--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৩ জানুৱাৰীত পুহৰ পূৰ্ণিমা তিথিত প্ৰথম স্নানেৰে আৰম্ভ হয় মহাকুম্ভ মেলাৰ৷ আনহাতে, ২৬ ফেব্ৰুৱাৰী মহা শিৱৰাত্ৰিত ইয়াৰ সামৰণি পৰে। ছয়টা শ্বাহী স্নানৰ অন্তত এই মেলাৰ অন্ত পৰে৷ প্ৰচণ্ড শীতকো নেওচি ঠাণ্ডাত কঁপি কঁপি পৱিত্ৰ কুম্ভস্নান কৰিলে কোটি কোটি ভক্তই। প্ৰথমদিনাই কুম্ভমেলাত স্নান কৰিছিল ৫০ লাখ ভক্তই। ৪৫ দিনীয়া এই কুম্ভমেলাৰ সময়ত প্ৰায় ৬৫ কোটি ভক্ত প্ৰয়াগৰাজত সমবেত হয়। দেশী ভক্তৰ লগতে বৃহৎ পৰিমাণে বিদেশী ভক্তৰো আগমন ঘটিল মহা কুম্ভমেলাত।

ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে আপুনিও হয়তো ভাৱে ত্ৰিবেণী সংগমৰ পানী স্নান কৰাৰ উপযোগী নে ?
হয়৷সংগমৰ পানী স্নান কৰাৰ উপযোগী ৷লোকসভাত পৰিৱেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে সংগমৰ পানী গা ধুবলৈ উপযোগী। ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ত এক দীঘলীয়া প্ৰতিবেদন দাখিল কৰে।

এই প্ৰতিবেদন অনুসৰি সংগমৰ পানীয়ে নিৰ্ধাৰিত সকলো মানদণ্ড পূৰণ কৰিছিল আৰু গা ধোৱাৰ উপযোগী বুলি ধৰা পৰিছিল। ইফালে সমাজবাদী পাৰ্টীৰ সাংসদ আনন্দ ভদোৰিয়াই লোকসভাত এটা প্ৰশ্ন উত্থাপন কৰে যে, "চিপিচিবিয়ে এন জি টিক কৈছিলনে যে গংগাৰ পানী কুম্ভৰ সময়ত গা ধুবলৈ উপযোগী নহয়? গংগাৰ পানীত বৃহৎ পৰিমাণৰ মল-মূত্ৰ আছিল নেকি?" 

পৰিৱেশ মন্ত্ৰালয়ে উত্তৰ দিয়ে যে ২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত চিপিচিবিয়ে এনজিটিলৈ প্ৰতিবেদন দাখিল কৰিছিল, য’ত ১২ৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত কৰা পৰীক্ষাৰ ভিত্তিত সংগমৰ পানী গা ধোৱাৰ উপযোগী নহয় বুলি উল্লেখ কৰা হৈছিল। এন জি টিৰ নিৰ্দেশ অনুসৰি বিতং তদন্ত কৰা হয় য’ত দিনটোত দুবাৰকৈ পানীৰ গুণাগুণ পৰীক্ষা কৰা হয়। ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত সংগমৰ পানী গা ধোৱাৰ উপযোগী বুলি ধৰা পৰিছে।

গুণগত মান বজাই ৰখাৰ বাবে চৰকাৰী পদক্ষেপ

লোকসভাতো কোৱা হৈছিল যে উত্তৰ প্ৰদেশ চৰকাৰে কুম্ভৰ সময়ত পানীৰ গুণগত মান বজাই ৰখাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। লেতেৰা পানী নদীলৈ প্ৰত্যক্ষভাৱে নিৰ্গত হোৱাত বাধা দিয়া হৈছিল। কুম্ভ অঞ্চল পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিশেষ স্বচ্ছতা অভিযান চলোৱা হৈছিল।

চিপিচিবি আৰু ইউপিপিচিবিৰ প্ৰতিবেদনৰ পাৰ্থক্য

২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীৰ চিপিচিবিৰ প্ৰতিবেদন – গা ধোৱাৰ উপযোগী নহয় সংগম পানী। ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ ইউপিপিচিবিৰ প্ৰতিবেদন – চিপিচিবিৰ প্ৰতিবেদন খণ্ডন কৰি ৬ ঠাইত পানী গা ধোৱাৰ বাবে উপযুক্ত বুলি কয়। ইয়াৰ পিছত এনজিটিয়ে ইউপিপিচিবিৰ প্ৰতিবেদনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি চিপিচিবিৰ প্ৰতিবেদন ভুল হ’লে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ প্ৰতিবেদনত পাৰ্থক্য থাকিলেও চৰকাৰৰ আনুষ্ঠানিক বিবৃতি অনুসৰি ২০২৫ চনৰ মহাকুম্ভৰ সময়ত সংগমৰ পানী গা ধোৱাৰ উপযোগী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ