--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কোভিড-১৯ৰ লৈ সাধাৰণ মানুহৰ মনত থকা দুৰ্ভাৱনা, সংকোচ তথা আশংকা দূৰ কৰিবলৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে। এই প্ৰচাৰ অভিযানৰ বাবে ইতিমধ্যে পোষ্টাৰ সাজু কৰি তোলা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিজেই এই প্ৰচাৰ অভিযান চলাব আৰু ৰাজ্যসমূহো প্ৰচাৰ চলোৱাৰ বাবে আহ্বান জনাব।

আৰু পঢ়িব পাৰিব : মই তেজস্বী যাদৱে কৈছোঁ ডি এম মহাশয়… ভাইৰেল ভিডিঅ’

এই অভিযান আৰম্ভ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয় যে, ‘আমাৰ দেশত উদ্ভাৱন হোৱা এটা প্ৰতিষেধক ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডতো ব্যৱহাৰ হৈ আছে। বিশ্বৰ বিভিন্ন দেশে আমাৰ প্ৰতিষেধক বিচাৰি আছে আৰু আমাক প্ৰতিষেধক ৰপ্তানি কৰাৰ বাবে আহ্বান জনাই আছে।’ তেওঁ লগতে কয় যে, এয়া আমাৰ বাবে সুখৰ কথা যে, আমাৰ দেশতে এটা নহয়, দুটাকৈ প্ৰতিষেধক এতিয়া সুলভ হৈছে। এই প্ৰতিষেধক সুৰক্ষিত আৰু প্ৰভাৱশালী।

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ

ভালেমান প্ৰখ্যাত চিকিৎসক তথা বিশেষজ্ঞই প্ৰথমেই স্বেচ্ছাই প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ কোনো সমস্যা হোৱা নাই। ই প্ৰমাণ কৰে যে, এই প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত। কিছুমান লোকে কেৱল ৰাজনৈতিক কাৰণৰ বাবে প্ৰতিষেধকৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা বুলিও তেওঁ অভি়যোগ কৰে। তেওঁ সকলো ৰাজ্যকে প্ৰতিষেধকৰ বিৰুদ্ধে চলি থকা অপপ্ৰচাৰত প্ৰত্যুত্তৰ দিবলৈ আৰু ইয়াৰ সপক্ষে প্ৰচাৰ চলাবলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ