--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এইবাৰ চিকাৰীয়েই পৰিব জালত! শ্বাহৰুখ তনয় আৰিয়ানক গ্ৰেপ্তাৰ কৰি সংবাদ শিৰোনামলৈ অহা নাৰ্কোটিকছ কণ্ট্ৰোল ব্যুৰোৰ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰে সংবাদ শিৰোনামলৈ আহিছিল। কিন্তু এইবাৰ সমীৰ ৱাংখেৰে নিজেই বিপদত পৰিছে। আৰিয়ান খানক এৰি দিয়াৰ বাবে ২৫কোটি টকা দাবী কৰা বুলি উঠা অভিযোগক গভীৰভাৱে লৈছে এনচিবি-এ।

এইবাৰ বিষয়াজনৰ বিৰুদ্ধে খোদ এনচিবিয়েই তদন্ত ঘোষণা কৰিছে। প্ৰভাকৰ ছেইল নামৰ এজন লোকে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল সমীৰ ৱাখেৰেৰ বিৰুদ্ধে। প্ৰভাকৰক আৰিয়ান কাণ্ডৰ সাক্ষী হিচাপে এনচিবি-এ উপস্থাপন কৰিছিল যদিও তেওঁ এনচিবিৰ বিৰুদ্ধেই গুৰুতৰ অভিযোগ উত্থাপন কৰে প্ৰভাকৰে। তেওঁ অভিযোগ কৰে যে, তেওঁক মৃত্যুৰ ভয় দেখুৱাই বগা কাগজত চহী লৈছিল সমীৰ ৱাংখেৰেই। কেৱল এয়াই নহয় শ্বাহৰুখ তনয়ক এৰি দিয়াৰ বিনিময়ত ২৫ কোটি টকা দাবী কৰিছিল আৰু তাৰ পাছত ১৮ কোটি টকাত ডীল ফাইনেল হৈছিল বুলিও তেওঁ দাবী কৰিছিল। এখন নোটাৰীকৃত শপতনামাৰ জৰিয়তে এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল প্ৰভাকৰে। তাৰ পাছতে তোলপাৰ লাগিছিল দেশজুৰি। এনে পৰিপ্ৰেক্ষিতত এনচিবি-এ সমীৰ ৱাংখেৰেৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিবলৈ বাধ্য হয়।

আমি পূৰ্বৰ প্ৰতিবেদনতে এই বিষয়ে সবিশেষ প্ৰকাশ কৰিছিলোঁ। আমাৰ পূৰ্বৰ এই প্ৰতিবেদনত প্ৰভাকৰ ছেইলৰ অভিযোগ আৰু এনচিবিৰ ভালেমান সন্দেহজনক ভূমিকাৰ কথা উল্লেখ কৰা হৈছিল। উল্লেখ্য যে, প্ৰভাকৰ হৈছে কে পি গোছাৱী নামৰ বিতৰ্কিত লোকজনক সহযোগী। এইজন কে পি গোছাৱীয়েই প্ৰৱঞ্চনাৰ গোচৰত পলাতক হৈ আছে। আৰিয়ানক আটক কৰাৰ পাছতে আৰিয়ানৰ সৈতে তেওঁ এখন ছেলফী ভাইৰেল হৈ পৰিছিল। গোছাৱীও এই গোচৰৰ এজন সাক্ষী বুলি এনচিবি-এ উপস্থাপন কৰিছিল যদিও তেওঁ নিজেই এতিয়া পলাই ফুৰিছে। এনে ঘটনাক্ৰমে সমীৰ ৱাংখেৰে আৰু এনচিবিৰ ওপৰত সন্দেহ গাঢ় কৰি তুলিছে। কে পি গোছাৱী সন্দেহজনকভাৱে নিৰুদ্দেশ হৈ পৰাৰ পাছতে সমীৰ ৱাংখেৰেই প্ৰভাকৰ ছেইলক মৃত্যুৰ ভাবুকি দিছিল। প্ৰভাকৰ আছিল গোছাৱীৰ বডীগাৰ্ড। এখন নোটাৰীকৃত শপতনামা সংবাদ মাধ্যমক প্ৰদান কৰি এনে বিস্ফোৰক অভিযোগ আনিছে প্ৰভাকৰে। তেওঁ লগতে সদৰি কৰিছে যে, জাহাজখনত এনচিবি-এ অভিযান চলোৱাৰ সময়ত কে পি গোছাৱীৰ লগতে তেৱোঁ উপস্থিত আছিল কিন্তু তেওঁ এই ড্ৰাগছৰ ধৰা সম্পৰ্কত অৱগত নাছিল যদিও তেওঁক জীৱনৰ ভয় দেখুৱাই তেওঁৰ পৰা উকা কাগজত চহী লোৱা হৈছিল।


প্ৰভাকৰৰ দাবীৰ পাছতে এতিয়া ভালেমান প্ৰশ্নৰ উদয় হৈছে। তাৰ ভিতৰত,
(১) এনচিবি-এ দাবী কৰিছে যে, কে পি গোছাৱী আছিল এজন স্বতন্ত্ৰ সাক্ষী। কিন্তু এজন সাক্ষীয়ে কিদৰে অভিযানত চামিল হ’বলৈ পালে?
(২) প্ৰভাকৰে দাবী কৰাৰ দৰে কিয় উকা কাগজত চহী লৈ সাক্ষীৰ শপতনামা প্ৰস্তুত কৰা হৈছিল?
(৩) আৰিয়ান খানক গোছাৱীৰ ফোনৰ পৰা কাৰ লগত কথা পাতিবলৈ দিয়া হৈছিল? কি কথা পতা হৈছিল? উল্লেখ্য যে, গোছাৱীয়ে তেওঁৰ ফোনৰ পৰা আৰিয়ানক কোনো লোকৰ সৈতে কথা পাতিবলৈ দিয়াৰ আলোকচিত্ৰ আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। সেয়েহে সন্দেহ অধিক গাঢ় গৈ পৰিছে।
(৪) ছেম কোন?
ছেমৰ প্ৰসংগও প্ৰভাকৰে তেওঁৰ শপতনামাত উল্লেখ কৰিছে। এই ছেম ডিছুজা নামৰ লোকজনৰ সৈতেই কে পি গোছাৱীয়ে ১৮ কোটি টকাৰ বন্দৱস্ত কৰাৰ কথা তেওঁ শুনিছিল বুলি দাবী কৰিছে। এই ১৮কোটি টকাৰ ৮ কোটি দিবলগীয়া আছিল সমীৰ ৱাংখেৰেক। প্ৰথমে ২৫ কোটি টকা দাবী কৰা হৈছিল আৰু ১৮ কোটিত ডীল ফাইনেল হৈছিল বুলি দাবী কৰিছে প্ৰভাকৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক