--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে৷ স্কুললৈ গৈ থকা অৱস্থাত কৰুণ মৃত্যুক সাবটিলে এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ হাৰ্ট এটেকত মৃত্যু হয়। তেলেংগানাৰ কামাৰেড্ডী জিলাত সংঘটিত হৈছে এই কৰুণ ঘটনা। নিধি ৰামাৰেড্ডী নামৰ ১৬ বছৰীয়া ছাত্ৰীগৰাকীয়ে স্কুললৈ গৈ থকা অৱস্থাত হঠাতে হাৰ্ট এটেকত আক্ৰান্ত হৈ থিতাতে মৃত্যুক সাৱটি লয়। 

বৃহস্পতিবাৰে পুৱা নিধিয়ে সদায়ৰ দৰে স্কুললৈ গৈ আছিল, স্কুল পাবলৈ অলপ সময় থকা অৱস্থাত হঠাতে বুকুৰ তীব্ৰ বিষ অনুভৱ কৰি অচেতন হৈ পৰিল নিধি। তাত উপস্থিত থকা এজন শিক্ষকে লগে লগে তেওঁক ওচৰৰ চিকিৎসালয় এখনলৈ লৈ গ’ল, য’ত চিকিৎসকে তেওঁক বচাবলৈ বহু চেষ্টা কৰিলে, কিন্তু তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নহ’ল। ইয়াৰ পাছত তেওঁক এখন ডাঙৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত চিকিৎসকে নিধিক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাই বিদ্যালয়খনত শোকৰ জোৱাৰৰ সৃষ্টি কৰিছে। নিধিৰ অকাল মৃত্যুত শিক্ষক আৰু সহপাঠীসকলে গভীৰ শোক প্ৰকাশ কৰিছে। নিধিক আকস্মিকভাৱে হেৰুৱাই কান্দি কান্দি শোকত ভাগি পৰিছে পৰিয়াল। 

ইমান কম বয়সতে সঘনাই হাৰ্ট এটেকত মৃত্যু হোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে। বিশেষজ্ঞসকলৰ মতে শিশুৰ হঠাৎ হাৰ্ট এটেকৰ আঁৰত বহু কাৰণ থাকিব পাৰে, য’ত জিনীয় সমস্যা, মানসিক চাপ, অনুচিত খাদ্য আৰু অস্বাস্থ্যকৰ জীৱনশৈলী আদিও থাকিব পাৰে।

উল্লেখ্য যে যোৱা দুবছৰত হাৰ্ট এটেকৰ ফলত হোৱা মৃত্যুৰ সংখ্যা ২২% বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু