--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দেশত সকলোৰে মুখে মুখে অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ কথা। পত্নীৰ সৈতে অৱনতি ঘটা সম্পৰ্ক আৰু নিৰ্যাতনত বিৰক্ত হৈ যোৱা ৯ ডিচেম্বৰত আত্মহত্যা কৰে অতুলে। ইয়াৰ পূৰ্বে তেওঁ ২৪ পৃষ্ঠাৰ চুইচাইড নোট লিখিছিল আৰু লগতে এটা ভিডিঅ’ও প্ৰস্তুত কৰিছিল, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইফালে কৰ্ণালৰ পৰা পোহৰলৈ আহিছে বৃদ্ধ দম্পতীৰ বিবাহ বিচ্ছেদৰ এক অতি আমোদজনক খবৰ ৷

এই গোচৰটো অতুল সুভাষৰ গোচৰৰ সৈতে যথেষ্ট মিল আছে। ইয়াতো স্বামীয়ে পত্নীক মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ১৮ বছৰ ধৰি চলি থাকিল বিবাহ বিচ্ছেদৰ গোচৰ। তাৰপিছত বৃদ্ধলোকজনে তিনি কোটি টকাৰে থিৰাং কৰি পত্নীক বিবাহ বিচ্ছেদ কৰিলে। বিষয়টো হাৰিয়ানাৰ কৰ্ণালৰ। ইয়াত বাস কৰা বৃদ্ধ দম্পতীৰ জীৱনৰ সপ্ত দশকত বিবাহ বিচ্ছেদ হৈছে। দুয়োৰে ৪৪ বছৰীয়া বিবাহ ভাঙি যায়। ৭০ বছৰীয়া স্বামীয়ে ৭৩ বছৰীয়া পত্নীক নিষ্পত্তি হিচাপে দিছে ৩ কোটি টকা।

১৮ বছৰীয়া আইনী যুঁজৰ অন্তত বৃদ্ধ দম্পতীটোৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। স্বামীয়ে কয় যে তেওঁৰ পত্নীয়ে মানসিক নিষ্ঠুৰতাত লিপ্ত হয় আৰু তেওঁ পত্নীৰ পৰা বিৰক্ত হয়। বন্দোবস্তৰ ধন পৰিশোধ কৰিবলৈ স্বামীয়ে নিজৰ কৃষিভূমি বিক্ৰী কৰি ৩ কোটি টকা দিলে। দুয়োৰে বিবাহ বিচ্ছেদ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অনুমোদন জনোৱা হয়। ১৯৮০ চনৰ ২৭ আগষ্টত দুয়োৰে বিবাহ হয়। তেওঁৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে।

প্ৰায় ২৫ বছৰ ধৰি দুয়োৰে মাজত সম্পৰ্ক ভালদৰে চলিছিল যদিও তাৰ পিছত তিক্ততাৰ সৃষ্টি হ’বলৈ ধৰিলে। ২০০৬ চনৰ ৮ মে’ৰ পৰা দুয়োজনে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে স্বামীয়ে ২০১৩ চনত মানসিক নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে। আবেদন নাকচ হোৱাৰ বাবে উচ্চ ন্যায়ালয়ত উপস্থিত হয় দুয়ো। ১১ বছৰৰ মামলাৰ অন্তত তেওঁৰ বিবাহ বিচ্ছেদ হয় আৰু পত্নীক তেওঁৰ ভৰণ-পোষণৰ বাবে ৩ কোটি টকা দিয়াৰ পিছত তেওঁলোকৰ সম্পৰ্ক সম্পূৰ্নৰূপে বিচ্ছিন্ন হয়।

এই নিষ্পত্তিৰ ধন নগদ ধন, ডিমাণ্ড ড্ৰাফ্ট, সোণ আৰু ৰূপৰ জৰিয়তে দিয়া হ’ব। এইটো স্পষ্ট যে স্বামীয়ে নিজৰ সমগ্ৰ জীৱনৰ উপাৰ্জন নিষ্পত্তি হিচাপে দিবলৈ সাজু। তথ্য অনুসৰি এই ধন পৰিশোধ কৰিবলৈ তেওঁ ২.১৬ কোটি টকাৰ মাটি বিক্ৰী কৰিছে। ইয়াৰ উপৰিও ৫০ লাখ টকা নগদ ধন। এই পৰিমাণ শস্য বিক্ৰী কৰি সংগ্ৰহ কৰিছে। ৪০ লাখ টকাৰ গহনা দিবলৈ সাজু তেওঁ। এই চুক্তিত এইটোও সিদ্ধান্ত লোৱা হৈছে যে বৃদ্ধজনৰ মৃত্যু হ’লেও পত্নী আৰু তেওঁৰ সন্তানৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাথাকিব। এই সিদ্ধান্ত পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধীৰ সিং আৰু ন্যায়াধীশ যশজিৎ সিং বেদীয়ে প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement