--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমাগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত পশ্চিমবংগত নিৰ্বাচনী ৰণশিঙা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ ঘোৰ বিৰোধীৰূপে জনাজাত তৃণমূল কংগ্ৰেছ নেত্ৰী মমতা বেনাৰ্জীৰ দুৰ্গত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্বাচনী প্ৰচাৰসভা। দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে পশ্চিমবংগত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰীগৰাকী। ভ্ৰমণৰ প্ৰথমটো দিনত হুগলীত নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা। 

আনহাতে আজি নিজৰ ভ্ৰমণসূচীৰ দ্বিতীয়টো দিনত নদীয়া জিলাত ১৫ হাজাৰ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু শিলান্যাস প্ৰধানমন্ত্ৰীগৰাকীৰ। নদীয়াৰ কৃষ্ণনগৰত জনসভাত জয়শ্ৰীৰাম ধ্বনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। নদীয়াৰ জনসভাত ২৪ মিনিটৰ ভাষণত নিজৰ অভেদ্য দুৰ্গতে মমতা বেনাৰ্জীৰ শাসনক কটু সমালোচনা প্ৰধানমন্ত্ৰীগৰাকীৰ। 

এইবাৰৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগত শাসকীয় তৃণমূল কংগ্ৰেছক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সাজু হৈছে বিজেপি। শেহতীয়া খবৰ অনুসৰি ৬ মাৰ্চত পুনৰ পশ্চিমবংগ ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীগৰাকীৰ। সম্প্ৰতি ৰাজ্যখনৰ সন্দেশখালীত তৃণমূল নেতাই একাংশ মহিলাৰ ওপৰত চলোৱা যৌন নিৰ্যাতনক লৈ বিজেপি– TMCৰ মাজত অব্যাহত আছে তীব্ৰ ৰাজনৈতিক সংঘাত। অহা ৬ মাৰ্চত সন্দেশখালী ভ্ৰমণ কৰিব পাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইতিমধ্যে পশ্চিমবংগ ভ্ৰমণ সমাপ্ত কৰি বিহাৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। ১৮ মাহৰ পাছত প্ৰথমবাৰলৈ ৰাজ্যখনত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী। তাৰ পূৰ্বে আজি পশ্চিমবংগৰ নদীয়াত মমতা চৰকাৰক তীব্ৰ কটাক্ষ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু