--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঘৰৰ মন্দিৰটোক আটাইতকৈ পৱিত্ৰ আৰু শুভ স্থান বুলি গণ্য কৰা হয়, কাৰণ মন্দিৰতে সকলো দেৱ-দেৱীৰ বাসস্থান বুলি কোৱা হয়। গতিকে নিয়মিতভাৱে ঘৰত পূজা-অৰ্চনা কৰিলে ধনাত্মক শক্তিৰ সঞ্চাৰ হয়। ইয়াৰ উপৰি ঘৰৰ পূজাস্থলী শুদ্ধ স্থান হোৱা উচিত। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পূজাৰ বাবে উত্তৰ-পূব কোণ শুদ্ধ বুলি কোৱা হৈছে। সেয়েহে এই দিশটোক ঘৰৰ আটাইতকৈ শুভ স্থান বুলি গণ্য কৰা হয়।

বাস্তুশাস্ত্ৰত ঘৰৰ মন্দিৰত কিছুমান প্ৰতীক ব্যৱহাৰ কৰাটো শুভ কৰা বুলি কোৱা হৈছে। ইয়াত আপুনি শ্ৰী, ওম, স্বস্তিক আদি প্ৰতীক তৈয়াৰ কৰিব পাৰে। এই প্ৰতীকবোৰে ঘৰৰ সদস্যসকলক মালক্ষ্মীৰ আশীৰ্বাদ প্ৰদানৰ লগতে জীৱনৰ সকলো কামতে সফলতা দিয়ে বুলি বিশ্বাস কৰা হয়। সেয়েহে ঘৰৰ মন্দিৰত শুভ চিন বনোৱাৰ উপকাৰিতা জানো আহক।

১. ঘৰৰ মন্দিৰত ওম বনোৱাৰ উপকাৰ-
বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ মন্দিৰত চন্দন বা কেশৰেৰে ওমৰ প্ৰতীক বনোৱাটো শুভ বুলি কোৱা হয়। মন্দিৰত ওমৰ প্ৰতীক বনাই জপ কৰিলে শক্তি আৰু একাগ্ৰতা বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত ঘৰৰ অশান্তি দূৰ হয়। কেশৰ আৰু চন্দনেৰে নিৰ্মিত ‘ওম’ চিহ্নই এজন ব্যক্তিক সামাজিক আৰু পাৰিবাৰিক জীৱনত চলি থকা সকলো সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰাৰ লগতে প্ৰগতিৰ বাট মুকলি কৰে।

২. স্বস্তিকা বনোৱাৰ উপকাৰ-
জ্যোতিষশাস্ত্ৰৰ মতে ঘৰৰ মন্দিৰৰ দুয়োকাষে হালধিৰে স্বস্তিকৰ প্ৰতীক বনোৱাটো শুভ বুলি কোৱা হয়। স্বস্তিকৰ প্ৰতীক বনোৱাৰ লগতে তলত ‘শুভলাভ’ লিখিব পাৰে। ইয়াৰ ফলত ঘৰৰ বাস্তু দোষ দূৰ হয় আৰু ধনাত্মক শক্তি সঞ্চাৰ হয়। স্বস্তিকৰ প্ৰতীক ৯ আঙুলি দীঘল আৰু বহল হ’ব লাগে। এই প্ৰতীকে ঘৰত হোৱা অশুভ প্ৰভাৱ ৰোধ কৰি মালক্ষ্মীৰ আশীৰ্বাদ প্ৰদান কৰে বুলি বিশ্বাস কৰা হয়।

৩. ‘শ্ৰী’ৰ প্ৰতীক বনোৱাৰ উপকাৰ-
জ্যোতিষশাস্ত্ৰত ‘শ্ৰী’ প্ৰতীকক মালক্ষ্মীৰ হিচাপে গণ্য কৰা হয়। ঘৰৰ পূজাস্থলীত সেন্দূৰ বা কেশৰেৰে এই চিহ্ন বনোৱাটো শুভজনক। ইয়াৰ দ্বাৰা এজন ব্যক্তিৰ জীৱনত সুখ-সমৃদ্ধি কঢ়িয়াই আনে। বাস্তুৰ মতে ‘শ্ৰী’ প্ৰতীক বনালে ঘৰত ধন-শস্যৰ অভাৱ নহয়। ইয়াৰ উপৰি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক মিলা-প্ৰীতি থাকে। কোৱা হয় যে পূজাৰ স্থানত ‘শ্ৰী’ৰ প্ৰতীকে মালক্ষ্মীৰ কৃপা লাভ কৰাত সহায় কৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক