--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ যাত্ৰাৰ ক্ষেত্ৰত ৰাছিয়া, আমেৰিকাৰ সৈতে  চৌদি আৰৱেও মাৰিবলৈ ওলাইছে। চৌদি আৰবে মহাকাশত ইতিহাস ৰচনা কৰাৰ লক্ষ্যৰে ইতিমধ্যে নানান পৰিকল্পনা কৰিছে। মহাকাশ অভিমুখে   দেওবাৰে ফ্লৰিডাৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ (আইএছএছ) ৰাওনা হ'ব কেইবাজনো মহাকাশচাৰী।

তেওঁলোকৰ ভিতৰত তিনিজন পুৰুষ মহাকাশচাৰীৰ সৈতে এগৰাকী মহিলা মহাকাশচাৰীও আছে।প্ৰথমবাৰৰ বাবে ইছলামিক দেশ চৌদি আৰৱে  এগৰাকী মহিলাক মহাকাশলৈ পঠোৱাৰ পৰিকল্পনা কৰিছে। চীনে মহাকাশ যাত্ৰাত  ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ একচেটিয়া অধিকাৰ  খৰ্ব  কৰিবলৈ ব্যাকুল হৈ পৰিছে। একে সময়তে আৰৱ দেশবোৰেও এই তালিকাতনিজৰ নাম  উজ্জ্বল কৰিব বিচাৰিছে। এনে পৰিস্থিতিত মহাকাশলৈ মহিলা মহাকাশচাৰী প্ৰেৰণৰ সিদ্ধান্ত লৈ  চৌদি আৰৱে দেশ খনৰ অতি-ৰক্ষণশীল ভাবমূৰ্তিও সলনি কৰিব বিচাৰিছে বুলি আলোচনা হৈছে।

ৰায়না বাৰনাৱাই  চৌদি আৰৱৰ এগৰাকী মহাকাশচাৰী হিচাবে পৰিগণিত হৈছে। তেওঁ  স্তনৰ কৰ্কট ৰোগৰ বিষয়ত  গৱেষণা কৰি আছে। তেওঁৰ সৈতে এই যাত্ৰাত  চৌদি আলী আল-কাৰ্ণাও থাকিব। আলী আল-কাৰ্ণা এজন যুঁজাৰু বিমান পাইলট। তেওঁলোকৰ সৈতে আন দুজন মহাকাশচাৰী নাছাৰ পেগি হুইটচন আৰু ব্যৱসায়ী জন শ্বাফনাৰো থাকিব।  তেওঁলোকে সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ১:৩০ বজাত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হোৱাৰ কথা আছে। মহাকাশচাৰীসকলে তাত ১০ দিন থাকিব।

যোৱা বছৰ ছেপ্তেম্বৰত চৌদি আৰবে ঘোষণা কৰিছিল যে তেওঁলোকে এগৰাকী মহিলা মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে