--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ সময়তে আইন খনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।  মমতাৰ চিধা কথা- কা পৰ্টেলত আবেদন কৰিলেই  হেৰুৱাব বংগ লাভ কৰি থকা সা-সুবিধা। 

আইন খনৰ বিৰুদ্ধে ইতিমধ্যে  উচ্চতম ন্যায়ালয়ত কেইবা খনো আবেদন কৰা হৈছে।  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী  মমতা বেনাৰ্জীয়ে কাৰ বিৰোধিতা কৰি কয় "ইয়াৰ কোনো ভিত্তি নাই, কোনো স্বচ্ছতা নাই। এয়া ভোটৰ আগতে খেলা এক খেল। এনে কাম  ১৯৯০ চনৰ আগতে অসমতো কৰা হৈছিল। ১৪ লাখ লোকক এন আৰ চিৰ অধীনলৈ অনা হৈছিল। এয়া  এক  অবৈধ খেল। এয়া  বিজেপিৰ লুডো খেল। তেওঁলোকে  ভাবিছে তেওঁলোকে  মই ছয় মাৰিছে। কিন্তু প্ৰকৃততে তেনে নহয়। " 

মমতাই লগতে কয় "কোনোবাই কা  পৰ্টেলত আবেদন কৰাৰ লগে লগে তেওঁৰ নাগৰিকত্ব বাতিল কৰা হ'ব। এতিয়ালৈকে উপলব্ধ সুবিধাবোৰ আৰু তেওঁলোকে লাভ কৰি নাথাকিব। গতিকে আবেদন কৰাৰ আগতে সাৱধানে চিন্তা কৰি চাব।’’ 
 
মমতাই  কয়, "যিসকল ইমান দিন ধৰি নাগৰিক হৈ আছিল  তেওঁলোক অনুপ্ৰৱেশকাৰী হৈ পৰিব। তেওঁলোকে তেওঁলোকৰ ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হ'ব। তেওঁলোকৰ  ঠাই হ’ব ডিটেনচন কেম্পত। মই  থাকোতে ৰাজ্যখনত কোনো ডিটেনচন কেম্প স্থাপন কৰিবলৈ অনুমতি নিদিওঁ। মই মোৰ জীৱন দিম, কিন্তু মই কাৰো নাগৰিকত্ব কাঢ়ি নিবলৈ নিদিওঁ। যদি কাৰোবাক বঞ্চিত কৰা হয়, আমি আশ্ৰয় দিম।

 অধিসূচনাখনত এই আইন কাৰ্যকৰী কৰাৰ বাবে কোনো প্ৰক্ৰিয়া উল্লেখ কৰা হোৱা নাই। মই কওঁ যে এই আইনখন অসাংবিধানিক আৰু বিভাজনকাৰী।কোনেও ভয় কৰাৰ প্ৰয়োজন নাই, আপোনালোক বংগতে থাকক। কাৰো একো নহয় । যদি কাৰোবাৰ কিবা হয়, আমি  আশ্ৰয় দিম। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ