--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত প্ৰতিটো দিন বিভিন্ন ঈশ্বৰৰ প্ৰতি সমৰ্পিত। প্ৰতিদিনে ঈশ্বৰৰ উপাসনা কৰাটোও প্ৰকৃতিৰ এক নিয়ম। মংগলবাৰৰ দিনটো প্ৰভু হনুমানৰ ওপৰত সমৰ্পিত হয়। ভগৱান হনুমান এজন এনে দেৱতা যি কলিযুগতো এই পৃথিৱীত বিৰাজমান হৈ আছে। ভগৱান হনুমানৰ পূজা আৰাধনা কৰিলে-মনুষ্যৰ সকলো ধৰণৰ ভয় পৰা মুক্ত হয়। 

প্ৰভু হনুমানৰ পূজা কৰিলে আত্মবিশ্বাস বৃদ্ধি হয়। বহুলোকে হনুমান চালিছাও পাঠ কৰে। হনুমান চালিছা পাঠ কৰাটো অতিকৈ লাভজনক৷ হনুমান চালিছা পাঠ কৰিলে ভক্তসকলৰ বজৰংগবলীৰ অসীম কৃপা প্রাপ্ত হয়। মংগলবাৰৰ দিনা প্ৰভু হনুমানৰ পূজা কৰিলে হনুমান প্ৰসন্ন হয় আৰু নিজৰ ভক্তসকলৰ মনোকামনা পূৰ্ণ কৰে। প্ৰভু হনুমানৰ পূজাৰ বিধি জানো আহক-

প্ৰথমে প্ৰাতঃকালত স্নান-ধ্যান কৰি ব্ৰতৰ সংকল্প ল'ব লাগে আৰু পূজাৰ যোগাৰ কৰিব লাগে।

দ্বিতীয়তে নিত্য কৰ্ম কৰি হনুমানৰ মূৰ্ত্তি বা ফটোত ৰঙা বা হালধীয়া কাপোৰ পাৰি, কাঠৰ পীৰা পাৰি নিজে শুদ্ধ বস্ত্ৰ পৰিধান কৰি আসনত বহিব লাগে।

তৃতীয়তে হনুমানৰ মূৰ্তিক স্নান কৰাব লাগে যদিহে ফটো হয় তেন্তে ফটোখন ভালদৰে চাফা কৰি লব লাগে। ইয়াৰ পাছত ধূপ-দীপ জ্বলাই পূজা আৰম্ভ কৰিব লাগে।

চতুৰ্থতে হনুমানক অনামিকা আঙুলিৰে তিলক লগাব লাগে আৰু সেন্দূৰ অৰ্পণ কৰিব লাগে। লগতে গন্ধ, চন্দন, আদি লগাব। তাৰপাছত হনুমানক মালা পিন্ধাব আৰু ফুল অর্পণ কৰিব।

পঞ্চমতে ভালদৰে পূজা কৰাৰ পাছত হনুমানক প্রসাদ নৈবেদ্য বা ভোগ অৰ্পণ কৰিব লাগে। নিমখ, জলকীয়া,আৰু তেলৰ প্ৰয়োগ এই নৈবেদ্যত কৰিব নালাগে। বুন্দিয়া লাডু হনুমানজীৰ বহুত প্ৰিয়। তেওঁক বুন্দিয়া লাডু আগবঢ়াব। বেচনৰ লাডুও দিব পাৰে।

আৰু ষষ্ঠতে, তথা শেষত হনুমানৰ আৰতি কৰিব লাগে। আৰু হনুমানৰ আৰতি কৰি নেবৈদ্যক পুনৰ হনুমানৰ সন্মুখত অৰ্পণ কৰিব লাগে আৰু সেই প্ৰসাদ সকলোৰে মাজত বিতৰণ কৰি দিব লাগে।

আৰু এইদৰেই হনুমানক আৰাধনা কৰিলে আপোনাৰ মনৰ কামনা সিদ্ধি হ’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ