--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগত নিৰ্বাচনী ৰণশিঙা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ ঘোৰ বিৰোধীৰূপে জনাজাত তৃণমূল কংগ্ৰেছ নেত্ৰী মমতা বেনাৰ্জীৰ দুৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰসভা। দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পশ্চিমবংগত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী। ভ্ৰমণৰ প্ৰথমটো দিনত হুগলীত নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা। 

আনহাতে আজি নিজৰ ভ্ৰমণসূচীৰ দ্বিতীয়টো দিনত নদীয়া জিলাত ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু শিলান্যাস প্ৰধানমন্ত্ৰীগৰাকীৰ। নদীয়াৰ কৃষ্ণনগৰত জনসভাত জয়শ্ৰীৰাম ধ্বনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নদীয়াৰ জনসভাত ২৪ মিনিটৰ ভাষণত নিজৰ অভেদ্য দুৰ্গতে মমতা বেনাৰ্জীৰ শাসনক কটু সমালোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ। 

এইবাৰৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সাজু হৈছে বিজেপি। শেহতীয়া খবৰ অনুসৰি ৬ মাৰ্চত পুনৰ পশ্চিমবংগ ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীগৰাকীৰ। সম্প্ৰতি ৰাজ্যখনৰ সন্দেশখালীত তৃণমূল নেতাই একাংশ মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনক লৈ বিজেপি– TMCৰ মাজত অব্যাহত আছে তীব্ৰ ৰাজনৈতিক সংঘাত। অহা ৬ মাৰ্চত সন্দেশখালী ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইতিমধ্যে পশ্চিমবংগ ভ্ৰমণ সমাপ্ত কৰি বিহাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। ১৮ মাহৰ পাছত প্ৰথমবাৰলৈ ৰাজ্যখনত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। তাৰ পূৰ্বে আজি পশ্চিমবংগৰ নদীয়াত মমতা চৰকাৰক তীব্ৰ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ