--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত প্ৰতিটো দিন বিভিন্ন ঈশ্বৰৰ প্ৰতি সমৰ্পিত। প্ৰতিদিনে ঈশ্বৰৰ উপাসনা কৰাটোও প্ৰকৃতিৰ এক নিয়ম। মংগলবাৰৰ দিনটো প্ৰভু হনুমানৰ ওপৰত সমৰ্পিত হয়। ভগৱান হনুমান এজন এনে দেৱতা যি কলিযুগতো এই পৃথিৱীত বিৰাজমান হৈ আছে। ভগৱান হনুমানৰ পূজা আৰাধনা কৰিলে-মনুষ্যৰ সকলো ধৰণৰ ভয় পৰা মুক্ত হয়। 

প্ৰভু হনুমানৰ পূজা কৰিলে আত্মবিশ্বাস বৃদ্ধি হয়। বহুলোকে হনুমান চালিছাও পাঠ কৰে। হনুমান চালিছা পাঠ কৰাটো অতিকৈ লাভজনক৷ হনুমান চালিছা পাঠ কৰিলে ভক্তসকলৰ বজৰংগবলীৰ অসীম কৃপা প্রাপ্ত হয়। মংগলবাৰৰ দিনা প্ৰভু হনুমানৰ পূজা কৰিলে হনুমান প্ৰসন্ন হয় আৰু নিজৰ ভক্তসকলৰ মনোকামনা পূৰ্ণ কৰে। প্ৰভু হনুমানৰ পূজাৰ বিধি জানো আহক-

প্ৰথমে প্ৰাতঃকালত স্নান-ধ্যান কৰি ব্ৰতৰ সংকল্প ল'ব লাগে আৰু পূজাৰ যোগাৰ কৰিব লাগে।

দ্বিতীয়তে নিত্য কৰ্ম কৰি হনুমানৰ মূৰ্ত্তি বা ফটোত ৰঙা বা হালধীয়া কাপোৰ পাৰি, কাঠৰ পীৰা পাৰি নিজে শুদ্ধ বস্ত্ৰ পৰিধান কৰি আসনত বহিব লাগে।

তৃতীয়তে হনুমানৰ মূৰ্তিক স্নান কৰাব লাগে যদিহে ফটো হয় তেন্তে ফটোখন ভালদৰে চাফা কৰি লব লাগে। ইয়াৰ পাছত ধূপ-দীপ জ্বলাই পূজা আৰম্ভ কৰিব লাগে।

চতুৰ্থতে হনুমানক অনামিকা আঙুলিৰে তিলক লগাব লাগে আৰু সেন্দূৰ অৰ্পণ কৰিব লাগে। লগতে গন্ধ, চন্দন, আদি লগাব। তাৰপাছত হনুমানক মালা পিন্ধাব আৰু ফুল অর্পণ কৰিব।

পঞ্চমতে ভালদৰে পূজা কৰাৰ পাছত হনুমানক প্রসাদ নৈবেদ্য বা ভোগ অৰ্পণ কৰিব লাগে। নিমখ, জলকীয়া,আৰু তেলৰ প্ৰয়োগ এই নৈবেদ্যত কৰিব নালাগে। বুন্দিয়া লাডু হনুমানজীৰ বহুত প্ৰিয়। তেওঁক বুন্দিয়া লাডু আগবঢ়াব। বেচনৰ লাডুও দিব পাৰে।

আৰু ষষ্ঠতে, তথা শেষত হনুমানৰ আৰতি কৰিব লাগে। আৰু হনুমানৰ আৰতি কৰি নেবৈদ্যক পুনৰ হনুমানৰ সন্মুখত অৰ্পণ কৰিব লাগে আৰু সেই প্ৰসাদ সকলোৰে মাজত বিতৰণ কৰি দিব লাগে।

আৰু এইদৰেই হনুমানক আৰাধনা কৰিলে আপোনাৰ মনৰ কামনা সিদ্ধি হ’ব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন
শীঘ্ৰেই ভাৰতৰ মানচিত্ৰৰ পৰা অদৃশ্য হ'ব হিমাচল প্রদেশ
প্ৰসংগ: ডিব্ৰুগড়ৰ উত্তম গগৈৰ হত্যাকাণ্ড ; ছুপাৰি কিলাৰক ১০ লাখ টকা দি হত্যা ব্যৱসায়ীজনক...