--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত যোৱা ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভমেলাত ভক্তৰ পবিত্র স্নান অব্যাহত আছে। প্রয়াগৰাজৰ ত্রিবেণী সংগমত এতিয়ালৈকে ৫০ কোটিতকৈ অধিক ভক্তই স্নান কৰিছে। ত্রিবেণী সংগমত স্নানৰ বাবে ভক্তৰ আগমন অব্যাহত আছে। ইয়াৰ মাজতে প্রয়াগৰাজত গংগা আৰু যমুনাৰ পানীৰ বিশুদ্ধতা তথা গুণগত মানক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত (এন জি টি) কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব'র্ডে (চি পি চি বি) কালি দাখিল কৰা এক প্রতিবেদনত প্ৰকাশ কৰা অনুসৰি প্ৰয়াগৰাজত গংগা আৰু যমুনাৰ পানীৰ মান অৱনমিত হৈছে। প্ৰয়াগৰাজৰ গংগা স্নান কৰিবলৈ আগমন ঘটা ভক্তসকলৰ স্বাস্থ্য ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে।

উল্লেখ্য যে মানৱ সমাজৰ উপৰি পৰিৱেশতো ইয়াৰ ব্যাপক বিৰূপ প্রভাৱ পৰাৰ আশংকা ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। এই পানীৰ গুণগত মানৰ সঠিকভাৱে নিয়ম পালন কৰা হোৱা নাই। চি পি চি বিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি প্রয়াগৰাজত গংগা আৰু যমুনাৰ পানীত বায়'কেমিকেল অক্সিজেন ডিমাণ্ডৰ (বি অ' ডি) মাত্রা স্বাভাৱিকতে গা-ধোৱা পানীতকৈ বহুত বেছি। ইয়াৰ লগতে ফেকল কলিফৰ্মৰ (এফ চি) মাত্রাও বহুত বেছি পোৱা গৈছে। সাধাৰণতে এক মিলিলিটাৰ পানীত ১০০টা ফিকল কলিফর্ম বেক্টেৰিয়া স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয়, কিন্তু প্রয়াগৰাজত গংগা আৰু যমুনাৰ পানীত প্রতি মিলিলিটাৰত ২০০০-২৩০০ ফিকল কলিফর্ম পোৱা গৈছে। ফিকল কলিফর্ম মলমূত্রত পোৱা এবিধ বেক্টেৰিয়া। এই বেক্টেৰিয়াই ত্রিবেণী সংগমত স্নান কৰা ভক্তসকলৰ স্বাস্থ্যৰ প্রতি ভাবুকিৰ সৃষ্টি কৰিছে। কেৱল সিমানেই নহয়, নদী দুখনৰ পানীত ব্যাপক হাৰত ৰোগৰ সংক্ৰমণ হোৱা ছালমনেলা আৰু ই-কলাইৰ দৰে ভাইৰাছ উপস্থিতিৰ শংকা ব্যক্ত কৰিছে।

প্রতিবেদনত উল্লেখ কৰা অনুসৰি মলমূত্র নিষ্কাশনৰ ব্যৱস্থাও নিৰ্ধাৰিত মানৰ হোৱা নাই বুলি কোৱা হৈছে। চি পি চি বিয়ে প্রতিবেদখনত উল্লেখ কৰা মতে, ছিৱেজ ট্রিটমেন্ট প্লান্টে (এছ টি পি) নিজৰ ক্ষমতাতকৈ অধিক কাম কৰিবলগীয়া হৈছে। প্রয়াগৰাজত ৩৪০ এম এল ডিৰ দহটা ছিৱেজ ট্রিটমেন্ট প্লান্ট আছে। ছিৱেজ ট্রিটমেন্ট প্লান্টে নিজৰ ক্ষমতাতকৈ অধিক কাম কৰি থকা বুলি কোৱা হৈছে। চি পি চি বিৰ এটা দলে অলপতে প্রয়াগৰাজত সাতটা জিঅ' ছিন্থেটিকৰ (জিঅ' টিউব) স্থান পর্যবেক্ষণ কৰে। ইয়াৰ পৰা সংগ্ৰহ কৰা নমুনাত জিঅ' টিউব নিৰ্ধাৰিত মানৰ নহয় বুলিও কোৱা হৈছে। জিঅ' টিউবে পৰিশোধন প্রণালীৰ মানসমূহ পূৰণ কৰাত ব্যর্থ হৈছে। চি পি চি বিয়ে ৯-২১ জানুৱাৰীত প্রয়াগৰাজৰ ৭৩টা স্থানৰ পৰা নমুনা সংগ্ৰহ কৰিছিল। ইফালে নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল' হস্পিটেলৰ ইণ্টাৰনেল মেডিচিনৰ এজন বিশেষজ্ঞই কয় যে কুম্ভমেলাত স্নান কৰি অহা একাংশ লোক অসুস্থ হৈ পৰা দেখা পোৱা গৈছে। ইয়াৰে ভালেমান লোকৰ শ্বাস-প্রশ্বাস তথা বুকুত সংক্রমণ হোৱা বুলি ধৰা পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ