--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতিক লৈ সংসদত অব্যাহত আছে অচলাৱস্থা। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সদনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত অটল বিৰোধীপক্ষ। বিৰোধীৰ প্ৰতিবাদত আজিও উত্তাল হৈ পৰিল লোকসভা আৰু ৰাজ্যসভা। 

বিৰোধীৰ প্ৰতিবাদত আজি পুনৰ স্থগিত হ’ল উভয় সদনৰ কাম-কাজ। আজি ৰাজ্যসভাত সভাপতিৰ সৈতে তীব্ৰ বাক্-বিতণ্ডাত লিপ্ত হয় আপৰ সাংসদ সঞ্জয় সিং। ইয়াৰ পাছতে বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বন কৰা হয় আপৰ সাংসদজনক। 

অস্থিৰ পৰিস্থিতিৰ মাজতে লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ সন্দৰ্ভত কৰে ঘোষণা। গৃহমন্ত্ৰীয়ে উল্লেখ কৰে মণিপুৰক লৈ সদনত আলোচনাৰ বাবে সাজু আছে চৰকাৰ। কিন্তু গৃহমন্ত্ৰীৰ এই বক্তব্যত সমূলি আশ্বস্ত নহ’ল বিৰোধী দলসমূহ। সংসদত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদানক লৈ অটল থাকে বিৰোধী দলৰ সাংসদসমূহ। 

মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বক্তব্য প্ৰদান নকৰাপৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ বিৰোধী দলসমূহৰ। মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰে লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। লোকসভাত মোদীয়ে বক্তব্য প্ৰদান কৰিলে সৰগখন খহি নপৰে বুলি তীৰ্যক মন্তব্য কৰে চৌধুৰীয়ে। মণিপুৰ প্ৰসংগত ইউৰোপ আৰু আমেৰিকাতো আলোচনা হৈছে। তেনে প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত বক্তব্য প্ৰদানৰ প্ৰয়োজন আহি পৰিছে মন্তব্য চৌধুৰীৰ। কংগ্ৰেছ সাংসদ শশী থাৰুৰেও সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবী কৰে। 

প্ৰধানমন্ত্ৰী মোদী সংসদৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে থাৰুৰে। তাৰবাবেই মণিপুৰ প্ৰসংগত মোদীৰ বক্তব্যৰ প্ৰয়োজন বুলি উল্লেখ কৰে থাৰুৰে। এইদৰেই মণিপুৰ প্ৰসংগত দিনৰ পাছত দিন সংসদত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ। সংসদত মণিপুৰ প্ৰসংগত বক্তব্য প্ৰদান নকৰাৰ স্থিতিত আকোঁৰগোজ হৈ আছে প্ৰধানমন্ত্ৰী মোদী। 

আনহাতে বিৰোধী দলসমূহেও পিছহোঁহকি নোযোৱাৰ স্থিতি লৈছে। মণিপুৰ প্ৰসংগত সংসদত বিজেপিক শ’লঠেকত পেলোৱাৰ ৰণনীতি গ্ৰহণ কৰিছে এতিয়া বিৰোধী দলসমূহে। মোদীয়ে যিমানেই বক্তব্য প্ৰদান নকৰা স্থিতিত আকোঁৰগোজ হৈ আছে সিমানেই বিৰোধীৰ পক্ষ শক্তিশালী হৈছে। সংসদত প্ৰতিবাদ সাব্যস্ত কৰি  মণিপুৰ ইছ্যুটোক ৰাষ্ট্রীয় ইছ্যু কৰিবলৈ সক্ষম হৈছে বিৰোধী দলসমূহ। যাৰবাবে বিজেপি বেকফুটলৈ যোৱা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু