--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷ স্কুললৈ গৈ থকা অৱস্থাত কৰুণ মৃত্যুক সাবটিলে এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হয়। তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিধি ৰামাৰেড্ডী নামৰ ১৬ বছৰীয়া ছাত্ৰীগৰাকীয়ে স্কুললৈ গৈ থকা অৱস্থাত হঠাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ থিতাতে মৃত্যুক সাৱটি লয়। 

বৃহস্পতিবাৰে পুৱা নিধিয়ে সদায়ৰ দৰে স্কুললৈ গৈ আছিল, স্কুল পাবলৈ অলপ সময় থকা অৱস্থাত হঠাতে বুকুৰ তীব্ৰ বিষ অনুভৱ কৰি অচেতন হৈ পৰিল নিধি। তাত উপস্থিত থকা এজন শিক্ষকে লগে লগে তেওঁক ওচৰৰ চিকিৎসালয় এখনলৈ লৈ গ’ল, য’ত চিকিৎসকে তেওঁক বচাবলৈ বহু চেষ্টা কৰিলে, কিন্তু তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নহ’ল। ইয়াৰ পাছত তেওঁক এখন ডাঙৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত চিকিৎসকে নিধিক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাই বিদ্যালয়খনত শোকৰ জোৱাৰৰ সৃষ্টি কৰিছে। নিধিৰ অকাল মৃত্যুত শিক্ষক আৰু সহপাঠীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। নিধিক আকস্মিকভাৱে হেৰুৱাই কান্দি কান্দি শোকত ভাগি পৰিছে পৰিয়াল। 

ইমান কম বয়সতে সঘনাই হাৰ্ট এটেকত মৃত্যু হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। বিশেষজ্ঞসকলৰ মতে শিশুৰ হঠাৎ হাৰ্ট এটেকৰ আঁৰত বহু কাৰণ থাকিব পাৰে, য’ত জিনীয় সমস্যা, মানসিক চাপ, অনুচিত খাদ্য আৰু অস্বাস্থ্যকৰ জীৱনশৈলী আদিও থাকিব পাৰে।

উল্লেখ্য যে যোৱা দুবছৰত হাৰ্ট এটেকৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ২২% বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ