--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে  মধ্য প্ৰদেশত ।ৰাজ্য খনত  কংগ্ৰেছে প্ৰথম পৰ্যায়ৰ  বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ প্ৰথমখন  তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছৰ সেই তালিকাত বিক্ৰম মস্তালৰ নামো  আছে। তেওঁ দূৰদৰ্শনত  আনন্দ সাগৰৰ দ্বাৰা পৰিচালিত 'ৰামায়ণ'ত হনুমানৰ চৰিত্ৰত অভিনয় কৰিছিল।

 কংগ্ৰেছে হনুমানৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীক   শিৱৰাজ সিং চৌহানৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতাত নমাব।খবৰ অনুসৰি  শিৱৰাজে বুধনি বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব। সেই সমষ্টিটোতেই বিক্ৰমে তেওঁৰ বিৰুদ্ধে  কংগ্ৰেছৰ পৰা টিকট  লাভ কৰিছে। অভিনেতাগৰাকীয়ে  এই বছৰৰ জুলাই মাহত কংগ্ৰেছত যোগদান কৰিছিল।  বুধনি শিৱৰাজৰ দুৰ্গ হিচাবে পৰিচিত। যোৱাবাৰ, তেওঁ এই সমষ্টিত  ৫৮,৯৯৯টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। তেওঁ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা অৰুণ যাদৱৰ দৰে প্ৰতিদ্বন্দীক পৰাজিত কৰিছিল।

কংগ্ৰেছে  প্ৰথম পৰ্যায়ত মধ্য প্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত ১৪৪ খন আসনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰাক্তন  মুখ্যমন্ত্ৰী কমল নাথে ছিন্দৱাৰাৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বুলি আশা কৰা হৈছে। ৰাজ্যখনৰ আন এজন প্ৰভাৱশালী নেতা দিগ্বিজয় সিঙে প্ৰতিদ্বন্দিতা কৰা নাই । অৱশ্যে, তেওঁৰ ভাতৃ আৰু পুত্ৰ দুয়োজনেই টিকট পাইছে। 

কংগ্ৰেছৰ  তালিকাৰ প্ৰাৰ্থীসকলৰ ভিতৰত ৬৫  শতাংশৰ বয়স ৫০ বছৰৰ তলৰ। তাৰে ভিতৰত ৩৯  জন অ'বিচি, ৩০ জন অনুসূচীত জাতিৰ আৰু ২২ জন অনুসূচীত জনজাতিৰ,  এগৰাকী মুছলমান আৰু ১৯ গৰাকী মহিলা প্ৰাৰ্থী আছে। ইফালে, বিজেপিয়েও ২৩০ জন প্ৰাৰ্থীৰ ভিতৰত ১৩৬ জনৰ নাম ঘোষণা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ