--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েটিং কৰি মৃ্ত্যুক সাবটিলে এগৰাকী ১৮ বছৰীয়া যুৱতীয়ে। শ্লীম হৈ থাকিবলৈ যুৱতীগৰাকীয়ে অনলাইনত চাই চাই শিকিলে ডায়েটিং। ছোৱালীজনীয়ে নিজৰ ওজন কম কৰিবলৈ অনলাইন প্লেটফৰ্মৰ সহায়ত বিশেষ ডায়েট প্লেন মানি চলিছিল।

অৱশেষত খাদ্যৰ অভাৱত সৃষ্টি হোৱা জটিল শাৰীৰিক সমস্যাত ভুগি মৃত্যুক সাবটিলে যুৱতীগৰাকীয়ে। কেৰালাৰ কান্নুৰত ঘটিছে এই ঘটনা। মৃত যুৱতীগৰাকীৰ নাম শ্ৰীনন্দা। 

কান্নুৰৰ কুঠুপাৰম্বাৰ বাসিন্দা শ্ৰীনন্দাৰ থালাছেৰীৰ এখন চিকিৎসালয়ত চিকিৎসাৰ সময়ত মৃত্যু হয়। শেষ মুহূৰ্তত তেওঁ ভেণ্টিলেটৰৰ সহায়ত আছিল। আত্মীয়ই কয় যে শ্ৰীনন্দাই ওজন বৃদ্ধিৰ ভয়ত খাদ্য এৰি দিছিল আৰু আগতে বহুত ব্যায়াম কৰিছিল। খবৰ অনুসৰি তেওঁ লিকুইড ডায়েট কৰি আছিল আৰু অনাহাৰৰ পথত আছিল।

শ্ৰীনন্দা মত্তনুৰ পাঝাছিৰাজা এন এছ এছ কলেজৰ প্ৰথম বৰ্ষৰ স্নাতক ছাত্ৰী আছিল। চিকিৎসা বিশেষজ্ঞৰ মতে, ই খাদ্যাভ্যাসৰ বিকাৰ এনৰেক্সিয়া নাৰ্ভ’ছাৰ হ’ব পাৰে।এই ৰোগীৰ সংখ্যা কোভিডৰ পিছৰ সময়ছোৱাত যথেষ্ট বেছি হোৱা দেখা গৈছে।

খাদ্য-পানীয়ৰ সন্দৰ্ভত মূৰ্খামিৰ বাবেই আগতেও এনে বহু ঘটনা পোহৰলৈ আহিছে। বহু সময়ত ভুল ডায়েটিং আৰু শৰীৰ গঠনৰ বাবে ব্যৱহাৰ কৰা ষ্টেৰইডে মানুহৰ প্ৰাণ কাঢ়ি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ