--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও জ্বলি আছে উত্তৰ-পূৰ্বাঞ্চল৷মণিপুৰত ৮৫ দিন পূৰ্বে আৰম্ভ হোৱা অগ্নিৰ ফিৰিঙতিয়ে তচনচ কৰি পেলাইছে মণিপুৰবাসীৰ সামাজিক,ৰাজনৈতিক আৰু শৈক্ষিক অধিকাৰ৷ শেহতীয়াকৈ মণিপুৰত দুগৰাকী যুৱতীক সামূহিকভাৱে উলংগ কৰাৰ পাছত ধৰ্ষণৰ ঘটনাই ভিয়েটনাম যুদ্ধৰ সময়ত কৰা মাৰ্কিন সেনাৰ বৰ্বৰতা সদৃশ পৰিস্থিতিক পুনৰ এবাৰ বিশ্ববাসীক সোঁৱৰাই দিছে৷দেশৰ প্ৰতিটো বিৰোধী দলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৭৯ দিনৰ পাছত মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিছে৷শেহতীয়াকৈ মিজোৰামৰ মুখ্যমন্ত্ৰী তথা শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ মুৰব্বী জোৰামথাংগাই মিজোৰামৰ আইজলত হোৱা এক সমাৱেশত ভাগ লৈ বহুকেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে,জোৰামথাংগাই কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰলৈ ৰাজ্য চৰকাৰ আৰু এম এন এফ দলে ভয় নকৰে। জোৰামথাংগা কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা শৰণাৰ্থীক পিছুৱাই নিবলৈ অস্বীকাৰ কৰিছিল যিসকল লোক সামৰিক জুণ্টাই ৰাজত্ব গ্ৰহণ কৰাৰ পাছত মিজোৰামলৈ আহিছিল৷

আইজলৰ এম এন এফ দলৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি জোৰামথাংগাই কয়, ‘ভাৰতৰ ৰাজনৈতিক দলসমূহে বিজেপি নেতৃত্বাধীন এন ডি এ বা শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াৰ সৈতে মিত্ৰতা কৰিছে, আৰু এম এন এফ সেইদৰে এন ডি এৰ মিত্ৰতাৰ অংশীদাৰ। যদিও আমি এন ডি এৰ সৈতে আছো আমি এন ডি এৰ নীতি আৰু উদ্দেশ্যক অনুসৰণ নকৰো।’

মুখ্যমন্ত্ৰীয়ে কয় যে “এন ডি এৰ বৈঠকত এম এন এফৰ বাহিৰে আন কোনো দলে প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ তীব্ৰ বিৰোধিতা কৰা নাই কাৰণ ইয়াৰে অধিকাংশই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈহে আছিল।কিন্তু আমাৰ ক্ষেত্ৰত তেনে নহয়৷”

তদুপৰি এম এন এফে বিজেপিক ভয় কৰে বুলি উত্থাপন কৰা অভিযোগ খণ্ডন কৰি তেওঁ কয়, “ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ম্যানমাৰৰ পৰা অহা সকলো শৰণাৰ্থীক পিছুৱাই নিবলৈ মিজোৰাম চৰকাৰক নিৰ্দেশ দিছিল, কিন্তু ৰাজ্য চৰকাৰে নাকচ কৰিছিল।মই বিধানসভাত ঘোষণা কৰিছিলো যে আমি তেওঁলোকক (ম্যানমাৰৰ শৰণাৰ্থীক) বিতাড়িত নকৰো, বৰঞ্চ তেওঁলোকক আশ্ৰয় আৰু খাদ্য দিম। এম এন এফ আৰু বিজেপিয়ে একেলগে উন্নয়নৰ বাবে কাম কৰে, কিন্তু মিজো আৰু ধৰ্মীয় বিষয়ত নহয় আৰু তেওঁলোকে যি কয় আমি ‘জী চাহেব’ (হয় ছাহেব) বুলি কেতিয়াও নকওঁ।"

তদুপৰি জোৰামথাংগাই কয়, ‘মই কেন্দ্ৰক কৈছিলো যে ১৯৭১ চনত পশ্চিম বংগত আশ্ৰয় লোৱা পূব পাকিস্তানৰ পৰা লাখ লাখ শৰণাৰ্থীক ভাৰত চৰকাৰে যত্ন লৈছিল আৰুসেই কথাকে দোহাৰি মই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিলো।’

উল্লেখযোগ্য যে, যোৱা ৩ মে’ত মণিপুৰত জাতিগত হিংসাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে মিজোৰামত কুকি-জো-জোমি সম্প্ৰদায়ৰ লোকসকলে আশ্ৰয় ল’বলৈ আৰম্ভ কৰে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা সামৰিক অভ্যুত্থানৰ বাবে মিজোৰামত ম্যানমাৰৰ পৰা প্ৰায় ৩৫ হাজাৰ শৰণাৰ্থীক ৰখা হৈছে; বাংলাদেশৰ চিট্টগং পাহাৰীয়া অঞ্চলৰ পৰা ১০০০ৰো অধিক শৰণাৰ্থী, য'ত সেনাবাহিনীৰ দমনৰ ফলত জনজাতীয়সকলে নিজৰ গাঁও এৰি মিজোৰামত আশ্ৰয় ল'বলৈ বাধ্য হৈছে।

স্মৰ্তব্য যে, মিজোৰাম চৰকাৰে গৃহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী লালচামলিয়ানাৰ নেতৃত্বত মিজোৰামৰ মণিপুৰৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তিৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে।ইয়াৰ পূৰ্বে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ম্যানমাৰৰ পৰা পলায়ন কৰা শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ