--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেকুলিন ফাৰ্ণাণ্ডেজক পাহৰিব পৰা নাই সুকেশ চন্দ্ৰশেখৰে। সেয়ে জেলৰ পৰাই অভিনেত্ৰীগৰাকীলৈ প্ৰেম পত্ৰ লিখিলে সুকেশে। প্ৰায় ২০০ কোটি টকাৰ আৰ্থিক জালিয়াতিত অভিযুক্ত হৈ আছে সুকেশ। সুকেশৰ সৈতে অন্তৰংগ প্ৰেমৰ সম্পৰ্ক আছিল অভিনেত্ৰীগৰাকীৰ।

সুকেশ বৰ্তমান দিল্লীৰ মণ্ডোলী কাৰাগাৰত আছে। কিন্তু মন তেওঁৰ পৰি ৰৈছে প্ৰেয়সীৰ তাত। কেতিয়াবা জেলত বহিয়েই জেকলিনলৈ সুকেশে চিঠি লিখে। এইবাৰ চিঠিখনত সুকেশে কয় যে তেওঁ জেকলিনক এটা ডাঙৰ চমক দিবলৈ অপেক্ষা কৰিছে। ১১ আগষ্ট তাৰিখে সেইদিনা অভিনেত্ৰীগৰাকীৰ জন্মদিন। সুকেশে সেই দিনটোৰ বাবে অপেক্ষা কৰি আছে।

সুকেশে উকীল অনন্ত মালিকৰ জৰিয়তে জেকলিনলৈ পঠিয়াইছে চিঠিখন। চিঠিখনৰ প্ৰতিটো শাৰীতে তেওঁ জেকলিনৰ প্ৰতি থকা অপাৰ প্ৰেমৰ কথা প্ৰকাশ কৰিছে। কেৱল সেয়াই নহয়, তেওঁ নিজৰ প্ৰেয়সীক কিমান মিছ কৰে সেই কথাও জনাইছে।

সুকেশে জেকলিনলৈ লিখিছে, “মাই বেবী, মোৰ মৰমৰ জেকলিন, তোমাক ভাল পাওঁ। মোৰ জীৱনত তোমাক পাই মই ধন্য হৈছো। তুমি মোৰ ৰাণী, প্ৰতি মুহূৰ্ততে তোমাৰ কথা ভাবো। মই জানো তুমিও মোক পাগলৰ দৰে ভাল পোৱা। তোমাৰ জন্মদিনৰ বাবে অপেক্ষা কৰি আছো। তোমাৰ বাবে এটা ডাঙৰ চমক অপেক্ষা কৰি আছে। মই নিশ্চিত, উপহাৰটো তোমাৰ ভাল লাগিব। মই কিন্তু মোৰ কথা ৰাখিছো। তুমি মাথোঁ তোমাৰ হাঁহিটো ধৰি ৰাখা।”

শেষত সুকেশে আৰু লিখিছে “সত্য পোহৰলৈ অহাৰ সময় আহি পৰিছে, কাউণ্টডাউন আৰম্ভ হৈছে।”

এই চিঠিখনত সুকেশে অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ উপৰিও কেইবাটাও গোপন কথা লিখিছে। এতিয়া জেকলিনৰ জন্মদিনৰ বাবে অপেক্ষা। সুকেশে কি চমক দিয়ে, সেইদিনাই বুজিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে