--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মণিপুৰত যোৱা দুদিনত কুকি নেশ্যনেল আর্মি (কে এন এ)ৰ ৭টা সন্দেহযুক্ত উগ্রপন্থীকে ধৰি ১১টা উগ্রপন্থীক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে দেওবাৰে এই কথা কয়। সন্দেহযুক্ত কে এন এৰ উগ্রপন্থীকেইটাক শুকুৰবাৰে চূড়াচান্দপুৰৰ পুৰণি ধাউকুৱাল অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখযোগ্য যে কে এন এ উগ্রবাদী গোটে বিতর্কিত অভিযান নিষিদ্ধ চুক্তি (এছ অ' এছ) স্বাক্ষৰ কৰিছে। ইফালে, শনিবাৰে ইম্ফল ইষ্ট জিলাৰ হুইকাপ গাঁৱত চলা এটা তালাচীত মেইটেই উগ্রপন্থী গোট কাঙলেই পাক কমিউনিষ্ট পার্টি (পীপলছ ৱাৰ গ্ৰুপ)ৰ ৪জন সদস্যক গ্রেপ্তাৰ কৰা হয়। ইয়াৰ ভিতৰত দুগৰাকী মহিলাও আছে। 

উগ্রপন্থীকেইটাৰ পৰা দুটা এ কে ৰাইফল, পিষ্টল-বাৰুদ, আপত্তিজনক নথি-পত্ৰও জব্দ কৰা হয় বুলি আৰক্ষীয়ে কয়। সংঘর্ষজৰ্জৰ মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলৱৎ হোৱাৰ পাছৰে পৰাই নিৰাপত্তা বাহিনীসমূহে ৰাজ্যজুৰি তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। 

গাঁওৰক্ষী স্বেচ্ছাসেৱক বুলি দাবী কৰা লোকসকলৰ হাতত যাতে অস্ত্র-শস্ত্ৰ নাথাকে তাৰ বাবেও নিৰাপত্তা বাহিনীসমূহে অভিযান চলাই আছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ