ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধাম নিৰ্মাণ কৰা শ্ৰমিকসকলক পুষ্পবৃষ্টিৰে আদৰণি জনাইছে কিন্তু শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা শ্ৰমিকসকলৰ হাত কাটি পেলাইছিল। পাৰ্থক্যসমূহ ইয়াতেই ধৰা পৰে। কাশী বিশ্বনাথ ধাম নিৰ্মাণ কৰা শ্ৰমিকসকলক কৃতজ্ঞতা জনাবৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ ওপৰত পুষ্পবৃষ্টি কৰে কিন্তু শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা শ্ৰমিকসকলক কৃতজ্ঞতা জনোৱাটো দূৰৰে কথা, ওলোটাই হাতহে কাটি পেলাইছিল, ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে! এই মন্তব্য কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ।
নৰেন্দ্ৰ সিং টোমৰৰ এই কথাত সমৰ্থন জনাই বিজেপি নেতা বিনয় তেণ্ডুলকাৰে কয় ''শ্বাহজাহান যিয়ে তাজমহল নিৰ্মাণ কৰা শিল্পীসকলৰ হাত কাটি পেলাইছিল। আনহাতে নৰেন্দ্ৰ মোদী যিয়ে কাশী বিশ্বনাথ ধাম নিৰ্মাণ কৰা শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞতাৰ চিহ্ন হিচাপে তেওঁলোকক ফুলৰ বৰষুণেৰে আশীৰ্বাদ দি সন্মান জনাইছে।ইয়াত সংস্কৃতি, অভিপ্ৰায় আৰু বিবেকৰ মাজত যথেষ্ট পাৰ্থক্য আছে।''
নৰেন্দ্ৰ সিং টোমৰ আৰু বিনয় তেণ্ডুলকাৰৰ এই মন্তব্যৰ পাছতেই সৰৱ হৈছে বুৰঞ্জীবিদ এছ ইৰফান হাবিব। বুৰঞ্জীবিদগৰাকীয়ে কয় যে ''শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা সকলৰ হাত কাটিছিল, ইয়াৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই। এই কাহিনী মানুহৰ মুখে মুখেহে চলি আহিছে। এই কাহিনীৰ সমৰ্থনৰ বাবে কোনো প্ৰমাণ নাই বা কোনো বিশ্বাসযোগ্য ইতিহাসবিদে কেতিয়াও এই কথাৰ সত্যতাৰ দাবী কৰা নাই। আজিৰ তাৰিখত এই পৌৰাণিক কাহিনীটোৰ এক সাম্প্ৰদায়িক ঘূৰ্ণন আছে। গতিকে শ্বাহজাহান আৰু নৰেন্দ্ৰ মোদীক একাকাৰ কৰাটো অযুক্তিকৰ।''
আৰু পঢ়কঃ জন্মদিন বিশেষঃ কোন কোন সুন্দৰীয়ে প্ৰেমৰ লহৰ তুলিলে ছলমানৰ হৃদয়ত?