--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত পুনৰ আৰম্ভ হৈছে হিংসাত্মক ঘটনা। বৃহস্পতিবাৰ আৰু বুধবাৰৰ মাজৰ নিশা সংঘটিত হোৱা এই হিংসাত্মক ঘটনাত ৫ জন সাধাৰণ নাগৰিক আৰু তিনিজন সেনা জোৱান নিহত হৈছে।ইয়াৰ এদিন পূৰ্বে বুধবাৰে পুৱা টেংগন’পালত ‘সশস্ত্ৰ উগ্ৰপন্থী’ৰ আক্ৰমণত দুজন আৰক্ষী নিহত হোৱাৰ লগতে ছয়জন লোক আহত হয়।

দুদিনীয়া এই হিংসাত্মক ঘটনাত মুঠ ৭ জন লোকৰ মৃত্যু হৈছে।বৃহস্পতিবাৰে ৰাজ্যৰ বহু ঠাইত হিংসাত্মক বিক্ষোভ প্ৰদৰ্শন কৰা হয়। যোৱা আঠ মাহ ধৰি ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতি বন্ধ হোৱাৰ কোনো লক্ষণ দেখা পোৱা নাই।

বৃহস্পতিবাৰে তথ্য দি মণিপুৰ আৰক্ষীয়ে লিখিছে - ‘১৮ জানুৱাৰীত বিষ্ণুপুৰ জিলাৰ নিংথৌখং খা খুনোত অচিনাকি অস্ত্ৰধাৰী দুৰ্বৃত্তই চাৰিজন সাধাৰণ নাগৰিকক হত্যা কৰিছিল।কাণ্ডৰ তদন্ত অব্যাহত আছে আৰু দোষীক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে।”এই টুইটৰ কিছু সময়ৰ পাছতে মণিপুৰ আৰক্ষীয়ে কয় যে আন এজন নাগৰিকক হত্যা কৰা হৈছে।

ইয়াৰ পূৰ্বে ১৭ জানুৱাৰীৰ গভীৰ নিশা মণিপুৰ আৰক্ষীয়ে জনাইছিল যে পৰিকল্পনা অনুসৰি উগ্ৰপন্থীয়ে নিৰাপত্তা বাহিনীক আক্ৰমণ কৰিছিল, য’ত মণিপুৰ ৰাইফলছৰ এজন জোৱান, মণিপুৰ আৰক্ষীৰ আই আৰ বি বাহিনীৰ এজন জোৱানকে ধৰি মুঠ তিনিজন নিৰাপত্তাৰক্ষীয়ে প্ৰাণ হেৰুৱাই৷

যোৱা বছৰৰ মে’ মাহৰ পৰা মণিপুৰত সংখ্যাগৰিষ্ঠ মেইটেই জনগোষ্ঠী আৰু জনজাতীয় কুকি-জো সম্প্ৰদায়ৰ মাজত জাতিগত হিংসা চলি আহিছে।যোৱা আঠ মাহত কমেও ২০০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০ হাজাৰৰো অধিক লোক স্থানচ্যুত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু