--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নাথুৰাম গডছেক প্ৰশংসা কৰি বিপদত পৰিল হিন্দু ধৰ্মীয় স্বয়ম্ভূ নেতা কালীচৰণ মহাৰাজ।বৰ্তমান সময়ত সমাজত জাতিৰ পিতা মহাত্মা গান্ধীক অপমান আৰু গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ জয়গান গোৱা যেন এক ট্ৰেণ্ডত পৰিণত হৈছে। কিছুদিনৰ পূৰ্বে নাথুৰাম গডছেৰ প্ৰশংসাকাৰীৰ বিৰুদ্ধে গৰজি উঠিছিল বিজেপি সাংসদ বৰুণ গান্ধী। বিজেপিৰ ফায়াৰব্ৰেণ্ড সাংসদ বৰুণ গান্ধীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেক সমৰ্থন কৰা আৰু তেওঁক প্ৰশংসা কৰা লোকসকলক ক্ষুৰধাৰ সমালোচনা কৰে। এনে মানুহ গৰিহনাৰ যোগ্য বুলি কয় বৰুণ গান্ধীয়ে।

সাংসদ গান্ধীয়ে কয় যে কিছুদিনৰ পৰা লক্ষ্য কৰিছো যে ”কিছুমান মানুহে নাথুৰাম গডছে জিন্দাবাদ বুলি ধ্বনি দিয়ে। এজন হত্যাকাৰীক জিন্দাবাদ বুলি ক’ব পৰা মানুহবোৰো কোনো হত্যাকাৰীতকৈ কম নহয়। যি গৰাকী মহান মানুহৰ নেতৃত্বত আজি আমি স্বাধীন নাগৰিক বুলি ক’ব পাৰো সেই গৰাকী মানুহ এতিয়া কিছুমানৰ চকুত অপৰাধী হ’ল আৰু তেওঁক হত্যা কৰা জনহে মহান হ’ল। জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যাকাৰীক জিন্দাবাদ বুলি ক’ব পৰা দেশত থাকিবলৈ আমি লজ্জিত অনুভৱ কৰা উচিত। যিসকলে নাথুৰাম গডছেক সমৰ্থন আৰু প্ৰশংসা কৰি আছে তেনে লোকক ফাঁচি দিয়া উচিত।”’

শেহতীয়াকৈ ৰায়পুৰত অনুষ্ঠিত দুদিনীয়া ধৰ্ম সংসদত সমগ্ৰ দেশৰ বিশিষ্ট সাধুসকলে অংশগ্ৰহণ কৰিছিল। কালীচৰণ মহাৰাজে এই অনুষ্ঠানত দেওবাৰে তেওঁৰ ভাষণৰ সময়ত এক বিতৰ্কিত মন্তব্য কৰে। কালীচৰণ মহাৰাজে কৈছিল যে ''তেওঁহে এই দেশত শাসন কৰিব যিয়ে কেৱল হিন্দু স্বাৰ্থৰ কথা ক'ব। ইছলামৰ উদ্দেশ্য হৈছে ৰাজনীতিৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰক দখল কৰা।'' কালীচৰণে লগতে পাকিস্তান বিভাজনক লৈ মহাত্মা গান্ধীক গালি পাৰিছিল আৰু তেওঁৰ হত্যাকাৰী নাথুৰাম গডছেক প্ৰশংসা কৰিছিল।

কালীচৰণ

কালীচৰণে সেই মঞ্চত উচতনিমূলক মন্তব্য দিয়া অব্যাহত ৰাখিছিল। ইয়াৰ পাছতেই হিন্দু নেতাগৰাকীক লৈ বিতৰ্ক আৰম্ভ হয়। সকলো ৰাজনৈতিক দলে বিষয়টোৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতাসকলে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছে যে আপুনি কেনেকুৱা এখন দেশ গঢ়ি তুলিলে যিখন দেশত এতিয়া মানুহে মঞ্চত ৰাষ্ট্ৰপিতাক ৰাজহুৱাভাৱে গালি-গালাজ কৰিব পৰা হ'ল। একাংশই লগতে যে কালীচৰণে প্ৰথমে প্ৰমাণ কৰিব লাগে যে তেওঁ এজন সাধু নে নহয়। জাতিৰ পিতাক লৈ অপমানজনক মন্তব্য কৰা বাবে ছত্তীশগড় আৰক্ষীয়ে কালীচৰণ মহাৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। হিন্দু নেতাগৰাকীক কাৰাগাৰালৈ প্ৰক্ষেপ কৰা হ'ব নে নাই সেয়া নিশ্চয়কৈ লক্ষ্যণীয় হ'ব।

আৰু পঢ়কঃ বিস্ময়কৰ! ৭৩ বছৰীয়া মহিলাৰ গৰ্ভত পোৱা গৈছে ৩৫ বছৰীয়া ‘শিলৰ কেঁচুৱা’!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ