--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : অভিনেত্ৰী মন্দিৰা বেদীৰ স্বামী তথা চলচ্চিত্ৰ প্ৰযোজক ৰাজ কৌশলৰ জীৱনাৱসান। ৪৯ বছৰ বয়সত অকালতে মৃত্যু হয় ৰাজ কৌশলৰ। তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰে চলচ্চিত্ৰ নিৰ্মাতা অনিৰে। তেওঁৰ মৃত্যুৰ পাছতে বিভিন্নজন তাৰকাই শোক প্ৰকাশ কৰিছে। মন্দিৰা বেদীলৈও গভীৰ সমবেদনা প্ৰকাশ কৰিছে বিভিন্নজনে। নেহা ধুপীয়া, ৰণদ্বীপ হুডা, ৰোহিত ৰয়, অনুপম খেৰ আৰু আ ভালেমান তাৰকাই ৰাজ কৌশলৰ মৃত্যুৰ গভীৰ শোক প্ৰকাশ কৰে আৰু মন্দিৰা বেদীলৈ সমবেদনা জ্ঞাপন কৰে। আজি হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল।

নেহা ধুপীয়াই টুইটাৰত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন আলোকচিত্ৰ প্ৰকাশ কৰিছে আৰু অৱেগিকভাৱে লিখিছে, ‘ৰাজ আমি এই আলোকচিত্ৰখন বহু স্মৃতিৰ স্বাক্ষৰ হিচাপে গ্ৰহণ কৰিছিলোঁ। এইকথা বিশ্বাস কৰিব পৰা নাই যে, তুমি আমাৰ মাজত নাই। মন্দিৰা, মোৰ অতি শক্তিশালী নাৰীগৰাকী, মই শব্দহীন হৈ পৰিছোঁ। মই অন্তৰেৰে বীৰ আৰু তাৰাক স্নেহ যাচিছোঁ। এই কথাখিনি লিখিবলগীয়া হোৱাটোও মোৰ বাবে এক অবিশ্বাস্য কথা।’

চলচ্চিত্ৰ প্ৰযোজক হোৱাৰ লগতে তেওঁ আছিল এগৰাকী লেখক আৰু পৰিচালকো। প্যাৰ মে কভী কভী, চাদী কে লাড্ডু, এন্থনী কৌন হ্যে আদিৰ দৰে চলচ্চিত্ৰ তেওঁ প্ৰযোজনা কৰিছিল। এগৰাকী কপীৰাইটাৰ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ৰাজ কৌশলে ১৯৯৮চনত বিজ্ঞাপন প্ৰযোজনা কোম্পানী খোলে আৰু ৮০০ৰো অধিক বিজ্ঞাপন প্ৰস্তুত কৰে। ২০০৫চনত তেওঁ ‘মাই ব্ৰাডাৰ… নিখিল’ প্ৰযোজনা কৰি খ্যাতি লাভ কৰিছিল। ১৯৯৯ চনত তেওঁ মন্দিৰা বেদীক বিয়া কৰায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু