--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেকুলিন ফাৰ্ণাণ্ডেজক পাহৰিব পৰা নাই সুকেশ চন্দ্ৰশেখৰে। সেয়ে জেলৰ পৰাই অভিনেত্ৰীগৰাকীলৈ প্ৰেম পত্ৰ লিখিলে সুকেশে। প্ৰায় ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিত অভিযুক্ত হৈ আছে সুকেশ। সুকেশৰ সৈতে অন্তৰংগ প্ৰেমৰ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকীৰ।

সুকেশ বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে। কিন্তু মন তেওঁৰ পৰি ৰৈছে প্ৰেয়সীৰ তাত। কেতিয়াবা জেলত বহিয়েই জেকলিনলৈ সুকেশে চিঠি লিখে। এইবাৰ চিঠিখনত সুকেশে কয় যে তেওঁ জেকলিনক এটা ডাঙৰ চমক দিবলৈ অপেক্ষা কৰিছে। ১১ আগষ্ট তাৰিখে সেইদিনা অভিনেত্ৰীগৰাকীৰ জন্মদিন। সুকেশে সেই দিনটোৰ বাবে অপেক্ষা কৰি আছে।

সুকেশে উকীল অনন্ত মালিকৰ জৰিয়তে জেকলিনলৈ পঠিয়াইছে চিঠিখন। চিঠিখনৰ প্ৰতিটো শাৰীতে তেওঁ জেকলিনৰ প্ৰতি থকা অপাৰ প্ৰেমৰ কথা প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, তেওঁ নিজৰ প্ৰেয়সীক কিমান মিছ কৰে সেই কথাও জনাইছে।

সুকেশে জেকলিনলৈ লিখিছে, “মাই বেবী, মোৰ মৰমৰ জেকলিন, তোমাক ভাল পাওঁ। মোৰ জীৱনত তোমাক পাই মই ধন্য হৈছো। তুমি মোৰ ৰাণী, প্ৰতি মুহূৰ্ততে তোমাৰ কথা ভাবো। মই জানো তুমিও মোক পাগলৰ দৰে ভাল পোৱা। তোমাৰ জন্মদিনৰ বাবে অপেক্ষা কৰি আছো। তোমাৰ বাবে এটা ডাঙৰ চমক অপেক্ষা কৰি আছে। মই নিশ্চিত, উপহাৰটো তোমাৰ ভাল লাগিব। মই কিন্তু মোৰ কথা ৰাখিছো। তুমি মাথোঁ তোমাৰ হাঁহিটো ধৰি ৰাখা।”

শেষত সুকেশে আৰু লিখিছে “সত্য পোহৰলৈ অহাৰ সময় আহি পৰিছে, কাউণ্টডাউন আৰম্ভ হৈছে।”

এই চিঠিখনত সুকেশে অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ উপৰিও কেইবাটাও গোপন কথা লিখিছে। এতিয়া জেকলিনৰ জন্মদিনৰ বাবে অপেক্ষা। সুকেশে কি চমক দিয়ে, সেইদিনাই বুজিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?