--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে শনিবাৰে এটা গুৰুত্বপূৰ্ণ ৰায়ত কয় যে চূড়ান্ত ফলাফলক প্ৰভাৱিত কৰক বা নকৰক নিৰ্বাচনত প্ৰতিটো ভোটাৰে নিজা গুৰুত্ব আছে আৰু সেয়েহে ইয়াৰ পৱিত্ৰতা অক্ষুণ্ণ ৰখাৰ প্ৰয়োজন। 

উচ্চতম ন্যায়ালয়ে লগতে কয় যে নির্বাচনৰ সৈতে জড়িত সকলো তথ্য গুৰুত্বপূৰ্ণ আৰু সেয়েহে ইয়াক সংৰক্ষণ কৰি ৰাখিবলৈ সম্ভৱপৰ সকলো ধৰণৰ প্ৰচেষ্টা চলাব লাগে। দেশৰ সৰ্বোচ্চ আদালতে এই মত প্রকাশ কৰে উত্তৰ প্ৰদেশৰ এখন গাঁৱত ২০২১ চনত হোৱা গ্রাম প্ৰধানৰ নিৰ্বাচনৰ প্ৰসংগক লৈ। উক্ত নিৰ্বাচনত ভোটদান কৰা ভোটৰ অন্তিম গণনাক লৈ বিবাদৰ সৃষ্টি হয় আৰু নিৰ্বাচন বিষয়াৰ ভোটদানৰ তথ্য অন্তর্ধান হয়। 

ন্যায়াধীশ সঞ্জয় কৌলৰ নেতৃত্বৰ বিচাৰপীঠে ৰায়টোত কয় যে ভোটদান কেন্দ্ৰৰ প্রিজাইডিং বিষয়াৰ ডায়েৰী বিভিন্ন ধৰণৰে প্রচেষ্টা চলোৱাৰ পাছতো উদ্ধাৰ কৰিব পৰা নগ'ল। সেয়েহে আদালতে কয় যে অন্তিম গণনাত সন্দেহৰ অৱকাশ আছে। উচ্চতম ন্যায়ালয়ে গ্রাম প্রধানৰ নিৰ্বাচনৰ পুনৰ ভোট গণনাৰ নির্দেশ দি কয় যে নির্বাচনত থিয় হোৱা প্ৰাৰ্থীসকলক ভোটদান প্ৰক্ৰিয়াত চকু ৰখাৰ আৰু নিৰীক্ষণ কৰাৰ তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। যদিহে নির্বাচন বিষয়াৰ তথ্য অন্তর্ধান হয় আৰু ইয়াক নিশ্চিত কৰিব নোৱাৰি তেতিয়া চূড়ান্ত ফল সন্দেহৰ আওতালৈ আহে। আদালতে কয় যে নিৰ্বাচনৰ সৈতে জড়িত প্রতিটো তথ্যই গুৰুত্বপূৰ্ণ ।

উল্লেখযোগ্য যে উক্ত গ্রাম প্রধানৰ নির্বাচনত অংশগ্রহণ কৰা প্ৰাৰ্থীয়ে আদালতত জনোৱা আৱেদনত এইবুলি দাবী কৰিছিল যে নির্বাচনত মুঠ ১১৯৩টা ভোটদান হৈছিল, কিন্তু ফল ঘোষণাত ১২১৩টা ভোটহে পৰা বুলি কোৱা হৈছিল। আন কথাত মুঠ ভোটদান আৰু নিৰ্বাচনৰ ফলত কৰা ঘোষণাৰ মাজত ১৯টা ভোটৰ ব্যৱধান আছিল। যিহেতু বিজয়ী প্রার্থীজনে নিকটতম প্রতিদ্বন্দ্বীক ৩৭টা ভোটত পৰাজিত কৰিছিল, সেয়েহে এই ১৯টা ভোটে নির্বাচনৰ ফলত কোনো প্রভাৱ পেলোৱা নাছিল। উচ্চতম ন্যায়ালয়ৰ মতে, কোন জয়ী হৈছে সেইটো ডাঙৰ কথা নহয়, নির্বাচনী প্রক্রিয়াটো উচিত আৰু স্বচ্ছ আছিল নে নাই সেইটোহে লক্ষণীয় কথা।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু