--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভমেলাত ভক্তৰ পবিত্র স্নান অব্যাহত আছে। প্রয়াগৰাজৰ ত্রিবেণী সংগমত এতিয়ালৈকে ৫০ কোটিতকৈ অধিক ভক্তই স্নান কৰিছে। ত্রিবেণী সংগমত স্নানৰ বাবে ভক্তৰ আগমন অব্যাহত আছে। ইয়াৰ মাজতে প্রয়াগৰাজত গংগা আৰু যমুনাৰ পানীৰ বিশুদ্ধতা তথা গুণগত মানক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত (এন জি টি) কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব'র্ডে (চি পি চি বি) কালি দাখিল কৰা এক প্রতিবেদনত প্ৰকাশ কৰা অনুসৰি প্ৰয়াগৰাজত গংগা আৰু যমুনাৰ পানীৰ মান অৱনমিত হৈছে। প্ৰয়াগৰাজৰ গংগা স্নান কৰিবলৈ আগমন ঘটা ভক্তসকলৰ স্বাস্থ্য ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে।

উল্লেখ্য যে মানৱ সমাজৰ উপৰি পৰিৱেশতো ইয়াৰ ব্যাপক বিৰূপ প্রভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। এই পানীৰ গুণগত মানৰ সঠিকভাৱে নিয়ম পালন কৰা হোৱা নাই। চি পি চি বিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি প্রয়াগৰাজত গংগা আৰু যমুনাৰ পানীত বায়'কেমিকেল অক্সিজেন ডিমাণ্ডৰ (বি অ' ডি) মাত্রা স্বাভাৱিকতে গা-ধোৱা পানীতকৈ বহুত বেছি। ইয়াৰ লগতে ফেকল কলিফৰ্মৰ (এফ চি) মাত্রাও বহুত বেছি পোৱা গৈছে। সাধাৰণতে এক মিলিলিটাৰ পানীত ১০০টা ফিকল কলিফর্ম বেক্টেৰিয়া স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, কিন্তু প্রয়াগৰাজত গংগা আৰু যমুনাৰ পানীত প্রতি মিলিলিটাৰত ২০০০-২৩০০ ফিকল কলিফর্ম পোৱা গৈছে। ফিকল কলিফর্ম মলমূত্রত পোৱা এবিধ বেক্টেৰিয়া। এই বেক্টেৰিয়াই ত্রিবেণী সংগমত স্নান কৰা ভক্তসকলৰ স্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে। কেৱল সিমানেই নহয়, নদী দুখনৰ পানীত ব্যাপক হাৰত ৰোগৰ সংক্ৰমণ হোৱা ছালমনেলা আৰু ই-কলাইৰ দৰে ভাইৰাছ উপস্থিতিৰ শংকা ব্যক্ত কৰিছে।

প্রতিবেদনত উল্লেখ কৰা অনুসৰি মলমূত্র নিষ্কাশনৰ ব্যৱস্থাও নিৰ্ধাৰিত মানৰ হোৱা নাই বুলি কোৱা হৈছে। চি পি চি বিয়ে প্রতিবেদখনত উল্লেখ কৰা মতে, ছিৱেজ ট্রিটমেন্ট প্লান্টে (এছ টি পি) নিজৰ ক্ষমতাতকৈ অধিক কাম কৰিবলগীয়া হৈছে। প্রয়াগৰাজত ৩৪০ এম এল ডিৰ দহটা ছিৱেজ ট্রিটমেন্ট প্লান্ট আছে। ছিৱেজ ট্রিটমেন্ট প্লান্টে নিজৰ ক্ষমতাতকৈ অধিক কাম কৰি থকা বুলি কোৱা হৈছে। চি পি চি বিৰ এটা দলে অলপতে প্রয়াগৰাজত সাতটা জিঅ' ছিন্থেটিকৰ (জিঅ' টিউব) স্থান পর্যবেক্ষণ কৰে। ইয়াৰ পৰা সংগ্ৰহ কৰা নমুনাত জিঅ' টিউব নিৰ্ধাৰিত মানৰ নহয় বুলিও কোৱা হৈছে। জিঅ' টিউবে পৰিশোধন প্রণালীৰ মানসমূহ পূৰণ কৰাত ব্যর্থ হৈছে। চি পি চি বিয়ে ৯-২১ জানুৱাৰীত প্রয়াগৰাজৰ ৭৩টা স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছিল। ইফালে নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল' হস্পিটেলৰ ইণ্টাৰনেল মেডিচিনৰ এজন বিশেষজ্ঞই কয় যে কুম্ভমেলাত স্নান কৰি অহা একাংশ লোক অসুস্থ হৈ পৰা দেখা পোৱা গৈছে। ইয়াৰে ভালেমান লোকৰ শ্বাস-প্রশ্বাস তথা বুকুত সংক্রমণ হোৱা বুলি ধৰা পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু