--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে শনিবাৰে এটা গুৰুত্বপূৰ্ণ ৰায়ত কয় যে চূড়ান্ত ফলাফলক প্ৰভাৱিত কৰক বা নকৰক নিৰ্বাচনত প্ৰতিটো ভোটাৰে নিজা গুৰুত্ব আছে আৰু সেয়েহে ইয়াৰ পৱিত্ৰতা অক্ষুণ্ণ ৰখাৰ প্ৰয়োজন। 

উচ্চতম ন্যায়ালয়ে লগতে কয় যে নির্বাচনৰ সৈতে জড়িত সকলো তথ্য গুৰুত্বপূৰ্ণ আৰু সেয়েহে ইয়াক সংৰক্ষণ কৰি ৰাখিবলৈ সম্ভৱপৰ সকলো ধৰণৰ প্ৰচেষ্টা চলাব লাগে। দেশৰ সৰ্বোচ্চ আদালতে এই মত প্রকাশ কৰে উত্তৰ প্ৰদেশৰ এখন গাঁৱত ২০২১ চনত হোৱা গ্রাম প্ৰধানৰ নিৰ্বাচনৰ প্ৰসংগক লৈ। উক্ত নিৰ্বাচনত ভোটদান কৰা ভোটৰ অন্তিম গণনাক লৈ বিবাদৰ সৃষ্টি হয় আৰু নিৰ্বাচন বিষয়াৰ ভোটদানৰ তথ্য অন্তর্ধান হয়। 

ন্যায়াধীশ সঞ্জয় কৌলৰ নেতৃত্বৰ বিচাৰপীঠে ৰায়টোত কয় যে ভোটদান কেন্দ্ৰৰ প্রিজাইডিং বিষয়াৰ ডায়েৰী বিভিন্ন ধৰণৰে প্রচেষ্টা চলোৱাৰ পাছতো উদ্ধাৰ কৰিব পৰা নগ'ল। সেয়েহে আদালতে কয় যে অন্তিম গণনাত সন্দেহৰ অৱকাশ আছে। উচ্চতম ন্যায়ালয়ে গ্রাম প্রধানৰ নিৰ্বাচনৰ পুনৰ ভোট গণনাৰ নির্দেশ দি কয় যে নির্বাচনত থিয় হোৱা প্ৰাৰ্থীসকলক ভোটদান প্ৰক্ৰিয়াত চকু ৰখাৰ আৰু নিৰীক্ষণ কৰাৰ তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰি। যদিহে নির্বাচন বিষয়াৰ তথ্য অন্তর্ধান হয় আৰু ইয়াক নিশ্চিত কৰিব নোৱাৰি তেতিয়া চূড়ান্ত ফল সন্দেহৰ আওতালৈ আহে। আদালতে কয় যে নিৰ্বাচনৰ সৈতে জড়িত প্রতিটো তথ্যই গুৰুত্বপূৰ্ণ ।

উল্লেখযোগ্য যে উক্ত গ্রাম প্রধানৰ নির্বাচনত অংশগ্রহণ কৰা প্ৰাৰ্থীয়ে আদালতত জনোৱা আৱেদনত এইবুলি দাবী কৰিছিল যে নির্বাচনত মুঠ ১১৯৩টা ভোটদান হৈছিল, কিন্তু ফল ঘোষণাত ১২১৩টা ভোটহে পৰা বুলি কোৱা হৈছিল। আন কথাত মুঠ ভোটদান আৰু নিৰ্বাচনৰ ফলত কৰা ঘোষণাৰ মাজত ১৯টা ভোটৰ ব্যৱধান আছিল। যিহেতু বিজয়ী প্রার্থীজনে নিকটতম প্রতিদ্বন্দ্বীক ৩৭টা ভোটত পৰাজিত কৰিছিল, সেয়েহে এই ১৯টা ভোটে নির্বাচনৰ ফলত কোনো প্রভাৱ পেলোৱা নাছিল। উচ্চতম ন্যায়ালয়ৰ মতে, কোন জয়ী হৈছে সেইটো ডাঙৰ কথা নহয়, নির্বাচনী প্রক্রিয়াটো উচিত আৰু স্বচ্ছ আছিল নে নাই সেইটোহে লক্ষণীয় কথা।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
Advertisement