--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ৰেপিড’ ড্ৰাইভাৰৰ মহানুভৱতাক লৈ সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে৷ বিকাশ নামৰ ৰেপিড’ ড্ৰাইভাৰগৰাকীয়ে তেওঁৰ কেবত এগৰাকী গৰ্ভৱতী মহিলাক সন্তান জন্ম দিয়াত সহায় কৰে৷ এতিয়া অনলাইন জগতত তেওঁক নায়ক বুলি প্ৰশংসা কৰিছে সকলোৱে৷ 

এই অবিশ্বাস্য কাহিনীটো ৰেডিটত শ্বেয়াৰ কৰিছিল সেইজন ব্যক্তিয়ে যিয়ে নিজৰ ৰান্ধনী আৰু তেওঁৰ গৰ্ভৱতী পত্নীৰ বাবে ৰাইড বুকিং কৰিছিল৷ পোষ্টটোৰ মতে বিকাশে গাড়ীৰে দুয়োকে চিকিৎসালয়লৈ লৈ গৈ থকা অৱস্থাত মহিলাগৰাকীৰ হঠাতে প্ৰসৱ বেদনা আৰম্ভ হয়। বিকাশে দ্ৰুতগতিত কাৰ্য্যত নামি পৰিল, মহিলাগৰাকীক প্ৰসৱত সহায় কৰিলে আৰু লগেলগেই তেওঁলোকক চিকিৎসালয়ত থৈও আহিল৷

ৰেডিটত ৰোহন মেহৰা নামৰ ব্যক্তিগৰাকীয়ে লিখিছে যে "আজি মই মোৰ ৰান্ধনীৰ বাবে ৰেপিডো বুকিং কৰিলোঁ কাৰণ তেওঁৰ পত্নী গৰ্ভৱতী আছিল। ড্ৰাইভাৰগৰাকীয়ে প্ৰকৃত মানুহ হিচাপে মহানুভৱতা দেখুৱালে। হস্পিতাললৈ যোৱাৰ সময়ত তেওঁৰ বহুত কষ্ট হৈছিল আৰু বিষটো সহ্য কৰিব পৰা নাছিল সেয়েহে গাড়ীতে ল'ৰাটো প্ৰসৱ কৰিছিল। ড্ৰাইভাৰে তেওঁক কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰিছিল আৰু পাছত তেওঁলোকক চিকিৎসালয়লৈ লৈ গৈছিল। আনকি তেওঁ ভাড়া সেই পৰিমাণেই লৈছিল যিটো এপত দেখা গৈছিল অতিৰিক্ত ধনো বিচৰা নাছিল।" 

পোষ্টটোত তেওঁ লগতে লিখিছে যে, "এই মহান কৰ্মৰ বাবে আমি ড্ৰাইভাৰজনৰ বাবে কিবা এটা কৰিব বিচাৰিছোঁ কিন্তু ৰাইড শেষ হোৱাৰ পাছত আমি তেওঁৰ নম্বৰ বিচাৰি নাপালোঁ কাৰণ আমি তেওঁক আগতে ফোন কৰা নাছিলো। মই ৰেপিডো আৰু পৱন গুণ্টুপাললীক অনুৰোধ কৰিব বিচাৰিছো যে আমাক সেই ড্ৰাইভাৰজনৰ ওচৰলৈ যাবলৈ সহায় কৰক। তেওঁৰ নাম আছিল বিকাশ আৰু মই ৰাইডৰ সবিশেষ তলত দিছো।"
r/gurgaon - Rapido Driver did this
এই কাহিনীয়ে অনলাইনত বহুতৰে হৃদয় আকৰ্ষণ কৰিছে, বহু লোকে চালকজনৰ নিঃস্বাৰ্থ আৰু বীৰত্বপূৰ্ণ কাৰ্য্যৰ বাবে প্ৰশংসা আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "তেওঁ চিনেমাৰ হিৰোৰ দৰে! ভগৱানে ড্ৰাইভাৰ আৰু সকলোকে আশীৰ্বাদ কৰক।"

সকলোৱে ড্ৰাইভাৰগৰাকী মহান বুলি অভিহিত কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান অব্যাহত চাইল্ড লাইন বিভাগৰ
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী