--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :১ ফেব্ৰুৱাৰীত কেন্দ্রীয় চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে সাধাৰণ বাজেট উত্থাপন কৰিব। ইতিমধ্যে বাজেটত কেন্দ্রীয় চৰকাৰে কি ঘোষণা কৰিব তাক লৈ দেশৰ ব্যৱসায়-বাণিজ্যকে ধৰি অর্থনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত সকলো উৎসুক হৈ আছে। পিছে এনে সময়তে কেন্দ্রীয় চৰকাৰে প্ৰতি বছৰে বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে হাজাৰ হাজাৰ কোটি টকা ধাৰ্য কৰিও পৰৱৰ্তী সময়ত ধাৰ্য কৰা ধন মোকলাই নিদিয়া আৰু সংশোধিত বাজেটত ধন কৰ্তন কৰাৰ এক তথ্য উন্মোচিত হৈছে। 

বিগত পাঁচ বছৰত কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ বাবে বাজেট প্রস্তাৱত ২,৬৩,৫৪১ কোটি টকা ধাৰ্য কৰিও শেষত মোকলাই দিলে মাত্র ২,১৫,৮৯০ কোটি টকাহে। অৰ্থাৎ মোদী চৰকৰে বিগত পাঁচ বছৰত কৰ্তন কৰিলে ৪৭,৬৫১ কোটি টকা। উত্তৰ-পূৰ্বাঞ্চলৰ কথা ওলালেই অঞ্চলটোৰ প্ৰেমত গদগদ হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখনে আনকি প্ৰতি বছৰে বাজেটত উত্তৰ-পূবৰ বাবে বৃহৎ অংকত ধন ধাৰ্য কৰি সংশোধিত বাজেটতে উক্ত ধন কৰ্তন কৰে। তথ্য অনুসৰিয়েই ২০১৯-২০ বিত্তীয় বৰ্ষত বাজেটত উত্তৰ-পূবৰ বাবে ধাৰ্য কৰা ধনৰ পৰিমাণ আছিল ৫৯,৩৬৯ কোটি টকা কিন্তু সময়ত কেন্দ্ৰীয় চৰকাৰে মোকলাই দিলে মাত্র ৪৮,৫৩৩ কোটি টকাহে। 

আনহাতে ২০২০-২১ বিত্তীয় বর্ষত ধাৰ্য কৰা ৬০,১১২ কোটি টকাৰ ভিতৰত ৪৮৫৬৩ কোটি টকা, ২০২১-২২ বিত্তীয় বৰ্ষত ধাৰ্য কৰা ৬৮০২০ কোটি টকাৰ ভিতৰত ৭০৮৭৪ কোটি টকা, ২০২২-২৩ বিত্তীয় বৰ্ষত ধাৰ্য কৰা ৭৬০৪০ কোটি টকাৰ ভিতৰত ৪৭৯২০ কোটি টকা মোকলাই দিয়ে। একেদৰে ২০২৩-২৪ বিত্তীয় বর্ষত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে মুঠ ৯৪৬৭৯.৫৩ কোটি টকা ধাৰ্য কৰি শেষত সংশোধিত বাজেটত এই ধন ৯১৭৮৪.৫০ কোটি টকালৈ হ্রাস কৰে। ২০১৯-২০ বিত্তীয় বর্ষত বাজেটত ঘোষণা কৰা ৫৯,৩৬৯.৯০ কোটি টকাও সংশোধিত বাজেটত ৫৩,৩৭৪.১৯ কোটিলৈ হ্রাস কৰাৰ পাছত ২০২০-২১ বিত্তীয় বর্ষত বাজেট মুঠ ৬০,১১২.১১ কোটি টকা ধাৰ্য কৰি পাছত এই ধন ৫১,২৭০.৯০ কোটি টকালৈ হ্রাস কৰা হয়। মন কৰিব লগীয়া কথা যে কেন্দ্রীয় চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা উগ্রপন্থী সংগঠনসমূহকো বঞ্চনা কৰি আহিছে।চুক্তি অনুসৰি প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে যি ধন দিব লাগে সেই ধন প্রদান নকৰে।বৰঞ্চ বাজেটত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু বি টি আৰক প্ৰদান কৰা ধনো হ্রাস কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে বিগত সময়ত বাজেটত উত্তৰ-পূবৰ বাবে কোনো উল্লেখনীয় প্রকল্প ঘোষণা কৰা নাই। যিবোৰ প্ৰকল্প পূৰ্বতে ঘোষণা কৰি থৈছিল উক্ত প্রকল্পসমূহ ৰূপায়ণতহে গুৰুত্ব দি আহিছে।

 কিন্তু ঘোষিত প্ৰকল্পৰ বাবেও ধন প্ৰদানৰ ক্ষেত্ৰত কার্পণ্য কৰি আহিছে চৰকাৰখনে। যাৰ ফলত দ্বৈত ৰে'ল পথ ৰূপায়ণ, ৰে'ল পথ বৈদ্যুতিকীকৰণৰ প্ৰকল্পটোকে আজিলৈকে সমাপ্ত হোৱা নাই। আনকি উত্তৰ-পূবৰ সকলো ৰাজ্যৰে ৰাজধানীক ৰে'লেৰে সংযোগ কৰা হ'ব বুলি মোদী চৰকাৰে কৰি অহা ঘোষণাও আজিও পূৰণ হোৱা নাই। এনে পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে বাজেটত চমক সৃষ্টি কৰি হাজাৰ কোটি কোটি টকা ধাৰ্য কৰিও উক্ত ধন পৰৱৰ্তী সময়ত কিয় মোকলাই নিদিয়ে বা বাজেটত ঘোষণা কৰি সংশোধিত বাজেটতে সেই ধন কৰ্তন কৰাটোহে এক ডাঙৰ প্রশ্ন হৈ পৰিছে

(উৎসঃ দৈনিক জনমভূমি)

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ