--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ মুকলি হব অযোধ্যাৰ ৰাম মন্দিৰ। মন্দিৰ উদ্বোধন উপলক্ষে সমগ্ৰ দেশতেই আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে। দেশৰ প্ৰতিখন প্ৰান্তৰ ৰাজপথতেই শ্ৰী ৰামৰ পতাকা লৈ ৰেলিৰ আয়োজন কৰিছে ভক্তসকলে। তদুপৰি কাইলৈৰ দিনটো মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে চৰকাৰী বন্ধ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰে। মুঠৰ ওপৰত সমগ্ৰ দেশতেই পালন কৰা হব অযোধ্যাৰ ৰাম মন্দিৰ মুকলিৰ অনুষ্ঠান। 

আপুনি জানেনে মহাকাশৰ পৰাও দৃশ্যমান অযোধ্যাৰ ৰাম মন্দিৰ। আপুনিও হয়তো ভাবিছে মহাকাশৰ পৰা কেনেকুৱা দেখি ৰাম মন্দিৰৰ পৰিসৰ ? 

ভাৰতীয় মহাকাশ সংস্থান ইছৰোই শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰৰ কৃত্ৰিম উপগ্ৰহৰ পৰা তোলা  ছবি মুকলি কৰিছে। যিকেইখন ছবিত অযোধ্যাৰ অতি সুন্দৰ  ৰাম মন্দিৰ দৃশ্যমান হৈছে।

এই ফটোকেইখনত ৰাম মন্দিৰৰ উপৰি অযোধয়াৰ এক বৃহৎ অংশও দৃশ্যমান হৈছে। ইছৰোই এই ফটোখনৰ ভিতৰত ৰাম মন্দিৰক হাইলাইট কৰি প্ৰদৰ্শন কৰিছে। ছেটেলাইটৰ  ফটোখনত ৰাম মন্দিৰৰ উপৰিও দৃশ্যমান হৈছে ৰে’লৱে ষ্টেচন , দশৰ মহল , চৰয়ু নদীও দেখা পোৱা গৈছে। 

উল্লেখযোগ্য যে ইছৰোই এই ফটো বন্দী কৰিবলৈ ভাৰতীয় ৰিমোত চেছিং চিৰিজৰ এটা স্বদেশী চেটেলাইট ব্যৱহাৰ কৰিছিল। জানিব পৰা মতে এই ফটোকেইখন উক্ত চেটেলাইটটোৱে ২০২৩বৰ্ষৰ  ১৬ ডিচেম্বৰত মহাকাশৰ পৰা তুলিছিল। কিন্তু ইয়াৰ পাছত ঘন কুঁৱলীৰ বাবে পুনৰ ফটো তুলিবলৈ অসমৰ্থ হয় চেটেলাইটটো। উল্লেখযোগ্য যে ৰাম মন্দিৰ নিৰ্মাণ কাৰ্যতো ইছৰোৰ প্ৰযুক্তিবিদ্যাৰ সহায় লোৱা হৈছিল। যি কি নহওঁক ইছৰোই মুকলি কৰা ৰামমন্দিৰৰ এই ছবিকেইখনে এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু