--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ১৩ জানুৱাৰীত পুহৰ পূৰ্ণিমা তিথিত প্ৰথম স্নানেৰে আৰম্ভ হয় মহাকুম্ভ মেলাৰ৷ আনহাতে, ২৬ ফেব্ৰুৱাৰী মহা শিৱৰাত্ৰিত ইয়াৰ সামৰণি পৰে। ছয়টা শ্বাহী স্নানৰ অন্তত এই মেলাৰ অন্ত পৰে৷ প্ৰচণ্ড শীতকো নেওচি ঠাণ্ডাত কঁপি কঁপি পৱিত্ৰ কুম্ভস্নান কৰিলে কোটি কোটি ভক্তই। প্ৰথমদিনাই কুম্ভমেলাত স্নান কৰিছিল ৫০ লাখ ভক্তই। ৪৫ দিনীয়া এই কুম্ভমেলাৰ সময়ত প্ৰায় ৬৫ কোটি ভক্ত প্ৰয়াগৰাজত সমবেত হয়। দেশী ভক্তৰ লগতে বৃহৎ পৰিমাণে বিদেশী ভক্তৰো আগমন ঘটিল মহা কুম্ভমেলাত।

ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰদূষণৰ বাবে আপুনিও হয়তো ভাৱে ত্ৰিবেণী সংগমৰ পানী স্নান কৰাৰ উপযোগী নে ?
হয়৷সংগমৰ পানী স্নান কৰাৰ উপযোগী ৷লোকসভাত পৰিৱেশ মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে যে সংগমৰ পানী গা ধুবলৈ উপযোগী। ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (এন জি টি)ত এক দীঘলীয়া প্ৰতিবেদন দাখিল কৰে।

এই প্ৰতিবেদন অনুসৰি সংগমৰ পানীয়ে নিৰ্ধাৰিত সকলো মানদণ্ড পূৰণ কৰিছিল আৰু গা ধোৱাৰ উপযোগী বুলি ধৰা পৰিছিল। ইফালে সমাজবাদী পাৰ্টীৰ সাংসদ আনন্দ ভদোৰিয়াই লোকসভাত এটা প্ৰশ্ন উত্থাপন কৰে যে, "চিপিচিবিয়ে এন জি টিক কৈছিলনে যে গংগাৰ পানী কুম্ভৰ সময়ত গা ধুবলৈ উপযোগী নহয়? গংগাৰ পানীত বৃহৎ পৰিমাণৰ মল-মূত্ৰ আছিল নেকি?" 

পৰিৱেশ মন্ত্ৰালয়ে উত্তৰ দিয়ে যে ২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত চিপিচিবিয়ে এনজিটিলৈ প্ৰতিবেদন দাখিল কৰিছিল, য’ত ১২ৰ পৰা ২৬ জানুৱাৰীৰ ভিতৰত কৰা পৰীক্ষাৰ ভিত্তিত সংগমৰ পানী গা ধোৱাৰ উপযোগী নহয় বুলি উল্লেখ কৰা হৈছিল। এন জি টিৰ নিৰ্দেশ অনুসৰি বিতং তদন্ত কৰা হয় য’ত দিনটোত দুবাৰকৈ পানীৰ গুণাগুণ পৰীক্ষা কৰা হয়। ২০২৫ চনৰ ২৮ ফেব্ৰুৱাৰীত দাখিল কৰা চূড়ান্ত প্ৰতিবেদনত সংগমৰ পানী গা ধোৱাৰ উপযোগী বুলি ধৰা পৰিছে।

গুণগত মান বজাই ৰখাৰ বাবে চৰকাৰী পদক্ষেপ

লোকসভাতো কোৱা হৈছিল যে উত্তৰ প্ৰদেশ চৰকাৰে কুম্ভৰ সময়ত পানীৰ গুণগত মান বজাই ৰখাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল। লেতেৰা পানী নদীলৈ প্ৰত্যক্ষভাৱে নিৰ্গত হোৱাত বাধা দিয়া হৈছিল। কুম্ভ অঞ্চল পৰিষ্কাৰ কৰি ৰখাৰ বাবে বিশেষ স্বচ্ছতা অভিযান চলোৱা হৈছিল।

চিপিচিবি আৰু ইউপিপিচিবিৰ প্ৰতিবেদনৰ পাৰ্থক্য

২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীৰ চিপিচিবিৰ প্ৰতিবেদন – গা ধোৱাৰ উপযোগী নহয় সংগম পানী। ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ ইউপিপিচিবিৰ প্ৰতিবেদন – চিপিচিবিৰ প্ৰতিবেদন খণ্ডন কৰি ৬ ঠাইত পানী গা ধোৱাৰ বাবে উপযুক্ত বুলি কয়। ইয়াৰ পিছত এনজিটিয়ে ইউপিপিচিবিৰ প্ৰতিবেদনক লৈ অসন্তুষ্টি প্ৰকাশ কৰি চিপিচিবিৰ প্ৰতিবেদন ভুল হ’লে উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ প্ৰতিবেদনত পাৰ্থক্য থাকিলেও চৰকাৰৰ আনুষ্ঠানিক বিবৃতি অনুসৰি ২০২৫ চনৰ মহাকুম্ভৰ সময়ত সংগমৰ পানী গা ধোৱাৰ উপযোগী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু