--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : আৰজেডি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ এটা ফোনকলৰ ভিডিঅ’ই এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। মুখ্যমন্ত্ৰীৰ চকী দখলৰ পৰা সামান্য ব্যৱধানত ব্যৰ্থ হ’লেও ৰাজ্যখনৰ প্ৰশাসনীয় স্তৰত তেওঁ প্ৰভাৱ আৰু প্ৰতিপত্তি যে এতিয়াও বাহাল আছে সেই কথাই এই ফোনকলটোৱে প্ৰমাণ কৰা বুলি সৰ্বত্ৰই চৰ্চা চলিছে।

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ

পাটনাত প্ৰতিবাদৰত শিক্ষকসকলৰ সৈতে চামিল হৈ ৰাজ্যখনৰ মুখ্য সচিব, আৰক্ষী প্ৰধান আৰু পাটনাৰ জিলা উপায়ুক্তলৈ ফোন কৰিছিল ৰাষ্ট্ৰীয় জনতা দলৰ যুৱ নেতাগৰাকীয়ে। প্ৰতিবাদী শিক্ষকসকলক কিয় তেওঁলোকৰ নিৰ্ধাৰিত স্থানত প্ৰতিবাদৰ অনুমতি দিয়া হোৱা নাই তাকে লৈ উপায়ুক্তগৰাকীক ফোনযোগে প্ৰশ্ন কৰাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। ভাইৰেল ভিডিঅ’টোত তেজস্বীয়ে উপায়ুক্তগৰাকীক প্ৰশ্ন কৰে, ‘প্ৰতিবাদকাৰীসকলে কৈছে যে, তেওঁলোকক প্ৰতিবাদৰ অনুমতি দিয়া হোৱা নাই।

তেওঁলোকে প্ৰতিদিনে প্ৰতিবাদৰ বাবে অনুমতি গ্ৰহণ কৰিব লাগিব নেকি? তেওঁলোকৰ ওপৰত লাঠীচালনা কৰা হৈছে, তেওঁলোকৰ খাদ্য সামগ্ৰী দলিয়াই পেলোৱা হৈছে। তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ কিয় সাব্যস্ত কৰিবলৈ দিয়া হোৱা নাই?’ তেওঁ লগতে বিষয়াগৰাকীক কয় যে, মই তেওঁলোকৰ আবেদন হোৱাটছএপ কৰি পঠিয়াম আপুনি অনুমোদন প্ৰদান কৰিব। বিষয়াগৰাকীয়ে বিষয়টো বিবেচনা কৰিব বুলি মন্তব্য কৰাত তেজস্বীয়ে প্ৰশ্ন কৰে, কেতিয়ালৈ বিবেচনা কৰিব? বিষয়াগৰাকীয়ে তেতিয়া, কেতিয়ালৈ মানে আপুনি মোক প্ৰশ্ন কৰিছে নেকি বুলি উত্তৰ দিয়ে।

আৰু পঢ়িব পাৰিব : ৬ বছৰতে ২০ বছৰৰ সমান উন্নয়ন সাধিছে মোডী চৰকাৰে

কিন্তু তাৰ লগে লগে তেজস্বীৰ পৰা যোৱা উত্তৰে পৰিস্থিতি সলনি কৰি পেলায়। ‘মই তেজস্বী যাদৱে কৈছোঁ ডিএম মহাশয়…’ বুলি কোৱাৰ লগে লগে বিষয়াগৰাকীয়ে তেওঁৰ নিৰ্দেশ মানি লয়। এই টেলিফোনিক বাৰ্তালাপৰ ভিডিঅ’ ৰেকৰ্ডিং প্ৰচাৰ হোৱাৰ লগে লগে তেজস্বীৰ প্ৰভাৱশালী উপস্থিতিক লৈ বিভিন্নজনে সৰৱ চৰ্চা কৰা দেখা গৈছে। তেজস্বীৰ এই হস্তক্ষেপৰ পাছতে প্ৰতিবাদী শিক্ষকসকলক প্ৰতিবাদৰ অনুমতি প্ৰদান কৰে প্ৰশাসনে। তেজস্বী যাদৱে টুইটযোগে এই কথা প্ৰকাশ কৰি প্ৰতিবাদকাৰীসকলক নিশা নিৰ্দিষ্ট ধৰ্ণাস্থলীত সমদল উলিয়াই থৈ অহা বুলি সদৰী কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ