--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অগ্নিগৰ্ভা মণিপুৰৰ পৰিস্থিতিক লৈ সংসদত অব্যাহত আছে অচলাৱস্থা। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সদনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত অটল বিৰোধীপক্ষ। বিৰোধীৰ প্ৰতিবাদত আজিও উত্তাল হৈ পৰিল লোকসভা আৰু ৰাজ্যসভা। 

বিৰোধীৰ প্ৰতিবাদত আজি পুনৰ স্থগিত হ’ল উভয় সদনৰ কাম-কাজ। আজি ৰাজ্যসভাত সভাপতিৰ সৈতে তীব্ৰ বাক্-বিতণ্ডাত লিপ্ত হয় আপৰ সাংসদ সঞ্জয় সিং। ইয়াৰ পাছতে বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বন কৰা হয় আপৰ সাংসদজনক। 

অস্থিৰ পৰিস্থিতিৰ মাজতে লোকসভাত গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ সন্দৰ্ভত কৰে ঘোষণা। গৃহমন্ত্ৰীয়ে উল্লেখ কৰে মণিপুৰক লৈ সদনত আলোচনাৰ বাবে সাজু আছে চৰকাৰ। কিন্তু গৃহমন্ত্ৰীৰ এই বক্তব্যত সমূলি আশ্বস্ত নহ’ল বিৰোধী দলসমূহ। সংসদত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদানক লৈ অটল থাকে বিৰোধী দলৰ সাংসদসমূহ। 

মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে বক্তব্য প্ৰদান নকৰাপৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ বিৰোধী দলসমূহৰ। মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰে লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। লোকসভাত মোদীয়ে বক্তব্য প্ৰদান কৰিলে সৰগখন খহি নপৰে বুলি তীৰ্যক মন্তব্য কৰে চৌধুৰীয়ে। মণিপুৰ প্ৰসংগত ইউৰোপ আৰু আমেৰিকাতো আলোচনা হৈছে। তেনে প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদীয়ে সংসদত বক্তব্য প্ৰদানৰ প্ৰয়োজন আহি পৰিছে মন্তব্য চৌধুৰীৰ। কংগ্ৰেছ সাংসদ শশী থাৰুৰেও সংসদত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্যৰ দাবী কৰে। 

প্ৰধানমন্ত্ৰী মোদী সংসদৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰে থাৰুৰে। তাৰবাবেই মণিপুৰ প্ৰসংগত মোদীৰ বক্তব্যৰ প্ৰয়োজন বুলি উল্লেখ কৰে থাৰুৰে। এইদৰেই মণিপুৰ প্ৰসংগত দিনৰ পাছত দিন সংসদত বিৰোধীৰ তীব্ৰ প্ৰতিবাদ। সংসদত মণিপুৰ প্ৰসংগত বক্তব্য প্ৰদান নকৰাৰ স্থিতিত আকোঁৰগোজ হৈ আছে প্ৰধানমন্ত্ৰী মোদী। 

আনহাতে বিৰোধী দলসমূহেও পিছহোঁহকি নোযোৱাৰ স্থিতি লৈছে। মণিপুৰ প্ৰসংগত সংসদত বিজেপিক শ’লঠেকত পেলোৱাৰ ৰণনীতি গ্ৰহণ কৰিছে এতিয়া বিৰোধী দলসমূহে। মোদীয়ে যিমানেই বক্তব্য প্ৰদান নকৰা স্থিতিত আকোঁৰগোজ হৈ আছে সিমানেই বিৰোধীৰ পক্ষ শক্তিশালী হৈছে। সংসদত প্ৰতিবাদ সাব্যস্ত কৰি  মণিপুৰ ইছ্যুটোক ৰাষ্ট্রীয় ইছ্যু কৰিবলৈ সক্ষম হৈছে বিৰোধী দলসমূহ। যাৰবাবে বিজেপি বেকফুটলৈ যোৱা পৰিলক্ষিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ