--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে  মধ্য প্ৰদেশত ।ৰাজ্য খনত  কংগ্ৰেছে প্ৰথম পৰ্যায়ৰ  বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন  তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সেই তালিকাত বিক্ৰম মস্তালৰ নামো  আছে। তেওঁ দূৰদৰ্শনত  আনন্দ সাগৰৰ দ্বাৰা পৰিচালিত 'ৰামায়ণ'ত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল।

 কংগ্ৰেছে হনুমানৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীক   শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নমাব।খবৰ অনুসৰি  শিৱৰাজে বুধনি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। সেই সমষ্টিটোতেই বিক্ৰমে তেওঁৰ বিৰুদ্ধে  কংগ্ৰেছৰ পৰা টিকট  লাভ কৰিছে। অভিনেতাগৰাকীয়ে  এই বছৰৰ জুলাই মাহত কংগ্ৰেছত যোগদান কৰিছিল।  বুধনি শিৱৰাজৰ দুৰ্গ হিচাবে পৰিচিত। যোৱাবাৰ, তেওঁ এই সমষ্টিত  ৫৮,৯৯৯টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। তেওঁ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰুণ যাদৱৰ দৰে প্ৰতিদ্বন্দীক পৰাজিত কৰিছিল।

কংগ্ৰেছে  প্ৰথম পৰ্যায়ত মধ্য প্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত ১৪৪ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰাক্তন  মুখ্যমন্ত্ৰী কমল নাথে ছিন্দৱাৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ আন এজন প্ৰভাৱশালী নেতা দিগ্বিজয় সিঙে প্ৰতিদ্বন্দিতা কৰা নাই । অৱশ্যে, তেওঁৰ ভাতৃ আৰু পুত্ৰ দুয়োজনেই টিকট পাইছে। 

কংগ্ৰেছৰ  তালিকাৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৬৫  শতাংশৰ বয়স ৫০ বছৰৰ তলৰ। তাৰে ভিতৰত ৩৯  জন অ'বিচি, ৩০ জন অনুসূচীত জাতিৰ আৰু ২২ জন অনুসূচীত জনজাতিৰ,  এগৰাকী মুছলমান আৰু ১৯ গৰাকী মহিলা প্ৰাৰ্থী আছে। ইফালে, বিজেপিয়েও ২৩০ জন প্ৰাৰ্থীৰ ভিতৰত ১৩৬ জনৰ নাম ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু