--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰেপিড’ ড্ৰাইভাৰৰ মহানুভৱতাক লৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে৷ বিকাশ নামৰ ৰেপিড’ ড্ৰাইভাৰগৰাকীয়ে তেওঁৰ কেবত এগৰাকী গৰ্ভৱতী মহিলাক সন্তান জন্ম দিয়াত সহায় কৰে৷ এতিয়া অনলাইন জগতত তেওঁক নায়ক বুলি প্ৰশংসা কৰিছে সকলোৱে৷ 

এই অবিশ্বাস্য কাহিনীটো ৰেডিটত শ্বেয়াৰ কৰিছিল সেইজন ব্যক্তিয়ে যিয়ে নিজৰ ৰান্ধনী আৰু তেওঁৰ গৰ্ভৱতী পত্নীৰ বাবে ৰাইড বুকিং কৰিছিল৷ পোষ্টটোৰ মতে বিকাশে গাড়ীৰে দুয়োকে চিকিৎসালয়লৈ লৈ গৈ থকা অৱস্থাত মহিলাগৰাকীৰ হঠাতে প্ৰসৱ বেদনা আৰম্ভ হয়। বিকাশে দ্ৰুতগতিত কাৰ্য্যত নামি পৰিল, মহিলাগৰাকীক প্ৰসৱত সহায় কৰিলে আৰু লগেলগেই তেওঁলোকক চিকিৎসালয়ত থৈও আহিল৷

ৰেডিটত ৰোহন মেহৰা নামৰ ব্যক্তিগৰাকীয়ে লিখিছে যে "আজি মই মোৰ ৰান্ধনীৰ বাবে ৰেপিডো বুকিং কৰিলোঁ কাৰণ তেওঁৰ পত্নী গৰ্ভৱতী আছিল। ড্ৰাইভাৰগৰাকীয়ে প্ৰকৃত মানুহ হিচাপে মহানুভৱতা দেখুৱালে। হস্পিতাললৈ যোৱাৰ সময়ত তেওঁৰ বহুত কষ্ট হৈছিল আৰু বিষটো সহ্য কৰিব পৰা নাছিল সেয়েহে গাড়ীতে ল'ৰাটো প্ৰসৱ কৰিছিল। ড্ৰাইভাৰে তেওঁক কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰিছিল আৰু পাছত তেওঁলোকক চিকিৎসালয়লৈ লৈ গৈছিল। আনকি তেওঁ ভাড়া সেই পৰিমাণেই লৈছিল যিটো এপত দেখা গৈছিল অতিৰিক্ত ধনো বিচৰা নাছিল।" 

পোষ্টটোত তেওঁ লগতে লিখিছে যে, "এই মহান কৰ্মৰ বাবে আমি ড্ৰাইভাৰজনৰ বাবে কিবা এটা কৰিব বিচাৰিছোঁ কিন্তু ৰাইড শেষ হোৱাৰ পাছত আমি তেওঁৰ নম্বৰ বিচাৰি নাপালোঁ কাৰণ আমি তেওঁক আগতে ফোন কৰা নাছিলো। মই ৰেপিডো আৰু পৱন গুণ্টুপাললীক অনুৰোধ কৰিব বিচাৰিছো যে আমাক সেই ড্ৰাইভাৰজনৰ ওচৰলৈ যাবলৈ সহায় কৰক। তেওঁৰ নাম আছিল বিকাশ আৰু মই ৰাইডৰ সবিশেষ তলত দিছো।"
r/gurgaon - Rapido Driver did this
এই কাহিনীয়ে অনলাইনত বহুতৰে হৃদয় আকৰ্ষণ কৰিছে, বহু লোকে চালকজনৰ নিঃস্বাৰ্থ আৰু বীৰত্বপূৰ্ণ কাৰ্য্যৰ বাবে প্ৰশংসা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "তেওঁ চিনেমাৰ হিৰোৰ দৰে! ভগৱানে ড্ৰাইভাৰ আৰু সকলোকে আশীৰ্বাদ কৰক।"

সকলোৱে ড্ৰাইভাৰগৰাকী মহান বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ