--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে এটা অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই শেহতীয়াকৈ ভাৰতৰ পিএছএলভি (পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল)ৰ জড়িয়তে   মহাকাশলৈ আন এটা থলুৱাভাবে নিৰ্মাণ কৰা  উপগ্ৰহ উৎক্ষেপণ কৰিছে। ৰকেটখনে ভাৰতৰ  শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ছিংগাপুৰৰ দুটা উপগ্ৰহ (টেলিঅ'ছ-২ আৰু লুমেলাইট-৪) লৈও মহাকাশলৈ  উৰা মাৰে৷  

ইতিমধ্যে কৃত্ৰিম  উপগ্ৰহ দুটা  নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাটো সম্ভ হৈছে বুলি জানিব পৰা গৈছে৷ সাধাৰণতে উপগ্ৰহ প্ৰেৰণৰ   পিছত ৰকেটৰ কিছু অংশ বায়ুমণ্ডললৈ উভতি আহে আৰু মহাকাশত জ্বলি উঠে৷   কিন্তু এইবাৰ পিএছএলভি অৰ্বিটাল এক্সপেৰিমেণ্টেল মডিউল-২ বা 'পোয়েম-২ ')এ তেনে ঘটিবলৈ দিয়া নাই৷  'পোয়েম-২ ' (যাক বহুতে কবিতা বুলি অভিহিত কৰিছে)এ  ইছৰোৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্স আৰু দুটা ব্যক্তিগত কোম্পানীৰ সৈতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰ খনত  কাম কৰি আছে। 

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে পোয়েম-২য়ে ইয়াৰ নিজা সৌৰ পেনেলৰ জড়িয়তে শক্তি আহৰণ কৰিব পাৰে। তেওঁ আক্ষৰিক অৰ্থত কয় যে মহাকাশত  "পয়েমে অধিক কবিতা লিখিব"৷ তেওঁ ইংৰাজীৰ "পোয়েম" শব্দটোৰ ভাঙনি কৰি তাক  'কবিতা' বুলি উল্লেখ কৰে। ছিংগাপুৰ চৰকাৰে ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেছ ইণ্ডিয়া লিমিটেডক  দুটা উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ দায়িত্ব দিছিল। ইছৰোৰ মতে, টেলিঅ'ছ-২-য়ে ছিংগাপুৰৰ বিভিন্ন সংস্থাৰ বাবে উপগ্ৰহ ছবিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। আৰু লুমেলাইট-৪ এ ছিংগাপুৰ আৰু অন্যান্য দেশৰ বাবে জাহাজ পৰিবহনৰ ক্ষেত্ৰতো তথ্যৰ যোগান ধৰিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন