--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুত্ৰৰ অকাল মৃত্যুৰ পাছত এগৰাকী ভাৰতীয় সেনাই এনে পদক্ষেপ গ্ৰহণ কৰিলে যিটোৱে প্ৰকাশ কৰিছে মানৱতাৰ উজ্জ্বল নিদৰ্শন। ছয়জন লোকক নতুন জীৱন দিলে সেনাগৰাকীয়ে। 

পথ দুৰ্ঘটনাত পুত্ৰক অকালতে হেৰুৱালে সেনাগৰাকীয়ে। তেওঁ সাহস দেখুৱাই মৃত পুত্ৰৰ অংগদান কৰাৰ সিদ্ধান্ত লয়। লিভাৰ, কিডনী, অগ্নাশয় আৰু কৰ্ণিয়া দান কৰি তেওঁ পুত্ৰৰ স্মৃতিবোৰক জীয়াই ৰখাৰ সিদ্ধান্ত লয়। সেনাগৰাকীৰ এই সিদ্ধান্তত ছজনকৈ অসহায় লোকে লাভ কৰিলে নতুন জীৱন।

ঘটনা অনুসৰি ৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত সেনাবাহিনীৰ হাবিলদাৰ নৰেশ কুমাৰৰ ১৮ বছৰীয়া পুত্ৰ অৰ্শদীপ সিঙৰ মৃত্যু হয়। এই বেদনাদায়ক ক্ষতিৰ পিছতো হাবিলদাৰ নৰেশ কুমাৰে এটা সাহসী সিদ্ধান্ত ল’লে। তেওঁ পুত্ৰৰ লিভাৰ, কিডনী, অগ্নাশয় আৰু কৰ্ণিয়া দান কৰিবলৈ সন্মত হয়। এই সিদ্ধান্তই ছয়জন গুৰুতৰভাৱে অসুস্থ ৰোগীক নতুন জীৱন দিলে।

এই অংগদান প্ৰক্ৰিয়াৰ অংশ হিচাপে অৰ্শদীপৰ লিভাৰ আৰু কিডনী তৎক্ষণাত সেউজ কৰিডৰৰ মাজেৰে আৰ্মি হস্পিতাল ৰিচাৰ্চ এণ্ড ৰেফাৰেল, নতুন দিল্লীলৈ প্ৰেৰণ কৰা হয়। একে সময়তে পিজিআইত গুৰুতৰ টাইপ-১ ডায়েবেটিছ আৰু দীৰ্ঘদিনীয়া কিডনীৰ ৰোগত আক্ৰান্ত ৰোগীৰ কিডনী আৰু অগ্নাশয় সংৰোপণ কৰা হৈছিল।

ইয়াৰ উপৰিও দুজন লোকক চকুৰ দৃষ্টিশক্তি প্ৰদানৰ বাবে কৰ্ণিয়া প্ৰদান কৰা হয়। চণ্ডীমন্দিৰত অৱস্থিত কমাণ্ড হাস্পতালৰ বিশেষজ্ঞ দলটোৱে এই প্ৰক্ৰিয়াত ভূমিকা পালন কৰিছিল। হাবিলদাৰ নৰেশ কুমাৰৰ এই পদক্ষেপে সমাজখনকো অনুপ্ৰাণিত কৰিব যে ব্যক্তিগত ক্ষতিৰ মাজতো আমি আনৰ জীৱনত আশাৰ পোহৰ সিঁচিব পাৰো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু