--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ এটা ফোনকলৰ ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। মুখ্যমন্ত্ৰীৰ চকী দখলৰ পৰা সামান্য ব্যৱধানত ব্যৰ্থ হ’লেও ৰাজ্যখনৰ প্ৰশাসনীয় স্তৰত তেওঁ প্ৰভাৱ আৰু প্ৰতিপত্তি যে এতিয়াও বাহাল আছে সেই কথাই এই ফোনকলটোৱে প্ৰমাণ কৰা বুলি সৰ্বত্ৰই চৰ্চা চলিছে।

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ

পাটনাত প্ৰতিবাদৰত শিক্ষকসকলৰ সৈতে চামিল হৈ ৰাজ্যখনৰ মুখ্য সচিব, আৰক্ষী প্ৰধান আৰু পাটনাৰ জিলা উপায়ুক্তলৈ ফোন কৰিছিল ৰাষ্ট্ৰীয় জনতা দলৰ যুৱ নেতাগৰাকীয়ে। প্ৰতিবাদী শিক্ষকসকলক কিয় তেওঁলোকৰ নিৰ্ধাৰিত স্থানত প্ৰতিবাদৰ অনুমতি দিয়া হোৱা নাই তাকে লৈ উপায়ুক্তগৰাকীক ফোনযোগে প্ৰশ্ন কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত তেজস্বীয়ে উপায়ুক্তগৰাকীক প্ৰশ্ন কৰে, ‘প্ৰতিবাদকাৰীসকলে কৈছে যে, তেওঁলোকক প্ৰতিবাদৰ অনুমতি দিয়া হোৱা নাই।

তেওঁলোকে প্ৰতিদিনে প্ৰতিবাদৰ বাবে অনুমতি গ্ৰহণ কৰিব লাগিব নেকি? তেওঁলোকৰ ওপৰত লাঠীচালনা কৰা হৈছে, তেওঁলোকৰ খাদ্য সামগ্ৰী দলিয়াই পেলোৱা হৈছে। তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ কিয় সাব্যস্ত কৰিবলৈ দিয়া হোৱা নাই?’ তেওঁ লগতে বিষয়াগৰাকীক কয় যে, মই তেওঁলোকৰ আবেদন হোৱাটছএপ কৰি পঠিয়াম আপুনি অনুমোদন প্ৰদান কৰিব। বিষয়াগৰাকীয়ে বিষয়টো বিবেচনা কৰিব বুলি মন্তব্য কৰাত তেজস্বীয়ে প্ৰশ্ন কৰে, কেতিয়ালৈ বিবেচনা কৰিব? বিষয়াগৰাকীয়ে তেতিয়া, কেতিয়ালৈ মানে আপুনি মোক প্ৰশ্ন কৰিছে নেকি বুলি উত্তৰ দিয়ে।

আৰু পঢ়িব পাৰিব : ৬ বছৰতে ২০ বছৰৰ সমান উন্নয়ন সাধিছে মোডী চৰকাৰে

কিন্তু তাৰ লগে লগে তেজস্বীৰ পৰা যোৱা উত্তৰে পৰিস্থিতি সলনি কৰি পেলায়। ‘মই তেজস্বী যাদৱে কৈছোঁ ডিএম মহাশয়…’ বুলি কোৱাৰ লগে লগে বিষয়াগৰাকীয়ে তেওঁৰ নিৰ্দেশ মানি লয়। এই টেলিফোনিক বাৰ্তালাপৰ ভিডিঅ’ ৰেকৰ্ডিং প্ৰচাৰ হোৱাৰ লগে লগে তেজস্বীৰ প্ৰভাৱশালী উপস্থিতিক লৈ বিভিন্নজনে সৰৱ চৰ্চা কৰা দেখা গৈছে। তেজস্বীৰ এই হস্তক্ষেপৰ পাছতে প্ৰতিবাদী শিক্ষকসকলক প্ৰতিবাদৰ অনুমতি প্ৰদান কৰে প্ৰশাসনে। তেজস্বী যাদৱে টুইটযোগে এই কথা প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলক নিশা নিৰ্দিষ্ট ধৰ্ণাস্থলীত সমদল উলিয়াই থৈ অহা বুলি সদৰী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু