--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান দেশত সকলোৰে মুখে মুখে অভিযন্তা অতুল সুভাষৰ আত্মহত্যাৰ কথা। পত্নীৰ সৈতে অৱনতি ঘটা সম্পৰ্ক আৰু নিৰ্যাতনত বিৰক্ত হৈ যোৱা ৯ ডিচেম্বৰত আত্মহত্যা কৰে অতুলে। ইয়াৰ পূৰ্বে তেওঁ ২৪ পৃষ্ঠাৰ চুইচাইড নোট লিখিছিল আৰু লগতে এটা ভিডিঅ’ও প্ৰস্তুত কৰিছিল, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ইফালে কৰ্ণালৰ পৰা পোহৰলৈ আহিছে বৃদ্ধ দম্পতীৰ বিবাহ বিচ্ছেদৰ এক অতি আমোদজনক খবৰ ৷

এই গোচৰটো অতুল সুভাষৰ গোচৰৰ সৈতে যথেষ্ট মিল আছে। ইয়াতো স্বামীয়ে পত্নীক মানসিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ১৮ বছৰ ধৰি চলি থাকিল বিবাহ বিচ্ছেদৰ গোচৰ। তাৰপিছত বৃদ্ধলোকজনে তিনি কোটি টকাৰে থিৰাং কৰি পত্নীক বিবাহ বিচ্ছেদ কৰিলে। বিষয়টো হাৰিয়ানাৰ কৰ্ণালৰ। ইয়াত বাস কৰা বৃদ্ধ দম্পতীৰ জীৱনৰ সপ্ত দশকত বিবাহ বিচ্ছেদ হৈছে। দুয়োৰে ৪৪ বছৰীয়া বিবাহ ভাঙি যায়। ৭০ বছৰীয়া স্বামীয়ে ৭৩ বছৰীয়া পত্নীক নিষ্পত্তি হিচাপে দিছে ৩ কোটি টকা।

১৮ বছৰীয়া আইনী যুঁজৰ অন্তত বৃদ্ধ দম্পতীটোৱে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। স্বামীয়ে কয় যে তেওঁৰ পত্নীয়ে মানসিক নিষ্ঠুৰতাত লিপ্ত হয় আৰু তেওঁ পত্নীৰ পৰা বিৰক্ত হয়। বন্দোবস্তৰ ধন পৰিশোধ কৰিবলৈ স্বামীয়ে নিজৰ কৃষিভূমি বিক্ৰী কৰি ৩ কোটি টকা দিলে। দুয়োৰে বিবাহ বিচ্ছেদ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অনুমোদন জনোৱা হয়। ১৯৮০ চনৰ ২৭ আগষ্টত দুয়োৰে বিবাহ হয়। তেওঁৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ সন্তান আছে।

প্ৰায় ২৫ বছৰ ধৰি দুয়োৰে মাজত সম্পৰ্ক ভালদৰে চলিছিল যদিও তাৰ পিছত তিক্ততাৰ সৃষ্টি হ’বলৈ ধৰিলে। ২০০৬ চনৰ ৮ মে’ৰ পৰা দুয়োজনে পৃথকে পৃথকে থাকিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে স্বামীয়ে ২০১৩ চনত মানসিক নিষ্ঠুৰতাৰ অভিযোগ উত্থাপন কৰি বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰে। আবেদন নাকচ হোৱাৰ বাবে উচ্চ ন্যায়ালয়ত উপস্থিত হয় দুয়ো। ১১ বছৰৰ মামলাৰ অন্তত তেওঁৰ বিবাহ বিচ্ছেদ হয় আৰু পত্নীক তেওঁৰ ভৰণ-পোষণৰ বাবে ৩ কোটি টকা দিয়াৰ পিছত তেওঁলোকৰ সম্পৰ্ক সম্পূৰ্নৰূপে বিচ্ছিন্ন হয়।

এই নিষ্পত্তিৰ ধন নগদ ধন, ডিমাণ্ড ড্ৰাফ্ট, সোণ আৰু ৰূপৰ জৰিয়তে দিয়া হ’ব। এইটো স্পষ্ট যে স্বামীয়ে নিজৰ সমগ্ৰ জীৱনৰ উপাৰ্জন নিষ্পত্তি হিচাপে দিবলৈ সাজু। তথ্য অনুসৰি এই ধন পৰিশোধ কৰিবলৈ তেওঁ ২.১৬ কোটি টকাৰ মাটি বিক্ৰী কৰিছে। ইয়াৰ উপৰিও ৫০ লাখ টকা নগদ ধন। এই পৰিমাণ শস্য বিক্ৰী কৰি সংগ্ৰহ কৰিছে। ৪০ লাখ টকাৰ গহনা দিবলৈ সাজু তেওঁ। এই চুক্তিত এইটোও সিদ্ধান্ত লোৱা হৈছে যে বৃদ্ধজনৰ মৃত্যু হ’লেও পত্নী আৰু তেওঁৰ সন্তানৰ সম্পত্তিৰ ওপৰত কোনো অধিকাৰ নাথাকিব। এই সিদ্ধান্ত পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুধীৰ সিং আৰু ন্যায়াধীশ যশজিৎ সিং বেদীয়ে প্ৰদান কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু