--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশী বিশ্বনাথ ধাম নিৰ্মাণ কৰা শ্ৰমিকসকলক পুষ্পবৃষ্টিৰে আদৰণি জনাইছে কিন্তু শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা শ্ৰমিকসকলৰ হাত কাটি পেলাইছিল। পাৰ্থক্যসমূহ ইয়াতেই ধৰা পৰে। কাশী বিশ্বনাথ ধাম নিৰ্মাণ কৰা শ্ৰমিকসকলক কৃতজ্ঞতা জনাবৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ ওপৰত পুষ্পবৃষ্টি কৰে কিন্তু শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা শ্ৰমিকসকলক কৃতজ্ঞতা জনোৱাটো দূৰৰে কথা, ওলোটাই হাতহে কাটি পেলাইছিল, ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে! এই মন্তব্য কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰৰ।

নৰেন্দ্ৰ সিং টোমৰৰ এই কথাত সমৰ্থন জনাই বিজেপি নেতা বিনয় তেণ্ডুলকাৰে কয় ''শ্বাহজাহান যিয়ে তাজমহল নিৰ্মাণ কৰা শিল্পীসকলৰ হাত কাটি পেলাইছিল। আনহাতে নৰেন্দ্ৰ মোদী যিয়ে কাশী বিশ্বনাথ ধাম নিৰ্মাণ কৰা শ্ৰমিকৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতি কৃতজ্ঞতাৰ চিহ্ন হিচাপে তেওঁলোকক ফুলৰ বৰষুণেৰে আশীৰ্বাদ দি সন্মান জনাইছে।ইয়াত সংস্কৃতি, অভিপ্ৰায় আৰু বিবেকৰ মাজত যথেষ্ট পাৰ্থক্য আছে।''

নৰেন্দ্ৰ সিং টোমৰ আৰু বিনয় তেণ্ডুলকাৰৰ এই মন্তব্যৰ পাছতেই সৰৱ হৈছে বুৰঞ্জীবিদ এছ ইৰফান হাবিব। বুৰঞ্জীবিদগৰাকীয়ে কয় যে ''শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা সকলৰ হাত কাটিছিল, ইয়াৰ কোনো বিশ্বাসযোগ্য প্ৰমাণ নাই। এই কাহিনী মানুহৰ মুখে মুখেহে চলি আহিছে। এই কাহিনীৰ সমৰ্থনৰ বাবে কোনো প্ৰমাণ নাই বা কোনো বিশ্বাসযোগ্য ইতিহাসবিদে কেতিয়াও এই কথাৰ সত্যতাৰ দাবী কৰা নাই। আজিৰ তাৰিখত এই পৌৰাণিক কাহিনীটোৰ এক সাম্প্ৰদায়িক ঘূৰ্ণন আছে। গতিকে শ্বাহজাহান আৰু নৰেন্দ্ৰ মোদীক একাকাৰ কৰাটো অযুক্তিকৰ।''

আৰু পঢ়কঃ জন্মদিন বিশেষঃ কোন কোন সুন্দৰীয়ে প্ৰেমৰ লহৰ তুলিলে ছলমানৰ হৃদয়ত?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি