--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাকাশ গৱেষণাৰ দিশৰ পৰা বিশ্বৰ ভিতৰতে এটা অগ্ৰণী প্ৰতিষ্ঠানত পৰিণত হোৱা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই শেহতীয়াকৈ ভাৰতৰ পিএছএলভি (পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল)ৰ জড়িয়তে   মহাকাশলৈ আন এটা থলুৱাভাবে নিৰ্মাণ কৰা  উপগ্ৰহ উৎক্ষেপণ কৰিছে। ৰকেটখনে ভাৰতৰ  শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ছিংগাপুৰৰ দুটা উপগ্ৰহ (টেলিঅ'ছ-২ আৰু লুমেলাইট-৪) লৈও মহাকাশলৈ  উৰা মাৰে৷  

ইতিমধ্যে কৃত্ৰিম  উপগ্ৰহ দুটা  নিৰ্ধাৰিত কক্ষপথত স্থাপন কৰাটো সম্ভ হৈছে বুলি জানিব পৰা গৈছে৷ সাধাৰণতে উপগ্ৰহ প্ৰেৰণৰ   পিছত ৰকেটৰ কিছু অংশ বায়ুমণ্ডললৈ উভতি আহে আৰু মহাকাশত জ্বলি উঠে৷   কিন্তু এইবাৰ পিএছএলভি অৰ্বিটাল এক্সপেৰিমেণ্টেল মডিউল-২ বা 'পোয়েম-২ ')এ তেনে ঘটিবলৈ দিয়া নাই৷  'পোয়েম-২ ' (যাক বহুতে কবিতা বুলি অভিহিত কৰিছে)এ  ইছৰোৰ লগতে ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰোফিজিক্স আৰু দুটা ব্যক্তিগত কোম্পানীৰ সৈতে মহাকাশ গৱেষণাৰ ক্ষেত্ৰ খনত  কাম কৰি আছে। 

ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে পোয়েম-২য়ে ইয়াৰ নিজা সৌৰ পেনেলৰ জড়িয়তে শক্তি আহৰণ কৰিব পাৰে। তেওঁ আক্ষৰিক অৰ্থত কয় যে মহাকাশত  "পয়েমে অধিক কবিতা লিখিব"৷ তেওঁ ইংৰাজীৰ "পোয়েম" শব্দটোৰ ভাঙনি কৰি তাক  'কবিতা' বুলি উল্লেখ কৰে। ছিংগাপুৰ চৰকাৰে ইছৰোৰ বাণিজ্যিক শাখা নিউস্পেছ ইণ্ডিয়া লিমিটেডক  দুটা উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ দায়িত্ব দিছিল। ইছৰোৰ মতে, টেলিঅ'ছ-২-য়ে ছিংগাপুৰৰ বিভিন্ন সংস্থাৰ বাবে উপগ্ৰহ ছবিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। আৰু লুমেলাইট-৪ এ ছিংগাপুৰ আৰু অন্যান্য দেশৰ বাবে জাহাজ পৰিবহনৰ ক্ষেত্ৰতো তথ্যৰ যোগান ধৰিব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ