--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসাত্মক ঘটনা। বৃহস্পতিবাৰ আৰু বুধবাৰৰ মাজৰ নিশা সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত ৫ জন সাধাৰণ নাগৰিক আৰু তিনিজন সেনা জোৱান নিহত হৈছে।ইয়াৰ এদিন পূৰ্বে বুধবাৰে পুৱা টেংগন’পালত ‘সশস্ত্ৰ উগ্ৰপন্থী’ৰ আক্ৰমণত দুজন আৰক্ষী নিহত হোৱাৰ লগতে ছয়জন লোক আহত হয়।

দুদিনীয়া এই হিংসাত্মক ঘটনাত মুঠ ৭ জন লোকৰ মৃত্যু হৈছে।বৃহস্পতিবাৰে ৰাজ্যৰ বহু ঠাইত হিংসাত্মক বিক্ষোভ প্ৰদৰ্শন কৰা হয়। যোৱা আঠ মাহ ধৰি ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতি বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।

বৃহস্পতিবাৰে তথ্য দি মণিপুৰ আৰক্ষীয়ে লিখিছে - ‘১৮ জানুৱাৰীত বিষ্ণুপুৰ জিলাৰ নিংথৌখং খা খুনোত অচিনাকি অস্ত্ৰধাৰী দুৰ্বৃত্তই চাৰিজন সাধাৰণ নাগৰিকক হত্যা কৰিছিল।কাণ্ডৰ তদন্ত অব্যাহত আছে আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।”এই টুইটৰ কিছু সময়ৰ পাছতে মণিপুৰ আৰক্ষীয়ে কয় যে আন এজন নাগৰিকক হত্যা কৰা হৈছে।

ইয়াৰ পূৰ্বে ১৭ জানুৱাৰীৰ গভীৰ নিশা মণিপুৰ আৰক্ষীয়ে জনাইছিল যে পৰিকল্পনা অনুসৰি উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰিছিল, য’ত মণিপুৰ ৰাইফলছৰ এজন জোৱান, মণিপুৰ আৰক্ষীৰ আই আৰ বি বাহিনীৰ এজন জোৱানকে ধৰি মুঠ তিনিজন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাই৷

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই জনগোষ্ঠী আৰু জনজাতীয় কুকি-জো সম্প্ৰদায়ৰ মাজত জাতিগত হিংসা চলি আহিছে।যোৱা আঠ মাহত কমেও ২০০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ হাজাৰৰো অধিক লোক স্থানচ্যুত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক