--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰে মাজনিশা মহাৰাষ্ট্ৰত সংঘটিত এক শোকাৱহ পথ  দুৰ্ঘটনাত ১২ গৰাকী যাত্ৰীৰ মৃত্যু ঘটিছে।  এখন মিনিবাছ  আৰু এখন কণ্টেইনাৰৰ মাজত হোৱা  সংঘৰ্ষত কমেও ১২ জন লোক নিহত হোৱাৰ কথা আৰক্ষীয়ে নিশ্চিত কৰিছে। এই ঘটনাত কমেও ২৩ জন লোক  আহত হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাটোত শোক প্ৰকাশ কৰিছে। কেন্দ্ৰই দুৰ্ঘটনাটোত নিহত সকলৰ পৰিয়ালক ২ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি  ঘোষণা কৰিছে।

 দুৰ্ঘটনাটোত মহাৰাষ্ট্ৰৰ ছত্ৰপতি শম্ভাজিনগৰ জিলাত সংঘটিত হৈছে। স্থানীয় সূত্ৰই প্ৰকাশ  কৰা অনুসৰি, শনিবাৰে মাজনিশা ছত্ৰপতি শম্ভাজিনগৰ জিলাৰ সম্ৰুদ্ধি এক্সপ্ৰেছৱেত ৰখাই থোৱা এখন কণ্টেইনাৰত মিনিবাছ খনে  খুন্দা মাৰে। ফলস্বৰূপে, মিনি বাছখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে ধ্বংস হয় । 

মিনিবাছখনত মুঠ ৩৫গৰাকী যাত্ৰী আছিল। এতিয়ালৈকে দুৰ্ঘটনাটোত ১২  জন লোকৰ মৃত্যু হৈছে। আহত ২৩ জনৰ ভিতৰত বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি হ’ব পাৰে বুলি আশংকা কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  শনিবাৰে মাজনিশা দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পিছত তেওঁলোক ঘটনাস্থলীলৈ  গৈছিল আৰু  আহতসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।  মৃত ১২গৰাকী যাত্ৰীৰ  ভিতৰত ছগৰাকী মহিলা আৰু এটি নাবালকো আছে । মৃতকসকলৰ  পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। 

 আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি মিনিবাছখনৰ চালকজনে অতি দ্ৰুতগতিত গাড়ী চলোৱাৰ বাভেই  নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাটো সংঘটিত কৰে।    আৰক্ষীয়ে বিষয়টো তদন্ত কৰি আছে। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ