--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই উল্লেখ কৰিছে যে মহাত্মা গান্ধীৰ আইনৰ ডিগ্ৰী নাছিল আৰু মাত্ৰ হাইস্কুলৰ ডিপ্লমা আছিল। ২৩ মাৰ্চ বৃহস্পতিবাৰে আইটিএম গোৱালিয়াৰত অনুষ্ঠিত হোৱা ড০ ৰাম মনোহৰ লোহিয়া সোঁৱৰণী বক্তৃতাত সিনহাই কয় যে “শিক্ষিত লোকৰ মাজত এটা ভুল ধাৰণা আছে যে মহাত্মা গান্ধীৰ আইনৰ ডিগ্ৰী আছিল। গান্ধীৰ কোনো ডিগ্ৰী নাছিল।’

লগতে উপ-ৰাজ্যপাল সিনহাই কয় যে "কোনে ক’ব গান্ধীজী শিক্ষিত নাছিল? তেনেকৈ ক’বলৈ কাৰো সাহস নাই। কিন্তু আপুনি জানেনে যে তেওঁৰ বিশ্ববিদ্যালয়ৰ এটাও ডিগ্ৰী বা অৰ্হতা নাছিল? মহাত্মা গান্ধীৰ আইনৰ ডিগ্ৰী আছিল বুলি আমাৰ বহুতেই ভাবে। নাই, তেওঁ কৰা নাছিল। তেওঁৰ একমাত্ৰ অৰ্হতা আছিল হাইস্কুল ডিপ্লমা।"

মনোজ সিনহাই উল্লেখ কৰে যে,"গান্ধীয়ে দেশলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। কিন্তু সত্যটোৱেই আছিল সকলো কামৰ কেন্দ্ৰীয় কেন্দ্ৰবিন্দু। তেওঁৰ জীৱনৰ সকলো দিশ চালে তেওঁৰ জীৱনত সত্যৰ বাহিৰে একো নাছিল। প্ৰত্যাহ্বান যিয়েই নহওক, মহাত্মা গান্ধীয়ে কেতিয়াও সত্যক পৰিত্যাগ কৰা নাছিল আৰু নিজৰ অন্তৰ্নিহিত কণ্ঠক চিনাক্ত কৰিছিল। ফলত তেওঁ জাতিৰ পিতৃ হৈ পৰিল”৷

দৃঢ়তাৰে মনোজ সিনহাই কয় যে “মই স্পষ্টকৈ কওঁ যে কেৱল ডিগ্ৰী আৰু আপুনি যিটোক শিক্ষা বুলি ভাবে তাৰ সৈতে আনুষ্ঠানিক সম্পৰ্কত লিপ্ত নহ’ব। কেৱল ডিগ্ৰীহে শিক্ষা নহয়।’

সিনহাৰ এই মন্তব্যৰ ফলস্বৰূপে ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে। তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতাগৰাকীয়ে বিজেপিৰ ৰাজনীতিবিদগৰাকীক ঠাট্টা কৰি টুইট কৰি “WhatsApp university graduates after all,” বুলি এটা ভিডিঅ’ৰ জৰিয়তে ঠাট্টা-মস্কৰা কৰে।

মহাত্মা গান্ধীৰ পপৰিনাতি তুষাৰ গান্ধীৰ দাবী কৰিছে যে “এম. কে গান্ধীয়ে আলফ্ৰেড হাইস্কুল ৰাজকোটৰ পৰা ২ বাৰ মেট্ৰিকত উত্তীৰ্ণ হৈছিল ,ইয়াৰ দুটা মেট্ৰিক লণ্ডনত  ব্ৰিটিছ মেট্ৰিকৰ সমতুল্য। তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ সৈতে জড়িত আইন মহাবিদ্যালয় ইনাৰ টেম্পলৰ পৰা আইন ডিগ্ৰী লাভ কৰে আৰু একেলগে দুটা ডিপ্লমা লাভ কৰে এটা লেটিনত আনটো ফৰাচী ভাষাত।"

সিনহাৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰি তুষাৰ গান্ধীয়ে টুইট কৰি কয় যে, “উপ ৰাজ্যপাল সিনহাই যদি পঢ়িব পাৰে তেন্তে তেওঁ নিজে শিক্ষিত হোৱাৰ আশাৰে বাপুৰ আত্মজীৱনীৰ কপি ৰাজভৱন জম্মুলৈ প্ৰেৰণ কৰিছো।” “মই মানি লওঁ, বাপুৱে সম্পূৰ্ণ আইনৰ ৰ ডিগ্ৰীধাৰী নাছিল,কিন্তু তেখেতে আইন অধ্যয়ন কৰিছিল৷”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক