--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অভিনেত্ৰী মন্দিৰা বেদীৰ স্বামী তথা চলচ্চিত্ৰ প্ৰযোজক ৰাজ কৌশলৰ জীৱনাৱসান। ৪৯ বছৰ বয়সত অকালতে মৃত্যু হয় ৰাজ কৌশলৰ। তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰে চলচ্চিত্ৰ নিৰ্মাতা অনিৰে। তেওঁৰ মৃত্যুৰ পাছতে বিভিন্নজন তাৰকাই শোক প্ৰকাশ কৰিছে। মন্দিৰা বেদীলৈও গভীৰ সমবেদনা প্ৰকাশ কৰিছে বিভিন্নজনে। নেহা ধুপীয়া, ৰণদ্বীপ হুডা, ৰোহিত ৰয়, অনুপম খেৰ আৰু আ ভালেমান তাৰকাই ৰাজ কৌশলৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰে আৰু মন্দিৰা বেদীলৈ সমবেদনা জ্ঞাপন কৰে। আজি হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল।

নেহা ধুপীয়াই টুইটাৰত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে আৰু অৱেগিকভাৱে লিখিছে, ‘ৰাজ আমি এই আলোকচিত্ৰখন বহু স্মৃতিৰ স্বাক্ষৰ হিচাপে গ্ৰহণ কৰিছিলোঁ। এইকথা বিশ্বাস কৰিব পৰা নাই যে, তুমি আমাৰ মাজত নাই। মন্দিৰা, মোৰ অতি শক্তিশালী নাৰীগৰাকী, মই শব্দহীন হৈ পৰিছোঁ। মই অন্তৰেৰে বীৰ আৰু তাৰাক স্নেহ যাচিছোঁ। এই কথাখিনি লিখিবলগীয়া হোৱাটোও মোৰ বাবে এক অবিশ্বাস্য কথা।’

চলচ্চিত্ৰ প্ৰযোজক হোৱাৰ লগতে তেওঁ আছিল এগৰাকী লেখক আৰু পৰিচালকো। প্যাৰ মে কভী কভী, চাদী কে লাড্ডু, এন্থনী কৌন হ্যে আদিৰ দৰে চলচ্চিত্ৰ তেওঁ প্ৰযোজনা কৰিছিল। এগৰাকী কপীৰাইটাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰাজ কৌশলে ১৯৯৮চনত বিজ্ঞাপন প্ৰযোজনা কোম্পানী খোলে আৰু ৮০০ৰো অধিক বিজ্ঞাপন প্ৰস্তুত কৰে। ২০০৫চনত তেওঁ ‘মাই ব্ৰাডাৰ… নিখিল’ প্ৰযোজনা কৰি খ্যাতি লাভ কৰিছিল। ১৯৯৯ চনত তেওঁ মন্দিৰা বেদীক বিয়া কৰায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ