--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ মুকলি হব অযোধ্যাৰ ৰাম মন্দিৰ। মন্দিৰ উদ্বোধন উপলক্ষে সমগ্ৰ দেশতেই আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেশৰ প্ৰতিখন প্ৰান্তৰ ৰাজপথতেই শ্ৰী ৰামৰ পতাকা লৈ ৰেলিৰ আয়োজন কৰিছে ভক্তসকলে। তদুপৰি কাইলৈৰ দিনটো মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰে। মুঠৰ ওপৰত সমগ্ৰ দেশতেই পালন কৰা হব অযোধ্যাৰ ৰাম মন্দিৰ মুকলিৰ অনুষ্ঠান। 

আপুনি জানেনে মহাকাশৰ পৰাও দৃশ্যমান অযোধ্যাৰ ৰাম মন্দিৰ। আপুনিও হয়তো ভাবিছে মহাকাশৰ পৰা কেনেকুৱা দেখি ৰাম মন্দিৰৰ পৰিসৰ ? 

ভাৰতীয় মহাকাশ সংস্থান ইছৰোই শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰৰ কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা  ছবি মুকলি কৰিছে। যিকেইখন ছবিত অযোধ্যাৰ অতি সুন্দৰ  ৰাম মন্দিৰ দৃশ্যমান হৈছে।

এই ফটোকেইখনত ৰাম মন্দিৰৰ উপৰি অযোধয়াৰ এক বৃহৎ অংশও দৃশ্যমান হৈছে। ইছৰোই এই ফটোখনৰ ভিতৰত ৰাম মন্দিৰক হাইলাইট কৰি প্ৰদৰ্শন কৰিছে। ছেটেলাইটৰ  ফটোখনত ৰাম মন্দিৰৰ উপৰিও দৃশ্যমান হৈছে ৰে’লৱে ষ্টেচন , দশৰ মহল , চৰয়ু নদীও দেখা পোৱা গৈছে। 

উল্লেখযোগ্য যে ইছৰোই এই ফটো বন্দী কৰিবলৈ ভাৰতীয় ৰিমোত চেছিং চিৰিজৰ এটা স্বদেশী চেটেলাইট ব্যৱহাৰ কৰিছিল। জানিব পৰা মতে এই ফটোকেইখন উক্ত চেটেলাইটটোৱে ২০২৩বৰ্ষৰ  ১৬ ডিচেম্বৰত মহাকাশৰ পৰা তুলিছিল। কিন্তু ইয়াৰ পাছত ঘন কুঁৱলীৰ বাবে পুনৰ ফটো তুলিবলৈ অসমৰ্থ হয় চেটেলাইটটো। উল্লেখযোগ্য যে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যতো ইছৰোৰ প্ৰযুক্তিবিদ্যাৰ সহায় লোৱা হৈছিল। যি কি নহওঁক ইছৰোই মুকলি কৰা ৰামমন্দিৰৰ এই ছবিকেইখনে এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক