--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ অকাল মৃত্যুৰ পাছত এগৰাকী ভাৰতীয় সেনাই এনে পদক্ষেপ গ্ৰহণ কৰিলে যিটোৱে প্ৰকাশ কৰিছে মানৱতাৰ উজ্জ্বল নিদৰ্শন। ছয়জন লোকক নতুন জীৱন দিলে সেনাগৰাকীয়ে। 

পথ দুৰ্ঘটনাত পুত্ৰক অকালতে হেৰুৱালে সেনাগৰাকীয়ে। তেওঁ সাহস দেখুৱাই মৃত পুত্ৰৰ অংগদান কৰাৰ সিদ্ধান্ত লয়। লিভাৰ, কিডনী, অগ্নাশয় আৰু কৰ্ণিয়া দান কৰি তেওঁ পুত্ৰৰ স্মৃতিবোৰক জীয়াই ৰখাৰ সিদ্ধান্ত লয়। সেনাগৰাকীৰ এই সিদ্ধান্তত ছজনকৈ অসহায় লোকে লাভ কৰিলে নতুন জীৱন।

ঘটনা অনুসৰি ৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত সেনাবাহিনীৰ হাবিলদাৰ নৰেশ কুমাৰৰ ১৮ বছৰীয়া পুত্ৰ অৰ্শদীপ সিঙৰ মৃত্যু হয়। এই বেদনাদায়ক ক্ষতিৰ পিছতো হাবিলদাৰ নৰেশ কুমাৰে এটা সাহসী সিদ্ধান্ত ল’লে। তেওঁ পুত্ৰৰ লিভাৰ, কিডনী, অগ্নাশয় আৰু কৰ্ণিয়া দান কৰিবলৈ সন্মত হয়। এই সিদ্ধান্তই ছয়জন গুৰুতৰভাৱে অসুস্থ ৰোগীক নতুন জীৱন দিলে।

এই অংগদান প্ৰক্ৰিয়াৰ অংশ হিচাপে অৰ্শদীপৰ লিভাৰ আৰু কিডনী তৎক্ষণাত সেউজ কৰিডৰৰ মাজেৰে আৰ্মি হস্পিতাল ৰিচাৰ্চ এণ্ড ৰেফাৰেল, নতুন দিল্লীলৈ প্ৰেৰণ কৰা হয়। একে সময়তে পিজিআইত গুৰুতৰ টাইপ-১ ডায়েবেটিছ আৰু দীৰ্ঘদিনীয়া কিডনীৰ ৰোগত আক্ৰান্ত ৰোগীৰ কিডনী আৰু অগ্নাশয় সংৰোপণ কৰা হৈছিল।

ইয়াৰ উপৰিও দুজন লোকক চকুৰ দৃষ্টিশক্তি প্ৰদানৰ বাবে কৰ্ণিয়া প্ৰদান কৰা হয়। চণ্ডীমন্দিৰত অৱস্থিত কমাণ্ড হাস্পতালৰ বিশেষজ্ঞ দলটোৱে এই প্ৰক্ৰিয়াত ভূমিকা পালন কৰিছিল। হাবিলদাৰ নৰেশ কুমাৰৰ এই পদক্ষেপে সমাজখনকো অনুপ্ৰাণিত কৰিব যে ব্যক্তিগত ক্ষতিৰ মাজতো আমি আনৰ জীৱনত আশাৰ পোহৰ সিঁচিব পাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ