--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও জ্বলি আছে উত্তৰ-পূৰ্বাঞ্চল৷মণিপুৰত ৮৫ দিন পূৰ্বে আৰম্ভ হোৱা অগ্নিৰ ফিৰিঙতিয়ে তচনচ কৰি পেলাইছে মণিপুৰবাসীৰ সামাজিক,ৰাজনৈতিক আৰু শৈক্ষিক অধিকাৰ৷ শেহতীয়াকৈ মণিপুৰত দুগৰাকী যুৱতীক সামূহিকভাৱে উলংগ কৰাৰ পাছত ধৰ্ষণৰ ঘটনাই ভিয়েটনাম যুদ্ধৰ সময়ত কৰা মাৰ্কিন সেনাৰ বৰ্বৰতা সদৃশ পৰিস্থিতিক পুনৰ এবাৰ বিশ্ববাসীক সোঁৱৰাই দিছে৷দেশৰ প্ৰতিটো বিৰোধী দলে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৭৯ দিনৰ পাছত মণিপুৰ সন্দৰ্ভত মন্তব্য কৰিছে৷শেহতীয়াকৈ মিজোৰামৰ মুখ্যমন্ত্ৰী তথা শাসকীয় মিজো নেচনেল ফ্ৰণ্টৰ মুৰব্বী জোৰামথাংগাই মিজোৰামৰ আইজলত হোৱা এক সমাৱেশত ভাগ লৈ বহুকেইটা তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে,জোৰামথাংগাই কয় যে কেন্দ্ৰৰ এন ডি এ চৰকাৰলৈ ৰাজ্য চৰকাৰ আৰু এম এন এফ দলে ভয় নকৰে। জোৰামথাংগা কয় যে ৰাজ্য চৰকাৰে ম্যানমাৰৰ পৰা শৰণাৰ্থীক পিছুৱাই নিবলৈ অস্বীকাৰ কৰিছিল যিসকল লোক সামৰিক জুণ্টাই ৰাজত্ব গ্ৰহণ কৰাৰ পাছত মিজোৰামলৈ আহিছিল৷

আইজলৰ এম এন এফ দলৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি জোৰামথাংগাই কয়, ‘ভাৰতৰ ৰাজনৈতিক দলসমূহে বিজেপি নেতৃত্বাধীন এন ডি এ বা শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়াৰ সৈতে মিত্ৰতা কৰিছে, আৰু এম এন এফ সেইদৰে এন ডি এৰ মিত্ৰতাৰ অংশীদাৰ। যদিও আমি এন ডি এৰ সৈতে আছো আমি এন ডি এৰ নীতি আৰু উদ্দেশ্যক অনুসৰণ নকৰো।’

মুখ্যমন্ত্ৰীয়ে কয় যে “এন ডি এৰ বৈঠকত এম এন এফৰ বাহিৰে আন কোনো দলে প্ৰস্তাৱিত ইউনিফৰ্ম চিভিল কোড (ইউচিচি)ৰ তীব্ৰ বিৰোধিতা কৰা নাই কাৰণ ইয়াৰে অধিকাংশই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ভাল সম্পৰ্ক স্থাপন কৰিবলৈহে আছিল।কিন্তু আমাৰ ক্ষেত্ৰত তেনে নহয়৷”

তদুপৰি এম এন এফে বিজেপিক ভয় কৰে বুলি উত্থাপন কৰা অভিযোগ খণ্ডন কৰি তেওঁ কয়, “ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ম্যানমাৰৰ পৰা অহা সকলো শৰণাৰ্থীক পিছুৱাই নিবলৈ মিজোৰাম চৰকাৰক নিৰ্দেশ দিছিল, কিন্তু ৰাজ্য চৰকাৰে নাকচ কৰিছিল।মই বিধানসভাত ঘোষণা কৰিছিলো যে আমি তেওঁলোকক (ম্যানমাৰৰ শৰণাৰ্থীক) বিতাড়িত নকৰো, বৰঞ্চ তেওঁলোকক আশ্ৰয় আৰু খাদ্য দিম। এম এন এফ আৰু বিজেপিয়ে একেলগে উন্নয়নৰ বাবে কাম কৰে, কিন্তু মিজো আৰু ধৰ্মীয় বিষয়ত নহয় আৰু তেওঁলোকে যি কয় আমি ‘জী চাহেব’ (হয় ছাহেব) বুলি কেতিয়াও নকওঁ।"

তদুপৰি জোৰামথাংগাই কয়, ‘মই কেন্দ্ৰক কৈছিলো যে ১৯৭১ চনত পশ্চিম বংগত আশ্ৰয় লোৱা পূব পাকিস্তানৰ পৰা লাখ লাখ শৰণাৰ্থীক ভাৰত চৰকাৰে যত্ন লৈছিল আৰুসেই কথাকে দোহাৰি মই কেন্দ্ৰীয় চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিছিলো।’

উল্লেখযোগ্য যে, যোৱা ৩ মে’ত মণিপুৰত জাতিগত হিংসাৰ ঘটনা সংঘটিত হোৱাৰ পাছতে মিজোৰামত কুকি-জো-জোমি সম্প্ৰদায়ৰ লোকসকলে আশ্ৰয় ল’বলৈ আৰম্ভ কৰে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত হোৱা সামৰিক অভ্যুত্থানৰ বাবে মিজোৰামত ম্যানমাৰৰ পৰা প্ৰায় ৩৫ হাজাৰ শৰণাৰ্থীক ৰখা হৈছে; বাংলাদেশৰ চিট্টগং পাহাৰীয়া অঞ্চলৰ পৰা ১০০০ৰো অধিক শৰণাৰ্থী, য'ত সেনাবাহিনীৰ দমনৰ ফলত জনজাতীয়সকলে নিজৰ গাঁও এৰি মিজোৰামত আশ্ৰয় ল'বলৈ বাধ্য হৈছে।

স্মৰ্তব্য যে, মিজোৰাম চৰকাৰে গৃহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী লালচামলিয়ানাৰ নেতৃত্বত মিজোৰামৰ মণিপুৰৰ আভ্যন্তৰীণভাৱে স্থানচ্যুত ব্যক্তিৰ ওপৰত এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰে।ইয়াৰ পূৰ্বে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই ম্যানমাৰৰ পৰা পলায়ন কৰা শৰণাৰ্থীসকলক আশ্ৰয় প্ৰদান কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু