--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : কোভিড-১৯ৰ লৈ সাধাৰণ মানুহৰ মনত থকা দুৰ্ভাৱনা, সংকোচ তথা আশংকা দূৰ কৰিবলৈ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰনালয়ে। এই প্ৰচাৰ অভিযানৰ বাবে ইতিমধ্যে পোষ্টাৰ সাজু কৰি তোলা হৈছে। কেন্দ্ৰীয় চৰকাৰে নিজেই এই প্ৰচাৰ অভিযান চলাব আৰু ৰাজ্যসমূহো প্ৰচাৰ চলোৱাৰ বাবে আহ্বান জনাব।

আৰু পঢ়িব পাৰিব : মই তেজস্বী যাদৱে কৈছোঁ ডি এম মহাশয়… ভাইৰেল ভিডিঅ’

এই অভিযান আৰম্ভ কৰি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কয় যে, ‘আমাৰ দেশত উদ্ভাৱন হোৱা এটা প্ৰতিষেধক ব্ৰাজিল, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডতো ব্যৱহাৰ হৈ আছে। বিশ্বৰ বিভিন্ন দেশে আমাৰ প্ৰতিষেধক বিচাৰি আছে আৰু আমাক প্ৰতিষেধক ৰপ্তানি কৰাৰ বাবে আহ্বান জনাই আছে।’ তেওঁ লগতে কয় যে, এয়া আমাৰ বাবে সুখৰ কথা যে, আমাৰ দেশতে এটা নহয়, দুটাকৈ প্ৰতিষেধক এতিয়া সুলভ হৈছে। এই প্ৰতিষেধক সুৰক্ষিত আৰু প্ৰভাৱশালী।

আৰু পঢ়িব পাৰিব : ক’ভিড প্ৰতিষেধক গ্ৰহণৰ পাছতে মৃত্যু স্বাস্থ্য কৰ্মীৰ

ভালেমান প্ৰখ্যাত চিকিৎসক তথা বিশেষজ্ঞই প্ৰথমেই স্বেচ্ছাই প্ৰতিষেধক গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ কোনো সমস্যা হোৱা নাই। ই প্ৰমাণ কৰে যে, এই প্ৰতিষেধক সম্পূৰ্ণৰূপে সুৰক্ষিত। কিছুমান লোকে কেৱল ৰাজনৈতিক কাৰণৰ বাবে প্ৰতিষেধকৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা বুলিও তেওঁ অভি়যোগ কৰে। তেওঁ সকলো ৰাজ্যকে প্ৰতিষেধকৰ বিৰুদ্ধে চলি থকা অপপ্ৰচাৰত প্ৰত্যুত্তৰ দিবলৈ আৰু ইয়াৰ সপক্ষে প্ৰচাৰ চলাবলৈ আহ্বান জনায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু