--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী হোৱাৰ সময়তে আইন খনৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।  মমতাৰ চিধা কথা- কা পৰ্টেলত আবেদন কৰিলেই  হেৰুৱাব বংগ লাভ কৰি থকা সা-সুবিধা। 

আইন খনৰ বিৰুদ্ধে ইতিমধ্যে  উচ্চতম ন্যায়ালয়ত কেইবা খনো আবেদন কৰা হৈছে।  পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সৰ্বোচ্চ নেত্ৰী  মমতা বেনাৰ্জীয়ে কাৰ বিৰোধিতা কৰি কয় "ইয়াৰ কোনো ভিত্তি নাই, কোনো স্বচ্ছতা নাই। এয়া ভোটৰ আগতে খেলা এক খেল। এনে কাম  ১৯৯০ চনৰ আগতে অসমতো কৰা হৈছিল। ১৪ লাখ লোকক এন আৰ চিৰ অধীনলৈ অনা হৈছিল। এয়া  এক  অবৈধ খেল। এয়া  বিজেপিৰ লুডো খেল। তেওঁলোকে  ভাবিছে তেওঁলোকে  মই ছয় মাৰিছে। কিন্তু প্ৰকৃততে তেনে নহয়। " 

মমতাই লগতে কয় "কোনোবাই কা  পৰ্টেলত আবেদন কৰাৰ লগে লগে তেওঁৰ নাগৰিকত্ব বাতিল কৰা হ'ব। এতিয়ালৈকে উপলব্ধ সুবিধাবোৰ আৰু তেওঁলোকে লাভ কৰি নাথাকিব। গতিকে আবেদন কৰাৰ আগতে সাৱধানে চিন্তা কৰি চাব।’’ 
 
মমতাই  কয়, "যিসকল ইমান দিন ধৰি নাগৰিক হৈ আছিল  তেওঁলোক অনুপ্ৰৱেশকাৰী হৈ পৰিব। তেওঁলোকে তেওঁলোকৰ ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হ'ব। তেওঁলোকৰ  ঠাই হ’ব ডিটেনচন কেম্পত। মই  থাকোতে ৰাজ্যখনত কোনো ডিটেনচন কেম্প স্থাপন কৰিবলৈ অনুমতি নিদিওঁ। মই মোৰ জীৱন দিম, কিন্তু মই কাৰো নাগৰিকত্ব কাঢ়ি নিবলৈ নিদিওঁ। যদি কাৰোবাক বঞ্চিত কৰা হয়, আমি আশ্ৰয় দিম।

 অধিসূচনাখনত এই আইন কাৰ্যকৰী কৰাৰ বাবে কোনো প্ৰক্ৰিয়া উল্লেখ কৰা হোৱা নাই। মই কওঁ যে এই আইনখন অসাংবিধানিক আৰু বিভাজনকাৰী।কোনেও ভয় কৰাৰ প্ৰয়োজন নাই, আপোনালোক বংগতে থাকক। কাৰো একো নহয় । যদি কাৰোবাৰ কিবা হয়, আমি  আশ্ৰয় দিম। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু