতৰত বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  শনিবাৰে মাজনিশা দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত তেওঁলোক ঘটনাস্থলীলৈ  গৈছিল আৰু  আহতসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।  মৃত ১২গৰাকী যাত্ৰীৰ  ভিতৰত ছগৰাকী মহিলা আৰু এটি নাবালকো আছে । মৃতকসকলৰ  পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। 

 আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি মিনিবাছখনৰ চালকজনে অতি দ্ৰুতগতিত গাড়ী চলোৱাৰ বাভেই  নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰে।    আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু