--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মণিপুৰত যোৱা দুদিনত কুকি নেশ্যনেল আর্মি (কে এন এ)ৰ ৭টা সন্দেহযুক্ত উগ্রপন্থীকে ধৰি ১১টা উগ্রপন্থীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে দেওবাৰে এই কথা কয়। সন্দেহযুক্ত কে এন এৰ উগ্রপন্থীকেইটাক শুকুৰবাৰে চূড়াচান্দপুৰৰ পুৰণি ধাউকুৱাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখযোগ্য যে কে এন এ উগ্রবাদী গোটে বিতর্কিত অভিযান নিষিদ্ধ চুক্তি (এছ অ' এছ) স্বাক্ষৰ কৰিছে। ইফালে, শনিবাৰে ইম্ফল ইষ্ট জিলাৰ হুইকাপ গাঁৱত চলা এটা তালাচীত মেইটেই উগ্রপন্থী গোট কাঙলেই পাক কমিউনিষ্ট পার্টি (পীপলছ ৱাৰ গ্ৰুপ)ৰ ৪জন সদস্যক গ্রেপ্তাৰ কৰা হয়। ইয়াৰ ভিতৰত দুগৰাকী মহিলাও আছে। 

উগ্রপন্থীকেইটাৰ পৰা দুটা এ কে ৰাইফল, পিষ্টল-বাৰুদ, আপত্তিজনক নথি-পত্ৰও জব্দ কৰা হয় বুলি আৰক্ষীয়ে কয়। সংঘর্ষজৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ পাছৰে পৰাই নিৰাপত্তা বাহিনীসমূহে ৰাজ্যজুৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। 

গাঁওৰক্ষী স্বেচ্ছাসেৱক বুলি দাবী কৰা লোকসকলৰ হাতত যাতে অস্ত্র-শস্ত্ৰ নাথাকে তাৰ বাবেও নিৰাপত্তা বাহিনীসমূহে অভিযান চলাই আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান